পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আহোমৰমণী।


স্বদেশৰ নিমিত্তে প্ৰাণ উৎসৰ্গ কৰি,—কেনেকৈ অসীম সাহসেৰে যুদ্ধ কৰি তাজু আৰু বঙ্গাল সেনাপতিক দুইমুনি শিলাৰ যুদ্ধত হত্য৷ কৰিলে, — আৰু অৱশেষত সেই যুদ্ধক্ষেত্ৰতে নিজেও কেনেকৈ প্ৰাণত্যাগ কৰিলে, সেইবিলাক এই কাব্যখনিত যথাসাধ্য বৰ্ণনা কৰিবলৈ চেষ্ট৷ কৰা গৈছে; কাজেই, সেইবিলাকৰ আৰু এই খিনিত পুনৰুক্তি কৰা নহ'ল।

 মূলা গাভৰু ৰণত পৰিলত, কন্‌চেঙ্গ বৰপাত্ৰ ডাঙ্গৰীয়৷ সেনাপতি হৈ, লগত ভালেমান আহোমৰ তেজী সেনা লৈ, তুৰ্ব্বকৰে সৈতে ৰণ দিবলৈ গ'ল। দিকৰাই মুখতে দুয়োদলৰ দেখাদেখি হ’ল,—আৰু তাতে দুয়োদলৰ ঘোৰতৰ ৰণ লাগিল। এইখন ৰণকে, আসামৰ ইতিহাসত “দিকৰাই মুখৰ ৰণ” বোলে। এই যুদ্ধত মুছলমানবিলাকৰ পৰাজয় হয়। কন্‌চেঙ্গ ডাঙ্গৰীয়াৰ বিক্ৰমত মুছলমানবিলাকে তিষ্ঠিব নোৱাৰি,ফিৰিঙ্গতি ওফৰা দি উফৰি পলাবলৈ ধৰিলে; আৰু ডাঙ্গৰীয়াই নিজৰ হাতৰ হেঙ্গদানেৰে তুৰ্ব্বকক কাটি দু-ডোখৰ কৰি, অৱশেষত মুছলমান-

বিলাকক কৰতোৱ৷ নৈৰ পাৰ কৰি খেদি থ'লেগৈ।

৸৵৹