এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অষ্টম সৰ্গ।
আজি, তোক, অধৰমী! কৰিম বিনাশ;
আপোন হাতেৰে আজি দিম তোক বলি॥”
“লজ্জা নাই, হে কন্চেঙ্গ?” বুলিলে তুৰ্ব্বক,—
“হে আহোম! নাই লজ্জা? কোৱা কোন মুখে
অধৰৰ্মী পাঠানক? বিধৰ্ম্মী আহোম
জগতত! কি লজ্জা! ছি!! শুনিলেও পাপ!
পূৰ্ব্ব পুৰুষৰ এৰি ধৰ্ম্ম আপোনাৰ
ল’ল৷ আহি পৰধৰ্ম্ম,—হ’লা পৰিচিত
হিন্দু নামে! (পৰ নামে! — কি ঘৃণাৰ কথা!! )
শত ধিক্ আহোমক! আহোম নামক!-
বৌদ্ধধৰ্ম্মী গুছি আজি হিন্দুসাজে সাজি
হিন্দুধৰ্ম্মী? কি অসভ্য! স্বধৰ্ম্মত থাকি
নাপায় নৰে কি মুক্তি? স্বধৰ্ম্মৰ পথ
নহয় প্ৰশস্ত নেকি? স্বধৰ্ম্মত কই
আছে কিবা প্ৰিয় আৰু? কি আশ্চৰ্য্য কথা!—
মাতৃভাষা পৰিহৰি পৰভাষী আজি!!
লজ্জা নাই, হে কন্চেঙ্গ! কোৱা তথাপিও
পাঠান অধৰ্ম্মী? ধিক্, বিধৰ্ম্মী আহোম!”
১১৯