কাৰেঙৰ লিগিৰী

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
কাৰেঙৰ লিগিৰী
লেখক জ্যোতিপ্ৰসাদ আগৰৱালা
[  ]
কাৰেঙৰ লিগিৰী

[ কাল্পনিক নাট ]


শ্ৰীজ্যোতিপ্ৰসাদ আগৰৱালা

প্ৰণীত

প্ৰথম তাঙৰণ।

গুৱাহাটী নিউ প্ৰেছৰপৰা

শ্ৰীযুত নবীনকুমাৰ আগৰৱালাৰ দ্বাৰা

প্ৰকাশিত

১৮
All rights reserved.     বেচ এটকা মাথোন

[  ]

 
গুৱাহাটী—নিউ প্ৰেছত

শ্ৰীসোণাৰাম বেজৰ দ্বাৰা ছপা কৰা হল।

 

[  ]
প্ৰণেতাৰ কথা

 এই নাটখনি আজি প্ৰায় দহ বছৰৰ আগতে লিখা। নাটকৰ সকলো চৰিত্ৰ আৰু ঘটনা কাল্পনিক। ইয়াক বিশেষকৈ অসমীয়া গঢ় দি অসমীয়া সাজ-সজ্জাৰে উলিয়াবৰ কাৰণেহে, অসমীয়া বুৰঞ্জী- মূলক নাটকৰ ঠাচত লেখা হৈছে। ৰাজমাও, বুঢ়াগোহাই, ইত্যাদি আহোমীয়া নামবোৰ এই নাটকত ৰাজমাতৃ, মন্ত্ৰী ইত্যাদিৰ অসমীয়া প্ৰতি শব্দ বুলিহে ব্যৱহাৰ কৰা হৈছে। আহোম সমাজৰ চানেকি বা আহোম চৰিত্ৰ দেখুৱা হিচাবে এই নাটক লিখা হোৱা নাই। আহোম সম্প্ৰদায়ৰ কোনো লোকে এই বিষয়ে ভুল ধাৰণা কৰে বুলিহে এই কথাষাৰি লিখা হল। এই নাটৰ “সোণৰ পালেঙত অ’ মনতৰা” গীতৰ ঠাচত শ্ৰীযুত দণ্ডীনাথ কলিতাদেৱৰ জয়মতী নাটত এটা গীত দিয়া হৈছে। এই নাটৰ সেই গীতটি কিন্তু কলিতাদেৱৰ জয়মতী ওলোৱা প্ৰায় পাঁচ বছৰ আগতে লিখা হৈছিল আৰু প্ৰচাৰো হৈছিল। সেই কাৰণে পাঠকসকলে এই গীত শ্ৰীযুত কলিতাদেৱৰ গীতৰ অনুকৰণেৰে লিখা হৈছে বুলি যেন নাভাবে। ইতি

ৰাইজৰ আশীৰ্ব্বাদ ভিখাৰী
শ্ৰীজ্যোতিপ্ৰসাদ আগৰৱালা

[  ]
ভাৱৰীয়া

সুন্দৰ কোঁৱৰ
সুদৰ্শন
 
অনঙ্গৰাম
বপুৰা
ৰাজমাও
কাঞ্চনমতী
 
শেৱালি
ৰেৱতী
সেউজী
বুঢ়াগোহায়নী
ৰুণুক
জুনুক
ঠুনুক
 
•••
•••
 
•••
•••
•••
•••
 
•••
•••
•••
•••
}
 
অসমৰ এখন ৰাজ্যৰ কোঁৱৰ
ৰাজ্যৰ মুকুতা সাউদৰ পুতেক
সুন্দৰ কোঁৱৰৰ অন্তৰঙ্গ বন্ধু।
ৰাজ্যৰ মন্ত্ৰীৰ পুতেক
সুন্দৰৰ বিশ্বাসী লিগিৰা
সুন্দৰ কোঁৱৰৰ মাক
সুন্দৰৰ কুঁৱৰী—বুঢ়াগোহাইৰ
   জীয়েক
সুন্দৰৰ হাতধৰী লিগিৰী
এজনী কাৰেঙৰ লিগিৰী
এজনী কাৰেঙৰ লিগিৰী
কাঞ্চনকুঁৱীৰৰ মাক
 
নাগিনী ছোৱালী
 

 চাওডাঙ, সৈন্য, নগাল'ৰা, নগা, মানুহ এজনী, চন্তৰী, নাৱৰীয়া ইত্যাদি।

[  ]
কাৰেঙৰ লিগিৰী
প্ৰথম অঙ্ক
প্ৰথম দৰ্শন

 [কাৰেঙ—সুন্দৰ কোঁৱৰৰ শোৱনি কোঠা। কোঠাৰ সোঁ মাজতে পাছৰ বেৰৰ দাঁতিলৈ পথালিকৈ এখন সিংহৰ মূৰ আৰু আগ ভৰিৰ ওপৰত থিয় হোৱা ঠগৰ খুৰা লগোৱা সোণখটোৱা চালপীৰা। পাছ ফালৰ বেৰত তিনিখন ডাঙৰ ডাঙৰ ৰূপৰ দাপোণ। পালেঙৰ ওপৰত বৰ ডাঙৰ সোণৰ বৰজাপি এটা তৰি থোৱা আছিল। কোঠাটোৰ বাওঁ- ফালে তিনিগছি শলিতাৰ বন্তি এটা ওপৰৰপৰা ওলমাই থোৱা আছিল। চালপীৰাৰ আগত সোঁফালে অলপ আঁতৰত এখন বৰপীৰা। তাৰ শকত শকত খুৰাবোৰত সোণ-ৰূপৰ ফুলকটা আৰু ওপৰত এখন ডাঠ দলিচা পৰা। তাত এদম হাতেলিখা পুথি। চালপীৰাৰ বাওঁফালে হাতেৰে ঢুকি পোৱাত চালপীৰাৰ সমান ওখ এখন বৰ বহল সোণৰ শৰাই। তাতো বহু পুথি। কোঠাটোৰ সোঁ আৰু বাওঁফালৰ বেৰত দুখন দুৱাৰ। দুৱাৰৰ ওপৰভাগ কলডিলৰ গঢ়ৰ, ৰূপৰ আৰু ফুল কটা, কোঠাৰ ভিতৰলৈ মেল খায়। এতিয়া দুয়োখন জপোৱা আছে। আঁৰ কাপোৰ তুলিলত সুন্দৰ কোঁৱৰক চালপীৰাৰপৰা ভৰি ওলোমাই গাৰুত আঁউজি কপালৰ গাঁঠি থোপাকৈ ওলমি থকা চাকিটোৰ ফালে থিৰ চকুৰে চাই, গালত হাত দি, কিলাকুটিৰে গাৰুত ভৰ দি বৰ চিন্তাকৈ থকা দেখা গ'ল। সুন্দৰ যদিও বয়সত ২৮ বছৰীয়া, কিন্তু মুখৰ ভাব কিছু বয়সীয়াৰ দৰে। দীঘলীয়া মুখেৰে দেখিবলৈ ধুনীয়া। গাৰ বৰণ গৌৰ। নিপোটল যদিও শকত নহয। সুন্দৰে সেইদৰে অলপ সময় থাকি ওচৰতে থকা শৰাইৰপৰা পুথিৰ পাত এটা আনি চকু ফুৰাবলৈ ধৰোতেই সোঁফালৰ দুৱাৰত কোনোবাই খুন্দিয়ায়। সুন্দৰে সাৰ নিদিয়ে। আকৌ খুন্দিয়াই আৰু মাতে “সুন্দৰ অ' সুন্দৰ, দুৱাৰ মেলচোন।" সুন্দৰ, দুৱাৰ মেচোন” এইবাৰ সুন্দৰে অলপ চক খায় আৰু দুৱাৰৰ ফালে চকু ঘূৰায়। খুন্দিওৱা বাঢ়ে আৰু আগতকৈ ডাঙৰকৈ “দুৱাৰ মেলচোন" কৰে। সুন্দৰে বৰ বিৰক্তিৰে উঠি গৈ দুৱাৰৰ ডাঙ খুলি দি তিনি খোজ পাছলৈ আহি, তীব্ৰভাৱে দুৱাৰৰ ফালে চাই থাকে। দুৱাৰ মুকলি হয়। ৰাজমাও সোমাই আহে। বয়স প্ৰায় ৫০ অৰ ওপৰ। চুলি আধাপকা। বাৰ্ধক্যৰ ছাঁ পৰিছে যদিও খোজে-কাটলে আদবয়সীয়াৰ দৰেহে। ৰাজমাৱে কিবা এটা কব খোজোতেই সুন্দৰে কয়।] [  ] সুন্দৰ—আইতা, তুমি মোৰ মূৰটো ঘোলা নকৰা মানে নেৰা নেকি? দিন নাই ৰাতি নাই সেই একেটা কথা। তোমাৰ আৰু ভাবিবলৈ কৰিবলৈ একো নোহোৱা হল নেকি?

[ বৰ বিৰক্তিৰে ৰাজমাওৰ ওচৰৰপৰা আঁতৰি গৈ বৰপীৰাত বহি পুথিবোৰ লৰাই চৰাই খংমুৱা হৈ বহি থাকে।]

ৰাজমাও—[ খং উঠে যদিও নিজকে চম্ভালি কোমল মাতেৰে ]। তইনো কেনেকৈ জানিলি মই সেই একে কথাকে—

সুন্দৰ—জানিবলৈ আৰু ভাবিব লাগিছেনে? সেই একেটি কথাৰ বাহিৰে তোমাৰ আৰু কি কথা থাকিব পাৰে? তোমাৰ আজি এই কেবছৰে চিন্তা সেইটিয়েই। কামৰ ভিতৰত মোক সেই একেটি কথাকে দিনটোত দহবাৰ শুনাই চৌধবাৰ আমনি কৰিবা।

ৰাজমাও—আজি বা আন কথাকে—

সুন্দৰ—আজি তেন্তে ভূতৰ ওপৰতে দানহ। (ৰাজমাওলৈ চাই) কিনো আকৌ ন বতৰা?

ৰাজমাও—স্বৰ্গদেৱ ঈশ্বৰ বুঢ়া হৈছে। ৰাজ্যভাৰ তোমাক দি ধৰ্ম্ম কাৰ্য্য সাধিবৰ মন।

সুন্দৰ—পিতৃৰ বোজা পুত্ৰই বব। তাতনো সুধিবৰ কি আছে?

[ ৰাজমাও কিছুপৰ মনে মনে থাকি যাব খোজে--পিছে কওঁ নকও কৈ ]

ৰাজমাও—পিছে ৰজা হৈ বহিবলৈ গলে—

সুন্দৰ—বিবাহ কৰিব লাগিব তাকে কোৱা, তাকে কোৱা।

 [ডাঙৰকৈ হাঁহে। ৰাজমাও অপ্ৰস্তুত হয়। সুদৰ্শন আৰু অনঙ্গৰাম সোমাই আহে। দুয়ো সুন্দৰৰ বয়সীয়া। সুদৰ্শন গৌৰ বৰণৰ মুখ ঘূৰণীয়া। অনঙ্গৰাম শাও বৰণীয়া আৰু দীঘলীয়া মুখৰ আৰু কুন্দত কটা গঢ়ৰ। অনঙ্গই এবাৰ সুন্দৰৰ ফালে আৰু এবাৰ ৰাজমাওৰ ফালে তীব্ৰ ভাবে চাই, তেওঁলোকৰ ভিতৰত হোৱা কথাৰ আভাস পাবলৈ যেন চেষ্টা কৰে।] [  ] অনঙ্গ— (হাঁহি) হাঁহিবৰ নো কি কথা হল মোৰ বান্ধ?

সুন্দৰ—(ডাঙৰকৈ হাঁহি) অনঙ্গ মোৰ বান্ধ তিৰোতা...বান্ধ। তিৰোতাৰ বুদ্ধি মূৰৰপৰা নোলায় পেটৰপৰাহে ওলায়। (হাঁহে)

ৰাজমাও—(সুদৰ্শনক) বাপা সুদৰ্শন, ঠিক জানিলো ইয়াৰ কিবা মূৰৰ বিকাৰ হৈছে। ইযাক শাস্ত্ৰই নুশুজে।

[ সুন্দৰে আকৌ ডাঙৰকৈ হাঁহে। এইবাৰ ৰাজমাৱে “নোৱাৰো তোৰ লগত মোৰ বোপাই” বুলি তাৰপৰা ওলায যায় ]

সুদৰ্শন—কিনো কথাত হাঁহা। মইয়ো নুবুজাকৈযে হাঁহিছো। কথাৰ গুৰিনো কত?

সুন্দৰ—এ, আমাৰ আইদেউতাৰ মূৰৰ কটুৰ মাটিত। আজি মোৰ আইয়ে ৰাজমুকুটৰ ভিতৰত কইনা এজনী লুকাই আনিছিলে মোৰ বান্ধ—ৰাজমুকুটৰ ভিতৰতে।

অনঙ্গ—(কৃত্ৰিমালিৰে) বৰ ভালৰে কথা। পিছে বান্ধই বা কি কলে?

সুন্দৰ—ৰাজকুটটো গধুৰ। তাৰেই ভাৰ দুৰ্বহ। আৰু নো আন এটা ভাৰ তাত কিয়?

[ অনঙ্গ আৰু সুদৰ্শনে হাঁহে।]

সুন্দৰ— (চিন্তাযুক্ত হৈ) বন্ধু, তোমালোকে যিয়েই কোৱা লাগে, মই আইৰ এনে প্ৰস্তাৱত মত নিদিও। বন্ধু, ইয়াৰপৰা মোক তোমালোকে উদ্ধাৰ কৰিব নোৱাৰানে?

সুদৰ্শন—মোৰ কিন্তু মত আন। বিবাহ বান্ধনিত সামাজিক আৰু শাৰীৰিক ভাবে সোমাইও তুমি মন আঁতৰত ৰাখিব পাৰা। সিযে হলে সামাজিক প্ৰথাও উলংঘ নহয়, মাতৃ আজ্ঞা আৰু প্ৰজাৰ আগ্ৰহো ৰয়। একো ক্ষতি নহয়।

সুন্দৰ—হব। তিৰোতা আৰু সোঁচৰা ব্যাধি একে বস্তু। আৰু এই [  ] সংস্পৰ্শত আহিলে সি তোমাক জুৰি লব। সেই কাৰণে মুক্তি আৰু শান্তিপ্ৰয়াসী মুনি-ঋষিসকলে, আমাৰ ধৰ্মৰ বহু শাস্ত্ৰই কামিনী কাঞ্চন ত্যাগ কৰি তাক দূৰতে বিদূৰ কৰিবলৈ কৈছে। তেওঁলোকৰ বহু গবেষণা, চিন্তা আৰু অভিজ্ঞতাৰ ফলত এনে এটা পন্থাৰ উদ্দেশ্য আমি পাইছো যে সেই পন্থা যেতিয়া মোৰ মনঃপুত হৈছে; তোমালোকে বলেৰে মোক কি আন বাটেদি নিব খুজিছা?

সুদৰ্শন—সেইবোৰ শাস্ত্ৰকাৰ আৰু মুনি-ঋষিৰ মনৰ বেমেৰুৱা অৱস্থাত সপোনত দেখা পন্থা। সেইবোৰ মাত্ৰ অলঙ্কাৰ আৰু ছন্দ শাস্ত্ৰ-সম্মত শ্লোক ছন্দৰে লিখা মিছা যুক্তিপূৰ্ণ প্ৰলাপৰ বাহিৰে আন একো নহয়।

সুন্দৰ--বেছ বেছ, বেছ কলা কিন্তু। সেই বুলি সহজে তোমাৰ যুক্তিত মই পতিয়ন যাম বুলিও নাভাবিবা। বন্ধু, তোমাৰ তৰ্কৰপৰা আমাক ৰেহাই দিব লাগে। তৰ্কৰ জালেৰে বুকৰ ভাব বন্দী নহয়। (কিছুপৰ তলকা মাৰি থাকি) নহয় নহয়, মোৰ বিবাহ নহব। মোৰে সৈতে আৰু তৰ্ক নকৰিবা। বিয়াৰ ৰভা ঘৰৰ তলেদি অগ্নিক সাক্ষী কৰি, কন্যাৰ আঁচলৰ গাঠিত হে যদি মোৰ ৰাজমুকুট আহিবৰ বাট—তেন্তে সি দূৰতে পাওক। সম্বন্ধ নথকা কথাৰে বিশেষ সম্বন্ধ পাতি তাক অছেদ অভেদ বুলি দেখুৱাব পৰা অলীকপ্ৰিয় তিৰোতাৰ ইও এটা ওজা কাৰিকৰী।

[ ৰাজমাও বৰ খঙমুৱা হৈ সোমাই আহে ]

ৰাজমাও—মোৰ তৰ্কবাগীশ পুত্ৰ—তই ইয়ালৈকে শাস্ত্ৰ পঢ়িলি। বেদ-বেদান্তই ইয়াকে কয়? পুৰাণ ভাৰতে মাতৃ আজ্ঞা লঙ্ঘন [  ] কৰিবলৈ কয়? (বৰ অধৈৰ্য হৈ) মোৰ বাপ! আজি তিনি বছৰে মাৰক তিল তিল কৈ পুৰিছ। আৰু নো কিমান দিন মোক এনে কষ্ট দিবি? তৰ্কেৰে ৰাজ্য নচলে, বুঢ়া বাপেৰ সন্তুষ্ট নহয়। জনম দিয়া মাৰৰ পেটৰ পোৰণি নুগুচে।

[ অনঙ্গ উঠি ৰাজমাওৰ ওচৰলৈ আহি। ]

অনঙ্গ—ৰাজমাও দেউতা, অধৈৰ্য্য হবৰ একো কাৰণ নেদেখো। অপেক্ষা কৰোক মাও। সুন্দৰৰ মতি-গতিৰো সালসলনি হবৰ সময় আছে। বিবাহৰ বয়সো উকলি যোৱা নাই। ইজনী কন্যাত অমত হবও পাৰে। আন কন্যা চাইচিতি সুন্দৰৰ মত সুধিলেও হব মাও। খৰ-খেদানো কিয়? শান্ত হওক।

সুন্দৰ—(ৰাজমাওক) তুমিও মোৰ যেনে মাও, মইয়ে তোমাৰ তেনে সন্তান। তুমিও নেৰা মইয়ো নেৰো। তুমি আৰু মোক আমনি নকৰিবা। মোক বিবাহৰ কাৰণে এনেকৈ আমনি কৰিলে এই কাৰেঙ ৰাজ্য এৰি দি গুচি যাম। বিয়া সুন্দৰে নকৰায়।

অনঙ্গ—বান্ধ তুমি দিনে দিনে লৰা হৈহে আহিছা—বলা ইয়াৰপৰা, আহ।

 [ এই বুলি বাহুত পৰি সুন্দৰক সোঁফালৰ দুৱাৰেদি লৈ যায়। সুদৰ্শনো পাছে পাছে যাবলৈ। ৰাজমাৱে তাত কিছুপৰ থিয় নি থাকি দীঘলকৈ হুমুনিয়াহ পেলায়। ঘূৰিপকি কোঠাটোৰ চাৰিও- ফালে চাবলৈ ধৰে। বৰশৰাইখনৰ ওচৰলৈ গৈ পুথি-পাঁজিবোৰ লুটিয়াই- পুটিয়াই চাই পুথিবোৰৰ ওপৰত বৰ বিৰক্তিৰ ভাব প্ৰকাশ কৰে।]

ৰাজমাও—এই পুথি-পাঁজিবোৰেই ইয়াৰ কোমল মতি অবাটে নিন। এইবোৰে ইয়াৰ মূৰটো ঘোলা কৰিলে।

[বাঁওফালে ছোৱালীৰ হাঁহি-খিকিন্দালি। ৰাজমাওে সেইফালে ঘূৰি খঙেৰে]

[ ১০ ]

কোন সেই কেজনী তাত? [ভিতৰৰপৰা “আমি ৰাজমাও দেউতা” ]

ৰাজমাও—অ’ শেৱালি ৰেৱতী! এইফালে আহহঁক!

 [ শেৱালি ৰেৱতী লৰাঢপৰাকৈ সোমাই আহে। শেৱালিয়ে এজোৰ কলপতীয়া গাত বগা ফুলীয়া ৰিহা-মেখেলা পিন্ধে, বয়স প্ৰায় সোতৰ ওঠৰমান। দেখিবলৈ বৰ ধুনীয়া আৰু বগা। মুখত এটা কোমল কৰুণ ভাব। ওখ, পাতল গঢ়ৰ আৰু লাহী কঁকালৰ। খোজত গাম্ভীৰ্য্য। ৰেৱতীৰ গাত ৰঙা ফুলাম ৰিহা-মেখেলা। বৰ ওখ নহয়। স্বভাৱতে লচপচী। শাওবৰণীয়া সুন্দৰী। চকুত এটা আক্ৰোহৰ আৰু বিৰক্তিৰ ভাব বৰ্ত্তমান, বয়স ২০ মান হব।] তহঁতৰ গাত কি লাগিছে। হাঁহি খিকিন্দালিত কাৰেঙ উৰাব ধৰিছ। কিনো কৰিছিলি তাত?

ৰেৱতী—( অলপ পৰ ৰৈ) মূৰ মেলাইছিলো ৰাজমাও দেউতা।

ৰাজমাও—( বিদ্ৰুপেৰে) মূৰ মেলাইছিলে মোৰ অপেচৰীহঁতে। ঘৰৰ বন- বাৰী এৰি আইদেউহঁতে দাপোণ চাই সেঁওতা ফালিছিলে। ধুন মাৰি, ধুন মাৰি, গা দেখাই গা দেখাই মোৰ লৰাটোক বলিয়া কৰিলে। (শেৱালি ৰেৱতীক তলমূৰ কৰি থকা দেখি) এতিয়া অপেচৰী আইটীহঁত—নখে মাটি লেখি থাকিব নালাগে। হাতে হাতে বন ধৰিব পায়। পুথি-পাঁজিবোৰ সিচতিকৈ কেনেকৈ থৈ গৈছে-সজাই থওঁক।

[তাৰ পাছত খঙেৰে নিজে গৈ পুথি কিছুমান থাক কৰি ]

তাৰ মূৰত কিবা যখিনী শাকিনীয়েহে বাহ লৈছে। শাস্ত্ৰ—শাস্ত্ৰ পঢ়িছে। শাস্ত্ৰ পঢ়ি অশাস্ত্ৰীয় মতৰ বৰভেটি বান্ধিছে।

 [ৰাজমাও বেগেৰে বাঁওফালেদি ওলায় যায়গৈ। শেৱালি আৰু ৰেৱতীয়ে ৰাজমাওৰ ফালে চাই থাকে। ৰাজমাও ওলাই গলত ৰেৱতীয়ে মুখখন বেকেটা কৰি গাটোৰে বিৰাগসুচক ভঙ্গি কৰি উচাট মাৰি যোৱাদি গৈ পালেঙত সিচৰতি হৈ থকা পুথিবোৰ গোটাবলৈ লাগি শেৱালিৰ ফালে ডিঙি বেকা কৰি চায়। শেৱালিয়ে তলমূৰকৈ ৰিহাৰ আঁচলটো চিকুটা-চিকুটিকৈ থকা দেখি] [ ১১ ] ৰেৱতী—বোলো শেৱালি ভনীটিৰ গাত বৰকৈ বাজিলে নেকি?

(আনফালে মুখ ঘূৰাই ) বাজিবতো।

শেৱালি—(অভিমানেৰে) তোৰ নালাগিব পাৰে। মইতো তোৰ দৰে মানুহৰ মন ভুলাবলৈ গোন্ধতেল ঘঁহি নুফুৰো নহয়।

ৰেৱতী—উ—এতিয়া মোৰ গাতহে খোপটো লাগিলগৈ? মইয়ে চাওঁ নে আন কোনোবাই, বুজোতাই বুজি কৈ গ’ল নহয়। উলুৰ লগতে মই মাজতে বগৰী পুৰিলো।

[ শেৱালি কিছুপৰ মাতিব নোৱাৰা হৈ থাকে ]

(ওঁঠত এটা দুষ্টালিৰ হাঁহিৰে) ভনীটি, বোলোঁ মাত-বোল হৰিল দেখোন? কথা গৈ গাজত লাগিল গৈ হ’বলা।

শেৱালি—তোৰহে ভিতৰি ভিতৰি তেনে মন হব পায়। মোৰ কথা কোৱাৰ ছলেৰে নিজৰ মন উবুৰিয়াই দিছ।

ৰেৱতী—উ—আমি এতিয়া কুঁৱৰীজনী হবলৈহে আশাপালি আছো। (হাঁহি) এৰা এৰা এইবাৰ কুঁৱৰী হৈ বহি শেৱালি সতিনীক চুলিত ধৰি বনবাস দিম। মোৰ গোসাই ঐ-ডেকাবুঢ়াটোলৈ তোৰ মন খালে বুলি আটাইৰে মন খাবনে? আমি কোঁৱৰ দৰা বিচাৰি ফুৰা নাই নহয়।

কাঁহীত নাখাওঁ   বাটিত নাখাওঁ
নাখাওঁ সঁফুৰাত গুৱা
মনৰ জোখাই   নাপাওঁ মানে
দেহাকো নকৰোঁ চুৱা

শেৱালি—তই মুখ ৰাখি কথা কোৱা ভাল বুজিছ।

ৰেৱতী—অ’ তোৰ বুকুত হবলা বেজাৰে খুন্দামাৰি ধৰিলেগৈ। পিছে নেচেল, যিয়েই আলচাঁ মিছা। কুঁৱৰী হ’বলৈ নোপোৱা [ ১২ ] পৰ্ব্বতত কাছকণী, সাগৰত জুই, তাক নিবিচাৰি থাকিবা শুই। কোঁৱৰে তোক অলপ মৰম কৰে দেখি হবলা বৰকৈ মুখ মেলিছ? অস্‌ অস্‌ আশাধাৰী জীৱ ঐ!

শেৱালি—অ’ সেইহে হবলা তোৰ চকু চৰহিছে!

ৰেৱতী—এৰা এৰা হয়তো। সেই ফেৰিৰ তুমিয়েই গৰাকী হোৱা। আমাৰ ভাত নোযোৱা হোৱা নাই। লাজো নালাগে কটা। ভালেটোহে ৰাজমাৱে গেজেৰ কৰে সেইষাৰ মাৰি গল।

শেৱালি—থাক থাক তেনে তয়ে ইয়াতে।

 [এই বুলি শেৱালিয়ে কন্দনামুৱা হৈ বাঁওফালেদি ওলাই যাবলৈ দুৱাৰমুখ পাওঁতেই ভিতৰৰপৰা বপুৰা আহি আগভেটি ধৰেহি। শেৱালিয়ে তাৰ পৰা আঁতৰলৈ আহি তললৈ চাই চকু মোহাৰে। বপুৰা আহি একো কথা-বতৰা নকৈ শেৱালিৰ ভৰিৰপৰা মূৰলৈকে চাই-তললৈ মূৰকৈ জুমি চকু পানী চায়। বপুৰা বয়সত যদিও মানুহটো বুঢ়া অঁহীয়া , তেনেই চুটি চাপৰ আৰু গাঠলু। মুখত বৰ ডাঢ়ি-গোফ গজা নাই। পাহ কটা চুলি। শাওবৰণীয়া। মুখখন দেখিলেই হাঁহি উঠা। নোম-টেঙৰ। আঠুমূৰীয়া চুৰিয়া আৰু কলা হাতখঁৰা গা চোলা পিন্ধা , কাণত কেৰু , ডিঙিত সৰু মাদলী। )

বপুৰা—বোলো মেঘৰ গাজনি নেমাৰোতেই দেখোন হোৰহোৰকৈ বৰষুণ?

শেৱালি— যা মোৰে সৈতে চুপতি নকৰিবি।

বপুৰা—( ধেমেলীয়া ভাবে আচৰিত হৈ ) ঔ আই টোঁৱাবকে নোৱাৰি দেখোন।

[ ৰেৱতীৰ ওচৰত গৈ ফুচফুচাই কিবা সোধে। ]

ৰেৱতী—(ভেকাহি মৰাৰ দৰে) কি ডালনো মই কবলৈ যাম। মোৰ কিহে পাইছে। যি কব লাগে সেয়ে কৈছে।

বপুৰা—কোনে কোনে? কি কলে?

ৰেৱতী—( আনফালে মুখ ঘূৰাই, পালেঙৰ কাপোৰ টনা-আজোৰা [ ১৩ ] কৰি) ৰাজমাও জানো কেঁচুৱা ছোৱালীজনী। কাৰ কেনে পাঙ—নুবুজে জানো?

বপুৰা—পাঙ? কি পাঙ? এইখনো আকৌ কি টাং বাং!

শেৱালি—[ খঙতে ৰেৱতী ওচৰলৈ আহি ] তই এনেকৈ সঁচাই মিছাই এইবোৰ কৈ নাথাকিবি। তই এনে নিলাজী বুলি—

ৰেৱতী—(উভতি) মই নিলাজী নে আন কোনোবা—

 [ এই বুলি দুয়ো দুয়োৰে ফালে খঙ ভাবত থৰ লাগি প্ৰায় চুলিয়া চুলি কৰা ভাব দেখুৱায়, তাকে দেখি বপুৰাই গা ভেঙুৰা-ভেঙুৰি কৰি ]

বপুৰা—চেংকলি নিকলি
  কাঁহী-বাটি নুধুলি
   ঠেহ পাতি নাখালি ভাত,
 সাতপুৰীয়া সেন্দুৰৰ
  যোৰ ফোট মাৰিলি
   গোন্ধ তেল ঘহিলি গাত।

[ শেৱালি-ৰেৱতীয়ে হাঁহি ৰাখিব নোৱাৰা হৈ মুখত সোপা দিয়ে ]

ৰেৱতী—যা কটা এই পাট।

বপুৰা—(কৃত্ৰিম ক্ৰোধেৰে ) ওঁ কি কলি? কি কলি? মই লিগিৰি বৰাক ‘এই পাট’ বুলিলি? বৰ সাহ পালি দেখোন? অ’ [ চকু টেলেকা কৰি তাইৰ ভৰিৰ পৰা মূৰলৈকে চায় আৰু নাকেৰে মাতি ] এই ( শেৱালিলৈ আঙুলিয়াই ) কলি কঠালটোৰ এঠা উলিয়াই মই বুঢাটোকো টুকুৰিয়াই চাইছ হ’বলা? একেপাট চৰতে শালিম বুলি জনা নাই! জিভাত লেগাম লগাই কথা কবি।

 [ ৰেৱতী উচাট মাৰি ভোঁ ভোঁ কৰে তাৰপৰা ওলায় য়ায়গৈ। বপুৰাই তাই যোৱা ফালে কিছুপৰ খঙ ভাবেৰে চাই থাকি পাছত ইফালৰ পৰা সিফালে টহলি শেৱালিৰ ওচৰলৈ আহি ] [ ১৪ ] অ’ তাই বেটী কম নহয়। ( অলপ হঁহা যেন কৰি ) আন্দাজটো পিছে হওঁতে হয় দেইবা।

শেৱালি—( আচৰিত হৈ) কি হওতে হয়?

বপুৰা—[ নিজৰ অনুমানতে বিশ্বাস থাপি ] হোঁ হোঁ হো হো ৰাজমাৱে কথাটো টং কৰিছে। আটায়ে কৰিছে, পিছে তইহে “ৰিটং” কৰিছ।

শেৱালি—কি কয় অ’ এইটোৱে। ঠাৰে চিয়াৰে কোৱা কথাবোৰ মই নুবুজো ’পাই।

বপুৰা—( নিজৰ অনুমানত সন্দেহ কৰি) তোকনো ৰেৱতীয়ে কি কৈছিল?

শেৱালি—জোৰাই দিছিল।

বপুৰা—(বৰ ৰং পাই) হে হে দিবতো নিদিব কিয়? তোকে মোকে সকলোৱে ভাল যোৰ হব বুলি দেখিছে দেখিহে আকৌ।

শেৱালি—কটা লাজো নালাগে। তোৰে সতে—তোৰে হবলা?

বপুৰা—কাৰ সতে নো!

শেৱালি—( তললৈ মূৰকৈ) কোঁৱৰৰ সতেহে! ( সৰুকৈ) মি....ছাকয়ে।

বপুৰা—( অতি বিৰক্তিৰে) ক-টা ( শেৱালিৰ ভাব-ভঙ্গীলৈ সন্দেহেৰে লক্ষ্য কৰি অলপ দূৰলৈ আঁতৰি যায়—আৰু গহীন হৈ) বাৰু তাইক মই ইয়াৰ পৰতিফল দিম। বাৰু তই এতিয়া তোৰ বনত ধৰ ( বিচাৰকৰ গাম্ভীৰ্য্যৰে) বাৰু, মই ইয়াৰ শোধ কৰিম।

 [ এই বুলি বপুৰা অসন্তোষ মনেৰে , কিন্তু গহীন ভাৱে সোঁ দুৱাৰলৈ যায় আৰু উভতি উভতি শেৱালিলৈ চায়। একো উভতি কথা পাতিবলৈ শেৱালিয়ে সুবিধা দিয়া নেদেখি ওলাই গৈ দুৱাৰখন ধুম কৰে জপায় যায়, শেৱালিয়ে তাত কিছুপৰ নিমাত হৈ গুণা-গথাকৈ [ ১৫ ] থাকি লাহে লাহে পালেঙৰ ওচৰলৈ গৈ পুথিবোৰ সজাই দিহা লগাই থবলৈ ধৰে। মাজে মাজে কিবা ভাবি-গুণি ৰ লাগি ৰৈ থাকে। লাহে লাহে তাই আপোন-বিভোৰ হৈ আহে। আগতকৈ খৰ-ধৰকৈ অহা যোৱা কৰে। তাইক অলপ উত্ৰাৱল যেন দেখা যায়। হঠাৎ এবাৰ খৰকৈ গৈ দাপোণৰ ওচৰত ৰয় গৈ। মূৰৰ চুলি ভালকৈ লয়। আকৌ পালেঙ সজোৱাত লাগে। কিবা মুখৰ ভিতৰতে গুণগুণাবলৈ ধৰে। লাহে লাহে তাই কিবা সুখ-সপোনত পাগলী হোৱাৰ দৰে তাই কোঠাটোত ঘূৰি ফুৰি মাজে মাজে দাপোণ চাই, আপোন-পাহৰা হৈ নাম গাই মতলীয়া হৈ থাকে। ]

  নাম
সোণৰে পালেঙত অ’ মনেতৰা
  সোণৰে পালেঙত অ’ মনেতৰা।
ধুনীয়া কোঁৱৰৰ ঘুমটি নাহিলে
  কপাহৰে দলিচা পৰা মনেতৰা
   সোণৰে..........
চাতোনৰ দলিচা পাৰি দিম শুবলৈ অ’ মনেতৰা
বগলীৰ পাখিৰে গাৰু দিম শুবলৈ অ’ মনেতৰা
ওপৰে তৰি দিম ম’ৰাৰে পাখিৰে
  চান্দোৱা তৰাফুল বছা মনেতৰা
   সোণৰে............
পদুমৰ পাহিৰে গুঠি দিম বিচনী
  বা দিম সুৰভি ভৰা মনেতৰা
কাষতে লিগিৰী বহিনো নামে গাম
কোনোবা বিতোপন দেশৰে সাধু কম
  নিশাটো কাষতে বহি মনেতৰা
টোপনি টোপনি অ’ মনেতৰা
  আহিব টোপনি অ’ মনেতৰা।

[ ১৬ ]
দ্বিতীয় দৰ্শন

 [ৰাজ আলি বাট। দুয়ো কাষৰ ওখ ওখ পাকৰী গছবোৰে বাটটোৰ ওপৰত চালি ধৰি, হাবিতলীয়া বাট যেন কৰি থৈছিল। পাতৰ মাজে মাজে জোনৰ পোহৰ আহিছিল। গাত খনীয়া এখন সৈ মূৰত আধাসোলোকা পাগ এটাৰে, সুদৰ্শনক বেগাবেগিকৈ অহা দেখা পালে। পাছৰ পৰা বপুৰা ফোপাই-জোপাই লৰি আহি “ৰব মোৰ ঈশ্বৰ” বুলি ৰৈ ফোপাবলৈ ধৰে। সুদৰ্শন উভতি—]

সুদৰ্শন—(আচৰিত হৈ) বপুৰা দেখোন কি হল?

বপুৰা—(ফোপাই) আপোনাক লগ পাবলৈ—উস্—অ-ফো-অ-ফো চেকুৰি আহিছো নহয়। (কিছু শান্ত হয়)

সুদৰ্শন—কি হল বা?

বপুৰা—(বৰ কিবা গূঢ়তত্ব আবিষ্কাৰৰ আনন্দ আৰু উৎসাহেৰে) আজি সোপাই ধৰা পৰিল নহয়। কোঁৱৰে বিয়া নকৰোৱাৰ লেঠাটো কোনখিনিত আজি বপুৰাৰ তেনেয়ে হৃদয়ঙ্গম হল।

সুদৰ্শন—(উৎসুক আৰু কৌতুহলী হৈ ) কেনেকৈ?

বপুৰা—এঃ কটা কবলৈকো লাজ লাগে। নকলেও বেয়া। (কিছুপৰ টলকা মাৰি) বুজিছে সাউদৰ পুতেক দেউতা, কোঁৱৰে বিয়া নকৰোৱাৰ কাৰণটো ঘৰতে। মিছাকৈয়ে আপোনালোকে পুথি-পাঁজিবোৰ চলাথ কৰিছে। তাইক মই এতিয়াহে চিনি পালো।

সুদৰ্শন—কাক অ কাক?

বপুৰা—তাই বেটীৰ নিশাটো কাষতে থাকি বহি বহি নাম গাই থাকিবৰ মন—

সুদৰ্শন—কাৰ অ কাৰ? [ ১৭ ] বপুৰা— এ পদুমৰ পাহিৰে হেনো বিচনী এখন গোঁঠে।

সুদৰ্শন— কোনে?

বপুৰা— কি কম সাউদৰ পুতেক দেউতা বুকুৰ সোণে।

সুদৰ্শন— খপৰাই নকৱ কিয়?

বপুৰা— দীঘল আলিবাটটো নো কেনেকৈ খপৰাই চমু কৰো মোৰ গোঁসাই! তাই ভিতৰি ভিতৰি এনেকৈ সিন্ধি দিছে বুলিনো কোনে ক’ব পাৰিব।

সুদৰ্শন— এঃ তই নকৱ যদি মই যাওঁ।

বপুৰা—এ শুনক, কথাটো হৈছে এই—বোলেনে—উস্ উস্ উস্।

সুদৰ্শন— (অলপ গমি) কোনে শেৱালিয়ে, নহয়নে?

বপুৰা— মই ইমান দিনৰেপৰা যিটো থিৰাংকৈ আহিছিলো, সিয়েই ঠিক?

সুদৰ্শন— কি ঠিক?

বপুৰা— আপুনি যে সৰবজান।

সুদৰ্শন— তাই বাৰু তেনে কেতিয়া কৰিছিলে?

বপুৰা— এই এতিয়া। মই এতিয়া তাৰেপৰাহে আহিছো আকৌ। ৰেৱতীৰে সতে তাই চুপতা-চুপতিকৈ আছিল—কোঁৱৰৰে কথা পাতি। এই বেটী ৰেৱতীয়ে কথাবোৰ জানে হ’বলা দেই। পিছে ৰেৱতীক মই কিবা এটা কওঁতেই তাই ভোঁ ভোঁ কৰে গুচি গ’ল। ময়ো বাপেকে এই বনবোৰ দিহা লগাই কৰে নে নকৰে চাওঁ বুলি মনে মনে চোৰাংকৈ চাই আছিলো। পিছে উ আই—ক’ত খাওঁ ক’ত যাওঁ কাছকণী বিচাৰি পৰ্ব্বত বগাও দেখোন।

সুদৰ্শন— (কঠোৰতা আৰু ককৰ্থনাৰে) এই দেখ বপুৰা, তই মিছাকৈয়ে মনতে এইবোৰ কথা ভাবিছ। তাই তেনেকুৱা [ ১৮ ] নাম এটা গালে বুলিয়েই তই তেনে কথা ভবা ভাল হোৱা নাই। সাৱধান—মোৰ আগত যি তই এনে কথা ক’লি আৰু কাৰো আগত ন’কবি, বুজিছ?

বপুৰা— ইস্ ইস্ কেলেই আনক কম। মোৰ মনৰ খুকুৰি আপোনাক নোকোৱাকৈও বেয়া নহয়। মোৰ মনেৰে এইটো হলে ঠিক আপুনি যিয়েই বোলক লাগে। কোঁৱৰে সেই কাৰণেহে বিয়া নকৰায়। মই ঠিক জানিলো। তাইক কাৰেঙত থলে কোঁৱৰৰ বিয়াখন হাতীকণীৰ ভিতৰত। অজগৰে হৰিণাক মেৰিওৱাদি তাই কোঁৱৰক মেৰিয়াই চেপি চেপি জোল পিব লাগিছে। তাৰ দৰব আছে সাউদৰ পুতেক দেউতা—তাৰ দৰব আছে। (জ্ঞানী ভাবেৰে মূৰ দুপিয়াই)

সুদৰ্শন— কি দৰব?

বপুৰা— আছে আছে। সেই দৰবপালি দিলে কোঁৱৰৰ বিকাৰো যাব আৰু নবোৱাৰী আহি একেচাটেই কাৰেঙৰ বৰ ভেটি গচকিব।

সুদৰ্শন— কচোন বাৰু কি?

বপুৰা— আছে আছে।

সুদৰ্শন— কচোন?

বপুৰা— (কিছুপৰ কেৰো-ঘেঁহোকৈ থাকি) হেঃ সাউদৰ পুতেক দেউতা, হেঃ এই বপুৰাৰ লগত তাইৰ ৰাহি-যোৰা আমাৰ তিনি পুৰুষ আগৰেপৰা মিলি আছে—হে হৰি—হে হৰি—

[ বপুৰাই উদ্বিগ্ন হৈ সুদৰ্শনৰ মুখলৈ চাই থাকে ]

সুদৰ্শন— (হাঁহি) বাৰু বুজিছো বপুৰা, এতিয়া ৰাতি হ’ল যা। কিন্তু তোৰ এইবোৰ সন্দেহ তেনেয়ে অমূলক। মোৰ কথা মনত ৰাখিবি। এইবোৰৰ বিষয়ে দুনাই কথা পতা শুনিলে কিন্তু তোৰ বেয়া হ’ব। [ ১৯ ] বপুৰা— হৰি হৰি—তেনে কথা কয়নে গছৰ মূঢ়া এটাৰ আগতো নকও নহয়। হৰি হৰি।

সুদৰ্শন— এৰা নক’বি।

[ ওলাই যায় গৈ ]

বপুৰা— (বহুপৰ গুণি-গাথি থাকি বেজাৰমুৱা হৈ লাহে লাহে যায় গৈ)

 

ইয়াকে বোলে—
  ভেলেকা বহুৱা থাকিল চায়
  থোলোকা বাপুৱে সুপুৰ সুপুৰ খায়।


তৃতীয় দৰ্শন

 [আগ নিশা। বুঢ়াগোহাঁইৰ টোল। বুঢ়াগোহাঁইৰ একেজনী জীয়েক কাঞ্চনমতী আইদেউৰ তাঁত-সূতা বোৱা পাছফালৰ ঘৰ এটাৰ এটা খোঁটালি। কোঠাটোৰ সোঁফালে এখন জাপ-দুৱাৰ। মাজৰ বেৰৰ সোঁ মাজেদি দীঘে-পথালিয়ে দুহাত জালিকটা। তাৰ ওপৰত হেঙুল-হাইতাল বোলোৱা দাঙি থোৱা জাপ। কোঠাটোৰ বাঁও চুকত বেৰৰ দাঁতিত দলিচা এখন পাৰি কাঞ্চনমতীয়ে যঁতৰ এটাত মহুৰা ফুৰাই আছে। বয়স ওঠৰ-ঊনৈশ। ভকভকীয়া বগা আৰু দেখিবলৈ অতিকৈ শুৱনি। গাত গোসাঁনীৰ গাম্ভীৰ্য। চকু পদুমৰ পাহি যেন। তেওঁৰ গাত পদ্মিনী তিৰোতাৰ সকলো লক্ষণ বৰ্তমান। তেওঁৰ ওচৰতে বেৰত কিছুমান মুগাসূতা আৰু কপাহৰ সূতাৰ উঘা আঁউজাই থোৱা আছে। চেৰেকী-লেটাই ইত্যাদি কিছুমানো তাত দেখা গৈছে। এটাৰ৭পৰ গছাত তিনি গছি শলিতা লগোৱা আছে। ওচৰতে হেঙুল-হাইতাল বোলোৱা ঠগিত এখন পুথি। আগত তামোল-পাণৰ বঁটা। খোঁটালিৰ ওপৰত এখন বগা তৰাফুলিয়া ৰঙা চান্দোৱা তৰা আছে। খোঁটালিৰ বেৰবোৰ পৰ্বতীয়া ঢেঁকীয়াৰ, পিতলৰ চকচকীয়া কামিৰে বন্ধা। বেৰৰ মুঠাবোৰ হাইতালেৰে বোলোৱা আৰু চিত্ৰ-বিচিত্ৰ কৰা। কাঞ্চনমতীয়ে তললৈ মূৰ কৰি একান্ত মনেৰে মহুৰা ফুৰাই আছে। [ ২০ ] সোঁফালৰ দুৱাৰখন লাহেকৈ মুকলি কৰি আদ-বয়সীয়া তিৰোতা এজনী সোমাই আহে। তাই কোঠাটোৰ চাৰিওফালে চাই চোৰৰ দৰে আহি কাঞ্চনমতীৰ কিছু ওচৰ পায়হি। কাঞ্চনমতীয়ে মূৰ দাঙি চাই আকৌ মহুৱা ফুৰোৱাত মনযোগ দিয়ে। মানুহজনীয়ে আহি কুঁৱৰীৰ বাওফালে অলপ দূৰত মাটিত লেপেটা কাঢি বহেহি। কাঞ্চনমতীয়ে মূৰ দাঙি প্ৰশ্নসূচক দৃষ্টিৰে মানুহজনীৰ ফালে চায়। তাই কিবা এটা ক’ব খুজি কোঠাটোৰ চালে-বেৰে এবাৰ টকু ফুৰাই হোহোকা মাৰি কাঞ্চনৰ ওচৰ চাপি আহি সৰুকৈ।]

মানুহজনী— আইদেউ, অনঙ্গ বোপা দেউতাই আপোনাক এবাৰ নিৰলে লগ পাব খোজে।

কাঞ্চনমতী— (বৰ আচৰিত হৈ) কিয়? কিয়? ইমান নিশা?

মানুহজনী— জানো বোলে বৰ জৰুলি কথা আছে।

কাঞ্চনমতী— বাই—(বুলি অলপ পৰ তলকা মাৰি থাকে ) বাই, মই এনে নিশা লগ দিব নোৱাৰো বুলি কোৱাগৈ।

মানুহজনী— পাবই লাগে বুলি কৈছে আকৌ।

কাঞ্চনমতী— নহয় যোৱা (দীঘলকৈ হুমুনিয়াহ পেলাই) লগ পালেনো হ’ব কি? নহয় বাই , যোৱা কোৱাগৈ বোলে লগ নাপায়। ভাইগে সাজি দিয়া ঘৰটোৰ বৰ খুঁটা মানুহে লৰাবলৈ টান। সি কষ্ট বঢায়, খুঁটা উভাল নাখায়।

মানুহজনী—পিছে আইদেউ, তেখেতে মনত বৰ বেজাৰ পাব নহয়।

কাঞ্চনমতী— মুনিহ মানুহ বেজাৰ সহিব পাৰিব লাগে।

[ মানুহজনীয়ে কাঞ্চনমতীক অলৰ-অচৰ দেখি আৰু আমনি নকৰি যাবলৈ থিয় হয় ]

মানুহজনী— লগ তেনে দিব নোৱাৰিব আৰু?

 [কাঞ্চনে অসন্মতিসূচক মূৰ জোকাৰি মহুৰা ফুৰাবলৈ ধৰে। মহুৰাটোলৈ একেথৰে চাই, যন্ত্ৰই চোলৱাদি যঁতৰ চলায়। কাঞ্চনমতীয়ে তন্ময় হৈ মহুৰা ফুৰাই থাকোতেই অনঙ্গৰাম বৰ উদ্বিগ্ন হৈ নিঃশব্দে দুৱাৰখন লাহে লাহে মেলি হাতত সাৰে ভৰিত সাৰে সোমাই আহি থিয় হয়। তেওঁক উত্তেজিত দেখা গৈছিল।] [ ২১ ] অনঙ্গৰাম— (গহীনকৈ সৰু মাতেৰে ) কাঞ্চন—তুমি—[ কাঞ্চনমতীয়ে উচপ খাই উঠে—যঁতৰৰ পৰা হাত এৰাই—বৰ সন্ত্ৰষ্ট হৈ অনঙ্গৰ ফালে হতভিম্ব হৈ চাই থাকে ] মোক লগ পাব নোখোজা। কিন্তু মোৰ লগ পোৱাৰ আৱশ্যক হৈছে। এনেকৈ অহাৰ বাবে ক্ষমা কৰিবা।

কাঞ্চনমতী— (কঁপা মাতেৰে) আপুনি কি কৰিব খুজিছে? এনেকৈ— এনে সময়ত? মানুহে মোক ব্যভিচাৰিণী বুলিব।

অনঙ্গৰাম— (শিলকঠুৱা হৈ) মানুহে একো মিছা কথা নকব।

কাঞ্চনমতী— তাৰ অৰ্থ?

অনঙ্গ— ফটফটীয়া।

কাঞ্চনমতী— আপোনাৰ মনতো।

অনঙ্গ—নিঃসন্দেহে।

কাঞ্চনমতী— ব্যভিচাৰিণীৰে সতে আপোনাৰ প্ৰয়োজন বা কি?

অনঙ্গ— আছে।

কাঞ্চনমতী— কি?

অনঙ্গ— তাকে তোমাক হ’বলৈ নিদিয়া।

কাঞ্চনমতী— সিতো অতি সহজ।

অনঙ্গ— অতি সহজ?

কাঞ্চনমতী— এৰা আপুনিয়েই বুলিছে—আপুনি নহয় বুলিলেই নহ’লো।

অনঙ্গ— বাক্যৰ চাতুৰি নেখেলিবা। তাৰ সময় নহয়। তোমাক মই বুজি পালো। কাঞ্চনমতী, তুমি মোৰ ইমান আন্তৰিক চেনেহ এইদৰে তলসৰা শুকান পাত গচকাদি গচকি নাযাবা বুলি ভাবিছিলো। তুমি মোৰ সকলো সপোন ভাঙিলা।

কাঞ্চনমতী— (ৰূঢ় ভাৱে) কাৰো সপোন কোনেও ভাঙিব নোৱাৰে। সপোন নফলিয়াইহে। [ ২২ ] অনঙ্গৰাম— [অন্তৰে অন্তৰে জ্বলি উঠে আৰু কিছু একো ক’ব নোৱাৰি ঘামি-যামি একাকাৰ হয় ] তুমি মিছলীয়া—মিছলীয়া।

কাঞ্চনমতী— মই একো মিছা কোৱা নাই-আগলৈকো নকওঁ।

অনঙ্গৰাম— নোকোৱা? নোকোৱা? মোক ভাল পাওঁ বুলি কোৱা নাছিলা?

কাঞ্চনমতী— (অতি ধীৰভাৱে) কৈছিলো আৰু সঁচা কথাই কৈছিলো।

অনঙ্গৰাম— যদি সঁচাই তেন্তে খন্তেকতে সি কেনেকৈ নাইকিয়া হ’ল।

কাঞ্চনমতী— (অলপো বিচলিত নহৈ) আছে।

অনঙ্গৰাম— (উত্তৰত আচৰিত হৈ) আছে?? আছে??? এতিয়াও! কোন মুখেৰে কৈছা। তোমাৰ কথাত এতিয়াও মোক পতিয়ন যাবলৈ তুমি আশা কৰানে? তিৰোতাই, সঁচাকৈয়ে মুনিহবোৰক ভুৱা দিব পাৰে বুলি বিশ্বাস কৰে হবলা।

কাঞ্চনমতী— নিদিয়ে আৰু নকৰেও।

অনঙ্গৰাম— (উত্তেজিত হৈ কেইখোজমান আগবাঢ়ি) নাই নাই আৰু নকবা। মই আৰু সৰু লৰাটিৰ দৰে তোমাৰ কথা কাণ পাতি শুনি বিভোল হোৱা দিন গ’ল। তোমাৰ চেনেহত মোৰ আশা নাই , কিন্তু শেষ কথা কেইটামান ক’বলৈ আহিলো মাথোন। বাৰু যদি তুমি মোক ভাল পোৱা তেন্তে মোক বিয়া নকৰোৱা কিয়?

কাঞ্চনমতী— আমাৰ দেশৰ ছোৱালীয়ে যাকে ইচ্ছা অৱশ্যে তাকে ভাল পাব পাৰে , কিন্তু যাকে ইচ্ছা তাকে বিয়া কৰাব নোৱাৰে। চৰুক সুধি চাউল নবহায়।

অনঙ্গৰাম— ইচ্ছা কৰিলেও নোৱাৰেনে?

কাঞ্চনমতী— বিয়াৰ বিষয়ে আমি ছোৱালীয়ে আই-বোপাইৰ ইচ্ছাৰ ভিতৰেদিহে ইচ্ছা কৰিব পাৰো। নিজৰ ইচ্ছাৰে বিয়া কৰিবলৈ [ ২৩ ] গলে সি বিয়া নহৈ বেমেজালিও হোৱাৰ সম্ভৱ। এই কথা আপুনি জানে।

অনঙ্গ— মৰমে যদি তোমাক সেই বেমেজালিত পৰিবলৈ মনত বল আৰু বুকুত সাহ নিদিয়ে, নিশ্চয় তাক সোণসেৰীয়া ভালপোৱা বুলিব নোৱাৰি। তুমি যদি সঁচাকৈয়ে মোক ভাল পালাহেঁতেন তেন্তে সুন্দৰৰে সতে তোমাৰ বিয়া ৰোধিবলৈ নিশ্চয় চেষ্টা কৰিলোহেঁতেন।

[ কাঞ্চন কুঁৱৰীয়ে বহু পৰ অনঙ্গৰ চকুৱে চকুৱে চাই থাকে। ]

তিৰোতাৰ মন-সাগৰৰ তলিলৈ পুৰুষ কেতিয়াও নামিব নোৱাৰে –বোধকৰো তলিও নাই।

কাঞ্চনমতী— তলি নিশ্চয় আছে, তিমান তলিলৈ নামিবৰ পুৰুষৰহে বুদ্ধিৰ অভাৱ। তিৰোতাৰ মন-সাগৰৰ ঢৌত চলচলাই ফুৰা পুৰুষহে সৰহ , গভীৰ তলিলৈ বুৰিয়াই নামিব পৰা অতি বিৰল।

অনঙ্গ— বুদ্ধি নহৈ ভাল হৈছে। নামিব পাৰিলেও পণ্ডশ্ৰম আন্ধাৰ ঘোপমৰা তলিলৈ নামিলেও একো নেদেখে—বুজিব নোৱাৰে।

কাঞ্চনমতী— সুক্ষ্ম দৃষ্টিৰ বন্তি লগাই চালে দেখিব।

অনঙ্গ— হুঁ (বুলি মনে মনে থাকে)

কাঞ্চনমতী— বাৰু, আপুনি যে মোক দোষিছে আপুনি মোক ভাল পায়নে?

অনঙ্গ— অ (হাঁহি) সেই কথা নাজানিছিলা দেখিয়েই হবলা একো চেষ্টা কৰা নাই। যদি পাওঁ বোলো?

কাঞ্চনমতী— তেন্তে আপুনি সুন্দৰৰে সৈতে মোৰ বিয়া ভাঙিবলৈ কিয় চেষ্টা কৰিছে?

[অনঙ্গ মাতিব নোৱাৰা হৈ বহুপৰ ৰৈ থাকে, তাৰ পাছত দোষী ভাবেৰে]

[ ২৪ ] অনঙ্গ— কাঞ্চন, তোমাৰ কথা সঁচা। মই একো কৰা নাই। পিছে মইতো একো কৰিব নোৱাৰো।

কাঞ্চনমতী— কিয় সুন্দৰ কোঁৱৰক আপুনি কিয় হাক নিদিয়ে। তেওঁক সকলো কথা ক’লে , তেওঁ যদি আপোনাৰ প্ৰকৃত বন্ধু হয় নিশ্চয় শুনিব।

অনঙ্গ— মই তাকে কৰিলে, তোমাৰে মোৰে প্ৰণয়ৰ কথা ওলাই পৰিব।

কাঞ্চনমতী— ওলাই পৰিলে কি হ’ব?

অনঙ্গ— সমাজে কি বুলিব?

কাঞ্চনমতী— তাৰমানে আপোনাৰ সমাজলৈ ভয়। আপুনি মুনিহ মানুহ হৈ যেতিয়া সমাজলৈ ভয় কৰিছে , আমি তিৰোতা সমাজৰ আঁঠুৱা তলৰ মহ হৈ ভয় কৰিলে আপুনি কিয় আচৰিত হয়?

অনঙ্গ— তুমিতো সমাজৰ বিৰোধী কাম একো কৰিবলৈ যোৱা নাই, তুমি কোনো কাৰণ উলিয়াই সুন্দৰলৈ বিয়া নহওঁ বুলি নিশ্চয় ক’ব পাৰা।

কাঞ্চনমতী— সমাজৰ নিয়ম যে, মাক বাপেকিয়ে নিজ ইচ্ছাৰে যাক দিব জীয়েকে কোনো প্ৰতিবাদ নকৰাকৈয়ে তালৈকে যাবে লাগিব। পিতা-মাতাৰ ইচ্ছাৰ বিৰুদ্ধে বিয়া হোৱাতকৈ সমাজৰ নিয়মৰ বিৰুদ্ধে বিয়া হোৱা হ’ল।

অনঙ্গ— তেন্তে তুমি কোনো প্ৰতিবাদ কৰিব নোখোজা?

কাঞ্চনমতী— সমাজে প্ৰতিবাদ কৰিবলৈ কোনো আধিকাৰ দিয়া নাই।

অনঙ্গ—(হুমুনিয়াহ পেলাই) ওঁ বুজিলো, সোণৰ মূল্যই এই জগতত সবাতোকৈ সৰহ। সোণৰ চিকমিকনিত প্ৰণয় সুন্দৰীৰ চকুত জলক-তবক লাগে। —হু—( কিছুপৰ ৰৈ ) পোনাই কলেই হ’ল—মোক ভাল নোপোৱা বুলি। [ ২৫ ] কাঞ্চনমতী— আপোনাৰ পাটীৰ তিৰোতা নোহোৱাকৈ জানো আপোনাক মই ভাল পাব নোৱাৰো?

 [অনঙ্গই কাঞ্চনৰফালে থৰ লাগি চাই হতাশৰ হুমুনিয়াহ পেলায়। কাঞ্চনৰ আওপকীয়া কথাৰ গঢ়ত বিৰক্ত হৈ পাছলৈ খোজ দি গৈ দুৱাৰমুখত ৰয়গৈ।]

অনঙ্গ— (ভাবত গদ্ গদ্ হৈ) কাঞ্চন—সমাজৰ নিয়ম তেন্তে কেতিয়াও লঙ্ঘন নকৰিবা।

 [এই বুলি অনঙ্গ সাউৎকৰে দুৱাৰ মেলি বিজুলী যোৱাদি গুচি যায়। কাঞ্চন বহাৰপৰা উঠি দুৱাৰত ৰৈ, দুৱাৰ অলপ মেলি বহুপৰ বাহিৰলৈ চাই থাকে। তাৰ পাছত দুৱাৰ জপাই মুখত হাত দি হুক্ হুক্ কৰে কান্দিবলৈ ধৰে। বুকুত হাত দি কান্দি কান্দি মাটিত লেপেটা কাঢি বহে আৰু কান্দি কান্দি মাটিত উবুৰি খাই পৰে]

চতুৰ্থ দৰ্শন

 ৰাজ আলিবাট। দুপৰীয়া। টোমে টোমে গাখীৰ ,গুৰ , কোমল চাউল লৈ যোৰে যোৰে মানুহ যাব লাগিছে। কল, কুঁহিয়াৰ আৰু নানা বয়-বস্তু, হোৰা হোৰে কঢ়িয়াই নি থকা দেখা গৈছে। জাকে জাকে পাইকবোৰে কলগছ, বাহ ইত্যাদি নানা বস্তু লৈ আহিছে , গৈছে। তাৰ মাজে মাজে বৰা হাজৰিকা, বিষয়া এজন দুজন আহিছে গৈছে। এখন দোলাত এজন ডাঙৰীয়া আৰোৱানৰ আঁৰ হৈ সেই বাটেদি যায়।

পঞ্চম দৰ্শন

 [কাৰেঙৰ সুন্দৰৰ কোঠা (প্ৰথম দৰ্শনৰ) ৰাতি। সুন্দৰ চালপীৰাত বহি আছে। ৰাজমাৱে ওচৰতে চকুপানী মচি বহি আছে। ]

সুন্দৰ— আইতা, তুমি এনে অবুজ হ’লে কেনেকৈ হ’ব? সামান্য কথাৰ হকে তুমি এইদৰে নাখাই-নবই থাকিব লাগিছে কিয়? [ ২৬ ] ৰাজমাও— মৰিম, মৰিম মই নাখাই-নবই মৰিম! মোৰ পেটৰ পোৱালি হৈ তই মোক এনে লাজত পেলাব খুজিছ। আজি বাদে কাইলৈ জোৰণ পিন্ধাব লাগিব—তই এতিয়াও বিনা কাৰণত—

সুন্দৰ— কাৰণৰ কথা নক’বা। কাৰণৰ কথা তুমি কেতিয়াবা বুজিবলৈ চেষ্টা কৰিছানে?

ৰাজমাও— কি কাৰণটোনো আছে। কিছুমান অজাতৰীয়া শাস্ত্ৰ গোটাই লৈ বিৰাগী হ’ব খুজিছ।

সুন্দৰ— আইতা—

ৰাজমাও— বুজিছ সুন্দৰ, দহ মাহ গৰ্ভধৰা জননীৰ আশাত এনেকৈ কুঠাৰ মৰা ভাল নহয়। তই বংশটোৰ নাম নুমাব খুজিছ। তই মোৰ একেটা ল’ৰা। তই বিয়া নকৰালে বংশটো কেনেকৈ ৰক্ষা পৰিব? মাকক এনেকৈ কষ্ট দিয়া মহাপাপ। মোক তই মানুহৰ আগত মুখ উলিয়াব নোৱৰা কৰিব খুজিছনে? বিয়াৰ সকলো দিহা-পোহা হ’ল। বস্তু-বেহানি গোটাই-পিটাই বিয়াৰ দিন-বাৰ ঠিক-ঠিকনা কৰি ৰাইজ মতা হ'ল। এতিয়া সেইবোৰ ভেকোভাওনাহে হ’ব আৰু।

সুন্দৰ— মোৰ মত নোহোৱাকৈ তুমি—

ৰাজমাও— তোৰ মতটো কেলেই? মাইকী-বাপেকিয়ে নিজৰ কৰ্ত্তব্য কৰিবই। তোক আমিতো গড়খাৱৈত পেলাবলৈ পাঙপতা নাই নহয়। যিটো দেশ-দস্তুৰ, ভগৱন্তই বান্ধি দিয়া বিধান, তাক আমি পালিবলৈ আগবাঢ়িছোঁ মাথোন। ক’ত দেখিছা, ক’ত শুনিছা মাক-বাপেকিয়ে বিয়া দিব খোজাত লৰাই এনেদৰে বিধি-পথালি দিছে বুলি। [ ২৭ ] সুন্দৰ— ওঁ তেন্তে মোৰতো মাতিবলৈ একো নাই। তেন্তে মোকনো আৰু কিয় সুধিব-পুছিব লাগিছে?

ৰাজমাও— তই অঁকৰামতীয়া হৈছ দেখিহে আকৌ তোৰে সৈতে যুঁজ-বাগৰ কৰি আছো।

সুন্দৰ— সুধিছাই যদি আৰু মোৰ মতৰ ওপৰতেই যদি মোৰ বিয়া নিৰ্ভৰ কৰিছে তেন্তে আইতা, বিয়া ভাঙিবলৈ এতিয়াও বহু সময় আছে। এতিয়াও ৰাইজক, প্ৰজাক আৰু ডাঙৰীয়াসকলক আনভাগে বুজাই দিয়াগৈ।

 [“সুন্দৰ” এই বুলি ৰাজমাও তাৰপৰা উঠি উচাট মাৰি গুচি যায়গৈ আৰু বাওঁ দুৱাৰেদি ওলাই যায়। “আইদেউতা” বুলি সুন্দৰ পাছে পাছে যায়। সুদৰ্শন সোঁফালৰ দুৱাৰেদি সোমাই আহে।]

সুদৰ্শন— (কোঠাটোত চাই) ক’তা সুন্দৰ নাই দেখোন?

 [সুদৰ্শনে ইফাল সিফাল কৰোতেই ভিতৰৰ পৰা ৰেৱতী ভোৰভোৰাই আহি তাত ওলায়হি “কি শনি সোমাল অ’ কাৰেঙত দিনে-ৰাতিয়ে দেখোন বাক্-বিতণ্ডা নুগুচা হ’ল” সুদৰ্শনক দেখি থমকি ৰয়।]

ৰেৱতী— এ সাউদৰ পুতেক ককাইদেউ—হে, মোৰ দেউতাটি। সৌ কোঁৱৰক আইতাদেউতাৰ ওচৰৰপৰা লৈ আহোকগৈ। বলকনিৰ প্ৰতাপত এতিয়া আইচু দেউতাৰ যিকেইডাল কেঁচা চুলি আছে তাকো পকাবলৈ।

সুদৰ্শন— কিনো কৰিছে?

ৰেৱতী— আজি দিনটো কাৰেঙত কেঁৱে ভাত-পানী খাব পৰা নাই,— আইচু দেউতাৰ অৱস্থা দেখি। জানো কি শনি সোমাইছে কোঁৱৰৰ। বিয়াখননো পাতিলে কি হয়। আইচু দেউতাই আজি তিনি-চাৰি সাজ নাখাই-নবই কান্দিকাটি—[এনেতে সুন্দৰৰ মাত শুনা গ’ল] [ ২৮ ] সুন্দৰ— (ভিতৰত) মাতৃৰ মতেই মত। পুত্ৰৰ তেনে মাতিবলৈ একো নাই। [সুন্দৰ আহি সোমায়হি সুদৰ্শনলৈ নাচাই ৰেৱতীক] কি হল? তোৰ মোৰে সতে কিবা তৰ্কবাদ আছেনেকি নালাগে নালাগে—যা যা মোৰ বিয়া পাতিব! ৰজাৰপৰা প্ৰজালৈকে, ডাঙৰীয়াৰ পৰা পাইকলৈকে সকলোৱে কেৱল বিয়া-বিয়া-বিয়া।

[ৰেৱতী ওলাই যায়]

সুদৰ্শন— (বৰ গহীন হৈ) মোৰ বিবেচনা মতে সুন্দৰ তুমি বিয়া কৰোৱা। জন্ম, মৃত্যু আৰু বিবাহ-ই বিধাতাৰ নিবন্ধন।

সুন্দৰ— তুমিও—তুমিও—(এইবুলি সুন্দৰ হতাশ হোৱাৰ দৰে আহি বৰপীৰাত বহে) তেন্তে বন্ধু বুজিলো বিধাতাৰ শিলৰ ৰেখা মই আঙুলিৰে মচিব খুজিছো। (বহুপৰ ৰৈ থাকি) সুদৰ্শন—তুমিও—তাকে কোৱা।

সুদৰ্শন— এৰা বন্ধু—মই কওঁ তুমি বিবাহত সন্মতি দিয়া।

সুন্দৰ— হৃদয়ৰ দেৱতাৰ বেদীৰ ওচৰতে তোমাৰ ঠাই—তুমিও জানা। নাজানানে বন্ধু— ৰুদ্ধ মোৰ প্ৰাণৰ দুৱাৰ, তিৰোতাৰ প্ৰৱেশৰ তাত নাই অধিকাৰ?

সুদৰ্শন— (আৰু গহীন হৈ) অধিকাৰ দান কৰা।

সুন্দৰ— অসমৰ্থ।

সুদৰ্শন— নিজৰ সত নাযাই আনে কৰক।

সুন্দৰ— মই জানি, চকুৰ আগতে দেখি, হাত সাবটি—

সুদৰ্শন— সময় বিশেষে অৱশ্যে।

সুন্দৰ— বন্ধু—তোমাৰ মতৰ বিচিত্ৰতা আছে বুলি মই স্বীকাৰ নকৰি নোৱাৰো। তুমি তেন্তে জানিও ভুল কৰিবলৈ কোৱা। ইচ্ছাকৃত ভুল! [ ২৯ ] সুদৰ্শন— ইচ্ছাকৃত ভুলতো আনন্দ আছে। তুমি উচ্চাৰণ কৰা “ইচ্ছাকৃত ভুল” শব্দটোৰ ঠাইত মই “ত্যাগ” শব্দটো বহুৱালে কোনেও মোক ভুল ধৰিব নোৱাৰিব। তোমাৰ বৈৰাগ্য পন্থা মাতৃৰ সন্তুষ্টিৰ কাৰণে ত্যাগ কৰা।

[বহুপৰ সুন্দৰ নমতাকৈ থাকি হঠাৎ চঞ্চল হৈ]

তেন্তে সেয়ে হোক—সেয়ে হোক। ত্যাগৰ ৰথত উঠি স্বাৰ্থই দ্বিগ্বিজয় কৰোক।

[শেৱালি সোমায় আহে]

শেৱালি— সাউদৰ পুতেকৰ ককাইদেউক ৰাজমাও দেউতাই বিচাৰিছে।

সুদৰ্শন— বাৰু—(সুন্দৰৰ ফালে চাই ) তেন্তে, সুন্দৰ—

সুন্দৰ— তেন্তে আৰু কি বান্ধ। মোক কি সুধিছা। যোৱা বান্ধ সুদৰ্শন—যোৱা যি ইচ্ছা তাকে কৰা—আয়ে যি ইচ্ছা তাকে কৰক। দেশ—দস্তুৰ কাৰো মতৰ কাৰণে—কোনো যুক্তি-তৰ্কৰ কাৰণে কাৰো আপত্তি-বিপত্তিৰ কাৰমে অপেক্ষা নকৰে। আইৰ সন্তুষ্টি হওক, প্ৰজাৰ সন্তুষ্টি হওক।

[ সুদৰ্শন তললৈ মূৰ কৰি থাকে, সোফালৰ পৰা অনঙ্গ সোমাই আহি ]

অনঙ্গ— বন্ধু!

সুন্দৰ— তুমি আৰু মোক একো ক’ব নালাগে-আৰু আৱশ্যক নাই।

অনঙ্গ— কি?

সুন্দৰ— তুমিও তাকেইহে ক’বা। তোমালোকে বন্ধু হৈ মোক নুবুজিলা। মোৰ মনৰ ৰাজ্যত মই ইমান অকলশৰীয়া—তুমি শুনি সুখী হ’বা—সুদৰ্শনে আইৰ ওচৰলৈ মোৰ বিবাহৰ মত লৈ গৈছে।

অনঙ্গ— (বৰ বিচলিত হৈ) তুমি মত দিলা সুন্দৰ তেন্তে সঁচাকৈ।

সুন্দৰ—( বৰ কৰ্কশভাৱে ) মত লৈ গৈছে। [ ৩০ ] অনঙ্গ— তেন্তে তোমাৰ মত নোহোৱাকৈ বলেৰে তেওঁ ক’বলৈ গৈছেনেকি? তেন্তে?

সুন্দৰ— একো নাই—সন্তুষ্টি সকলোৰে সন্তুষ্টি হওক, কেৱল মোৰ হৃদয়ত ঠাই দিব নোৱাৰা এটা বস্তু লৈ গোটেই জীৱন জ্বলি পুৰি মৰো।

অনঙ্গ— নহয় নহয়—সুদৰ্শনে এইটো মহা ভুল কৰিছে। সঁচাকৈয়ে যদি তোমাৰ মত নাই তেন্তে কিয়? কিয়? ৰবা বাৰু মই যাওঁ। ( বুলি—অনঙ্গ বেগেৰে যাব খোজোতেই বাওঁফালৰ দুৱাৰেদি সুন্দৰে যাবলৈ হাক দি ৰখাই )

সুন্দৰ— বান্ধ, হ’ব মোৰ বিয়া হ’ব। বন্ধু, জন্ম, মৃত্যু আৰু বিবাহ বোলে অনিবাৰ্য্য—সি বোলে হ’বই। বন্ধু, হ’বলগীয়া তেন্তে হৈ যাওক—সংসাৰ তাৰ আপোন ইচ্ছা বুলি যাওঁক। সংসাৰৰ ৰীতি, সমাজৰ নিয়ম বোপা-ককাৰ সহজ, গুৰুজনৰ আজ্ঞা , আইৰ হেঁপাহ, প্ৰজাৰ আগ্ৰহ সকলো ৰওক—মাথো মই সকলোৰে গচকত মষিমূৰ হৈ যাওঁ। প্ৰাণৰ অগনিত মনৰ শান্তি , জীৱন ভস্ম হৈ ছাই হৈ-ধূলি হৈ উৰি যাওক—কেৱল আগ্ৰহ থাওক—হেঁপাহ থাওক, সমাজৰ নীতি , সমাজৰ ৰীতি থাওক আৰু মোৰ বাহিৰে গোটেই সংসাৰ সন্তুষ্টি হওক।

[ ৩১ ]
দ্বিতীয় অঙ্ক
প্ৰথম দৰ্শন

 [সুন্দৰৰ কাৰেঙত কাঞ্চন কুঁৱৰীৰ শোৱনি কোঠা। শেৱালিয়ে হাতত এটা কুকী আনি এখন শৰাইত সজাই থয়। আন বন কৰে। মাজে মাজে চকু পানী মচে। এনেতে সেউজী লিগিৰি সোমাই আহে। তাইৰ মুখখন ঘূৰণীয়া আহোম গঢ়ী , বগা , দেখিবলৈ সুন্দৰী নহয় যদিও মৰম লগা। গাঠলু আৰু নিপোটল। মুখত উদাৰ হাঁহিসনা।]

সেউজী— এ শেৱালি বাইটি তই ইয়াতে আছ।

[শেৱালিয়ে উচপ খায় আৰু লৰালৰিকৈ চকু মচে]

বাইটি অ’ তই দেখোন চকু মোহাৰিছ—কিবা সোমাল নেকি? চাওঁ চাওঁ।

[ওচৰ চাপি আহি চকুলৈ চাই]

এ কান্দিছহে হবলা। আঐ দেহি কিনো হ’ল বাইটি। ৰেৱতীয়ে কিবা ক’লেনেকি?

[শেৱালিয়ে হুক হুক কৰে কান্দে, সেউজীয়ে সাবট মাৰি ধৰি]

কেলৈনো কান্দিছ বাইটি! কচোন বাইটি কি হ’ল?

[শেৱালি অলপ ৰৈ]

শেৱালি— সেউজী, মইনো বাৰু ৰেৱতীক কি কৰিলো—তাই যে মোক দুই চকুৰে দেখিব নোৱাৰে। সঁচাই-মিছাই মোৰ কথাবোৰ ৰাজমাও দেউতাক টুটকীয়া লগাই থাকে।

সেউজী— (সহানুভূতিৰে) তাইৰ কথাত নধৰিবি। তাই তেনেকুৱাই—কিনো বাৰু কি লগালে?

শেৱালি— মইনো বাৰু কেতিয়া কোঁৱৰক ভুলাবলৈ গাত লিপিত খুৱাই মেখেলা পিন্ধি ফুৰিছিলো। কোঁৱৰক হেনো মই কিবা [ ৩২ ] আহুদি কৰিলোঁ। সেইহে হেনো কোঁৱৰে ন ঘৈণীৰ সতে আজি এমাহেও কথা এটাকে পতা নাই। এনেকৈ কৰিলে কেনেকৈ থাকিবি—মই সেউজী—ক’ৰবাত পানীত পৰি—

[কান্দিবলৈ ধৰে]

সেউজী— (খং ভাব দেখুৱাই) এঃ তাই ক’লেই হ’বনে? তাইহে তেনেকুৱা যাৰে তাৰে সতে ছল পালেই চুপতি। কওক বাৰু, কওক দে তাই! বাৰু, কোঁৱৰেনো কিয় কুঁৱৰীক নামাতে নোবোলে?

শেৱালি— জানো মোৰ আই—মই কেনেকৈ কম।

সেউজী— এৰা আই-দিনে ৰাতিয়ে দেখোন নছোৱালীজনীৰে সৈতে বাক-বিতণ্ডা কৰি ধুমখুলি বাই থাকে। আনে নছোৱালী বিয়া কৰাই আনি গাতে পমি যাব খোজে , আমাৰ এখেত আকৌ ভুলে-চুকে এখোজ কাষ চাপিলেও তিনি খোজ পাছলৈহে যায়। শেৱালি বাই, কোঁৱৰ আৰু আগৰ কোঁৱৰ নহয়। বিয়া কৰোৱাৰপাৰ দেখোন কিবা হ’ল। মনটো সদায় মাৰি থাকে, দেখিলে মোৰ হ’লে বেয়া লাগে বাই।

শেৱালি— লাগেতো কেনে পূৰ্ণিমাৰ জোন যেন হাঁহি থকা মুখখন কেনে হ’ল দেখা নাই। আগেয়ে দিনটোত কেইসাজনো নসলাব, কেইবাৰনো দাপোণ চাই মূৰ নেমেলাব। তাকে ৰেৱতীবাইৰ আগত কৈ দুখ কৰিলে কয় আকৌ বোলে মোৰ হেনো কোঁৱৰলৈ ধাউতি।

[শেৱালি কিছুপৰ নিতাল মাৰি থাকে]

সেউজী— পিছে এটা কথা দেই শেৱালি বাই। এটা কথা হ’লে [ ৩৩ ] এই হালৰ কেতিয়াও মিল নহয়। যি লাই বাঢ়ে তাৰ দুপাততে চিন। বিয়া কৰায়েই যদি এনে অসুখ অশান্তি পিছে পৰে বা কি হয়। কিবা এটা নিশ্চয়কৈ কেৰোণে ধৰিছে। অ’ বাই, বাই এটা কথা। (কাণৰ ওচৰলৈ মুখ নি) কালি নিশা সিঁহত হালে কথা পাতি থাকোতে মই বেৰত কাণ পাতি শুনি আছিলো! কোঁৱৰে কিবা বোলেনে—অনঙ্গ ককাইদেউৰ কথা কৈ গুজৰি-গামাৰি আছিল। কুঁৱৰীৰো মুখ কম নহয়—দে—কথা আখৈ ফুটাদি ফুটিছে নহয়। এনেতে কোঁৱৰ উচাট মাৰি উঠি অহা দেখি মই ভয়তে নিধাতু খাই চাংমাইশাল পালোগৈ। বোলো মোক দেখিলে হবলা। সোতাৰ খং বাঢ়নীত জাৰেহিবা।

শেৱালি— তাৰ পাছত আৰু কি কৈছিল?

সেউজী— এ কৈছো নহয় মই বোলো চাংমাইশাল পালোগৈ বুলি।

[এনেতে গহীন হৈ কাঞ্চন কুঁৱৰী সেই কোঠালৈ সোমাই আহে শেৱালি আৰু সেউজী নিফুট মাৰে]

কাঞ্চনমতী— (দুয়োলৈকে মৰমৰ চকুৰে চাই) শেৱালি আৰু সেউজী তহঁত বাৰু যা, নিশাও হৈ আহিছে, খাই-বৈ শোগৈ।

শেৱালি— চালপীৰাখন সজোৱা।

কাঞ্চনমতী— বাৰু নালাগে ময়েই লম, তহঁত যা।

 [শেৱালি-সেউজী অলপ পৰ ৰৈ আৰু নমতা দেখি লাহে লাহে ওলাই যায়। সোঁফালে বেৰৰ দাতিত কাঞ্চন কুঁৱৰীয়ে এখন দলিচাত বহি টাকুৰী এটাত এৰী কাটিবলৈ ধৰে আৰু ৰিহাৰ আঁচলেৰে চকুপানী মচিবলৈ ধৰে। সুন্দৰ সোমাই আহি কোঠালিটোত এপাক মাৰি চালপীৰাত বহি একান্তমনে কাঞ্চনৰফালে চাই থাকে। কাঞ্চনে কিন্তু তলমূৰকৈয়ে সূতা কাটি গৈ থাকে আৰু তলমূৰকৈয়ে সুন্দৰৰ সকলো কথাৰ উত্তৰ দি যায় আৰু প্ৰশ্ন কৰে।] [ ৩৪ ] সুন্দৰ— কুঁৱৰী, মোৰ এয়েই প্ৰথম আৰু শেষ কথা। তুমি মোৰ জীৱনৰ পৰা আঁতৰি যাব লাগিব।

কাঞ্চনমতী— (বৰ তীব্ৰতাৰে) মোৰ এইদৰে জীৱন-মৰণ লৈ ল’ৰা-ধেমালি কৰা আপোনাৰ উচিত হোৱা নাই। এটা ভুল কৰিলে—কি তাতোকৈ এটা ডাঙৰ ভুলেৰে আপুনি সেই ভুল শুধৰাবলৈ গৈছে। আপুনি ইমান দুৰ্ব্বল বুলি মই ভাবিব নোৱাৰো।

সুন্দৰ— (ডাঙৰকৈ হাঁহি) মোৰ ই দুৰ্বলতা নে সবলতা সি এটা মীমাংসা কৰিবলগীয়া প্ৰশ্ন। বাৰু, মোৰ এটা প্ৰশ্নৰ উত্তৰ দিয়া—

কাঞ্চনমতী— কি?

সুন্দৰ— সত্যক আঁকোৱালি ধৰা দু্ৰ্ব্বলতানে?

কাঞ্চনমতী— কেতিয়াও নহয়।

সুন্দৰ— বিবাহ আৰু ভালপোৱাৰ পাৰ্থক্য কি?

কাঞ্চনমতী— বিবাহৰ দ্বাৰাই শাৰীৰিক সম্বন্ধ ঘটে আৰু মানসিক সম্বন্ধ হ’বই লাগিব বুলি সমাজে ধৰি লয়, নিৰ্দেশ কৰে ভাল পোৱা মানসিক সম্বন্ধ, শাৰীৰিক সম্বন্ধ তাৰ উদ্দেশ্য নহ’বও পাৰে।

সুন্দৰ— তেন্তে সি দুটা বস্তু নহয়নে।

কাঞ্চনমতী— দেখাতেই।

সুন্দৰ— বঢ়িয়া কথা। তেন্তে তুমি মন এঠাইত থৈ শাৰীৰিক এঠাইত থাকিবলৈ একো আপত্তি নকৰা।

কাঞ্চনমতী— তাত বিচিত্ৰতা কি? আপুনি শাৰীৰিকে এই কোঠাটোত সোমাই থাকি মনটো হিমালয়ত থাকিবও পাৰে। [ ৩৫ ] সুন্দৰ— সমাজৰ কথা তুমি নিশ্চয় মানি চলিব খোজা?

কাঞ্চনমতী— ওঁ।

সুন্দৰ— তেন্তে সমাজে যালৈ তোমাক বিয়া দিছে—তাকে ভাল পোৱা সমাজৰ নিৰ্দেশ—তাক তুমি কেনেকৈ পালন কৰিবা?

কাঞ্চনমতী— অন্তৰতম প্ৰদেশৰ বিষয়ে সমাজে যদিও নিৰ্দেশ দি থৈছে সি সঁচাকৈয়ে পালিত হৈছেনে সমাজে তাক চাবলৈ চন্তৰী নপঠায়, কিন্তু বিবাহিতা তিৰোতাই বাহিৰা নিয়মবোৰ ৰীতি মতে পালন কৰে নে নকৰে তাৰ কাৰণে সমাজে যথেষ্ট চোৰাং-চোৱা থৈছে। আৰু সমাজ তাতেই সন্তুষ্ট কাৰণ এইখিনি পালন হলেই সমাজৰ অনিষ্ট নহয় অৱশ্যে শাৰীৰিকে।

সুন্দৰ— শুনিবলগীয়া। তেন্তে সতীত্ব মানে শাৰীৰিক সতীত্ব।

কাঞ্চনমতী— সেয়ে হলে সমাজ সন্তুষ্ট হয়–

সুন্দৰ— কিন্তু সুন্দৰতো নহয়। সমাজে বলে নোৱাৰা শিলক পৰি নমস্কাৰ কৰিব পাৰে—কিন্তু সুন্দৰে নোৱাৰে। কৃত কৰ্মৰ সতে সমাজৰ সম্বন্ধ—কিন্তু ব্যক্তিৰ ভাৱৰ সৈতে? ভাবেই কৰ্ম-গছৰ গুটি যেতিয়া সেই গুটিৰ বিষয়ে মই শঙ্কিত নহম কিয়? আমৰণ গুটিৰ পৰা কোনদিনা অঙ্কুৰ ফুটি গছ গজে তাক কোনে ক’ব পাৰিব। সমাজক সন্তুষ্ট কৰিবলৈ তুমি মোক বিয়া কৰাইছিলা। শাৰীৰিক সতীত্বতেই সমাজ সন্তুষ্ট।

কাঞ্চনমতী— অৱশ্যে—কাৰণ আপুনিও মোক মাত্ৰ সমাজৰ সন্তুষ্টিৰ কাৰণেহে বিবাহ কৰাইছিল আৰু ভালকৈ জানিছিল—আপোনাৰ মাতৃ আৰু সমাজে আমাৰ শাৰীৰিক মিলন বিচাৰিছিল—আপুনি তাত মত দিয়া নাছিলনে?

সুন্দৰ— কিন্তু, তোমাৰ মন যে আনক— [ ৩৬ ] কাঞ্চনমতী—তাৰ সতে আপোনাৰ সম্বন্ধ কি? মাতৃৰ অনুৰোধত আপুনি মাত্ৰ শৰীৰটো বিবাহ কোঠালৈ পঠাই—আন পক্ষৰ মনকো তাত বিচৰাটো যুক্তিযুক্ত কথা হৈছেনে?

[সুন্দৰ হতবিম্ব হৈ বহুপৰ টলকা মাৰি থাকে]

সুন্দৰ— (একে উশাহতে) সি মোৰ ভুল। শুধৰাব—

কাঞ্চনমতী— সকলো ভুল শুধৰাব নোৱাৰি।

সুন্দৰ— কিয়?

কাঞ্চনমতী— কিছুমান ভুল শুধৰালে অপকাৰ হয়। কিন্তু কিছুমান ভুল শুধৰাবলৈ গলে ধ্বংস হয়। বৰঘৰৰ খুঁটাবোৰ ভুলকৈ পুতি ঘৰটো সজাৰ পাছত খুঁটাবোৰ শুদ্ধকৈ খুৱাবলৈ গলে গোটেই ঘৰটোকেই ভাঙিব লাগিব।

সুন্দৰ— (বৰ উত্তেজিত হৈ) ভুল যি সি ভুলেই। ঘৰ ভাগক বা সংসাৰ ভাগক তাক শুধৰাবই লাগিব।

কাঞ্চনমতী— সেই বুলি আপোনাৰ ঘৰৰ ভিতৰত শিকলিৰে মানুহ বান্ধি থৈ ঘৰৰ খুঁটা শুধৰাবলৈ গৈ ঘৰ ভাঙি মানুহ মাৰিবৰ কিবা অধিকাৰ আছে জানো?

সুন্দৰ— ওলাই গলেই হ’ল।

কাঞ্চনমতী— শিকলিৰে বন্ধা সেই শিকলি চিৰকাললৈ খুলিবৰ শক্তি নাই। সেই অশৰীৰৰী শিকলিৰ বান্ধ এবাৰ খোৱা মানুহে নমৰালৈকে এৰাই যাব নোৱাৰে।

সুন্দৰ—মৰিলে তেন্তে!

কাঞ্চনমতী— (কিবা এটা ভাবত হাঁহি—সুন্দৰলৈ বাৎসল্য ভাব দেখুৱাই ) আপোনাৰ ভুল শুদ্ধ হ’ব আৰু।

[সুন্দৰে লাজ পোৱাদি পায়—কিন্তু একো নামাতে-তাৰ পাছত নুবুজা কিবা অঁকৰাৰ দৰে]

[ ৩৭ ] সুন্দৰ— নহয়—নহয়—ভুল,শুধৰাবই লাগিব, মোৰ নিজৰ ৰাজ্যৰ এমূৰৰপৰা আন মূৰলৈকে যদি জুই লাগে তথাপি ভুল শুদ্ধ কৰিব লাগিব। তুমি মোক আচৰিত কৰিছা ৷ অনঙ্গৰ সৈতে তোমাৰ আন্তৰিক ভালপোৱাৰ কথা মোক নিঃসঙ্কোচে আৰু তেজস্বীতাৰে, নিজৰ স্বামীৰ আগত কোনো কথা গুপুত নাৰাখো বুলি, প্ৰকাশ কৰি, সাহ দেখুৱাই এহাতে তোমাৰ মানসিক নিৰ্ভীকতা দেখুৱাইছা। কিন্তু, আকৌ আনফালে সেই বাস্তৱ আৰু জীৱন্ত সত্যক উপেক্ষা কৰি নিৰ্ম্মম কঠোৰ ভাৱে ভৰিৰে মোহাৰি, সমাজৰ প্ৰাণহীন নিয়ম প্ৰতি প্ৰতিকৈ মানি মোৰ সতে সংসাৰ কৰিবলৈকো আগ বাঢ়িছা। এই পৰস্পৰ ঘোৰ বিৰোধী কথা দুটাৰ তুমি মিলন বিচাৰিছা—বিশেষকৈ—মই যেতিয়া সকলো কথা বুজি তোমাৰ আন্তৰিক পবিত্ৰতা ৰক্ষা কৰিবলৈ সহায় কৰিবলৈকো সাহকৈ আগবাঢ়িছো।

কাঞ্চনমতী— হ’ব পাৰে সেইটো, কিন্তু আপোনাৰ মতে কাম হ’বলৈ হ’লে এতিয়া সমাজত এটা প্ৰলয় উপস্থিত হব।

সুন্দৰ— প্ৰলয় হব হওক! প্ৰলয়ৰ আৱশ্যক হৈছে। শতাব্দী ধৰি গোট খাই থকা সমাজৰ আৰ্বজ্জনা ধুই সমাজক নিৰ্ম্মল আৰু পবিত্ৰ কৰিবলৈ এক প্ৰলয়ৰ অতি আৱশ্যক হৈছে। তেন্তে মই সেই প্ৰলয়ক আজি আহ্বান কৰিছো। মোৰ জীৱনলৈ, সমাজৰ জীৱনলৈ মই প্ৰলয়ক আমন্ত্ৰণ কৰি আনিম। সুদৰ্শন—নহয় অনঙ্গৰ সতে—নহয় নহয় অনঙ্গক মই দেখা পাব লাগিব অনঙ্গ—

 [এই বুলি উত্তেজিত হৈ তাৰপৰা ছাৎমাৰি ওলাই যায়গৈ। কাঞ্চন ধীৰ-স্থিৰ হৈ থাকে—কিছুপৰ ওপৰলৈ টলকা মাৰি আকৌ একান্তমতে টাকুৰি ঘূৰাবলৈ ধৰে] [ ৩৮ ]
দ্বিতীয় দৰ্শন

 [মাজনিশা। সুদৰ্শনৰ কোঠাত সুদৰ্শন শুই আছে। বাহিৰৰ পৰা বপুৰাই দুৱাৰ ঢকিয়াই মাতে]

বপুৰা— হে উঠক হে দেউতা—হে ইশ্বৰ—হে উঠক [ বৰকৈ ঢকিয়াই ] হেৰেই হেৰেই সাউদৰ পুতেক দেউতা অ’ দেউতা—

[ সুদৰ্শন ধৰফৰাই শোৱা পাটিৰপৰা উঠি বিস্ময়মানি চাৰিওফালে চাই ]

সুদৰ্শন— কোন—কোন?

বপুৰা— (অধৈৰ্য্য হৈ) হে দেউতা আগেয়ে দুৱাৰখন মেলি দিয়কচোন—পাছেও নামটো ক’ম।

[ সুদৰ্শন আহি দুৱাৰত কাণ পাতি কোন? কোন? ]

বপুৰা— হে মোৰ গোঁসাই! ডকাইতো নহও চোৰো নহও।

সুদৰ্শন— অ’ বপুৰা—

[সাউতকৈ দুৱাৰখন মেলি বপুৰাই হাতেৰে চুৰিয়াখন ধৰি ককালত ৰাখি, পাছে পাছে কাপোৰত বাহৰ জেং এডাল চোচোৰাই সোমাই]

বপুৰা— মোৰ দেউতা উঠক উঠক—বলক—বলক তেনেই সৰ্ব্বনাশ হ’ল।

[জেং ডাল হাতেৰে এৰুৱাই এচাৰ মাৰে]

সুদৰ্শন— কি হ’ল অ’ ঠিক হ’ল—জেঙে জাবৰে দেখোন এনেকৈ ওলাইছহি!

বপুৰা— নকব আৰু মোৰ প্ৰভু যি হবলগীয়া হল। এনেকুৱা খন বুলিনো জনা হলে—হৰি হৰি। বলক বলক—হালৰে এতিয়া কটা কটি মৰা-মৰি নহলেই হৈছে।

সুদৰ্শন— (অলপ পৰ টলকা মাৰি) কোঁৱৰ অকলে আছেনে নে লগত কোনোবা আছে? [বপুৰাই সেইফালে বেবুৱা খায়] কি হল তোৰ দেখোন মাত-বোল হৰিল।

বপুৰা— হৰিবৰ কথাই। পিছে আপুনি জানেই—পিছে কি কৰে; [ ৩৯ ] সুদৰ্শন—পিছে ঘটনাটো হৈছে কি?

বপুৰা—ধেমালিনো কৰে কিয় মোৰ প্ৰভু।

সুদৰ্শন—তই আহোঁতে কোঁৱৰ কত?

[ এই বুলি সুদৰ্শনে মূৰত পাগ মাৰিবলৈ ধৰে আৰু বপুৰাই বলকি যায়। ]

বপুৰা—এই অলপ আগতে কোঁৱৰে দেখোন কুঁৱৰীৰ সতে কিবা বাক-বিতণ্ডা কৰি এবাৰ কাৰঙেৰ পৰা ওলাই পোনছাটেই বুঢ়াগোহাঁইৰ টোললৈ আহি অনঙ্গ ডেকা দেউতাক জগাই আগবাৰীৰ ফুলনিলৈ মাতি আনি কিবা নানা বাক-বিতণ্ডা আৰম্ভ কৰিলে। কোঁৱৰে দেখোন কুঁৱৰীৰ কথা ঘনাই ঘনাই কোৱা শুনিলো, পিছে এতিয়া দুয়োৰে কথা কোৱা চৰি গৈছেগৈ। মই কথাৰ গঢ় ভাল দেখা নাই। [ সুদৰ্শনৰ ওচৰলৈ আহি ] দেউতা ঈশ্বৰ, অনঙ্গ ডেকা দেউতাৰ কুঁৱৰীৰ সতে কিবা খেচেৰ মেচেৰখন আছিল হব পায। ৰাম ৰাম শ্ৰী হৰি। ব্ৰহ্মা, বিষ্ণু মহেশ্বৰ, হৰ পাৰ্বতী, কামাখ্যা গোসাঁনী গণেশ গোবিন্দ হৰি হৰি। বোলে—

ধুন মৰা ধুনীয়া
                       তুলি মাৰে খোপা
                  এই হেন পুৰুষৰ
                       কল তলত জোপা—

হ’লে বাৰু কেনেকৈ হয়?

 [ সুদৰ্শনৰ পাগ মৰা হয় আৰু গাত কাপোৰ লৈ ওলাবলৈ ধৰোতে ঘপহ কৰে দুৱাৰখন দুফাল কৰি সুন্দৰ আৰু অনঙ্গ সোমাই আহে। বপুৰাই একে ছাটেই জিভা কামুৰি দুৱাৰেদি পত্ৰং দিয়ে। সুদৰ্শনে তৎক্ষণাৎ অতি কিবা ঐশ্বৰিক গাম্ভীৰ্যতাৰে থিয় হৈ সাংঘাতিক তীক্ষ্ণ দৃষ্টিৰে দুয়োলৈকে চাবলৈ ধৰে। সুন্দৰ আৰু অনঙ্গয়ও পলক নেপেলোৱাকৈ সুদৰ্শনলৈ চাই থাকে। ] [ ৪০ ] সুন্দৰ— সুদৰ্শন, বিশেষ এটা কথাৰ অৱতাৰণা কৰিবলৈ তোমাক আমনি কৰিবলৈ আহিলোঁ। দিগ নাপাবা। আহাচোন বাহিৰলৈ ওলাই যাও। আঁহা।

[এইবুলি সুন্দৰে আগবাঢ়ি দুৱাৰেদি ওলায় যায়গৈ। অলপ পৰ ৰৈ সুদৰ্শন আৰু অনঙ্গ লাহে লাহে ওলাই যায়।]


তৃতীয় দৰ্শন

[কোটোহা বাঁহৰ জোপাৰ তলৰ গৰু বাট। ধান খেৰৰ জুমুধি এটা লৈ আঙনি কোবাই বপুৰা আহি থাকে]

 দ’ত বাঁক যখ যখিনি নিশাৰ নিশাচৰ জলদেৱ থলদেৱ বাঁকিনী শাঁকিনী—এই হেন আচানত পৰা বপুৰাক কৃপা কৰিবা। আৰু যদি নকৰা—কিনো কৰিবা—ঘাৰহে মোহাৰিবা, তালৈ বপুৰাই কেৰেপ নকৰে। (ডাঙৰকৈ কেবাবাৰো গল হেকাৰি মাৰি) হচ-হৈচ হেঃ হেঃ হেঃ। হে ৰাম প্ৰভু বাট দেখুৱাই নিবা। ভাল অৰণ্যত সোমালোহি।

[এনেতে দূৰৰপৰা ৰাতি পহৰীয়াই সোধে “বাৰী চুকে কোন যায়”]

 কোন যায় কটা তোৰ চৌধ পুৰুষৰ পাছৰ তোক এৰি এপুৰুষৰ জোঁৱায়েক—এহ কটা—ধেৎ তাই বা কিমান বুঢ়ী-হেৰ কটা নহয় তোৰ জীয়েৰ আছে যদি বাপেৰে তোৰ জোঁৱায়েৰে যাওঁ।

[আকৌ মাত ওচৰত “কোন যায়”]

ঔ শহুৰ দেখোন ওচৰতে! বোলো পিতাই—

[এটা চাওডাং ৰাতি পহৰীয়া আহে]

(হঠাত ভাওজুৰি) পিতাই পিতাই–উ-পিতাই ঔ বৰ হুল এডালে বিন্ধিলে পাই। ইস্ ইস্ এই শেহ নিশাও হুলবোৰৰ এনে চোক কটা। [ ৪১ ] চন্তৰী— শেহনিশা বপুৰা! (আচৰিত হৈ)

বপুৰা— (মাটিতে বহি হুল উলিয়াই) মোৰ কি জগৰ। ৰাতি জনীক নো মই কেনেকৈ চাঙৰ তলত বান্ধি থওঁ। হবতো শেহনিশা-সন্ধিয়া লাগোতে জালোৱা মানুহ যদি বালিচ'ৰাত নাও লগাদি কোটোহা বাঁহৰ জোঙত লাগি থাকেহি।

চন্তৰী—পিছে বপুৰা এনেহেন সময়ত তোক লিগিৰী টোলৰ পাছবাৰীত দেখিবলৈ ভাল হোৱা নাই।

বপুৰা— (আচৰিত হৈ) কি কি লিগিৰী টোলৰ পাছবাৰী—?

চন্তৰী— নজনা ভাওনো কিয় ধৰ?

বপুৰা— হৰি—হৰি!

চন্তৰী— আৰু তই কিন্তু সজে সজে—

বপুৰা— হৰি—হৰি!

[এনেতে বিজুলী বেগেৰে সুন্দৰ তাতে ওলাইহি। চন্তৰী টোৱে সেৱা জনাই দূৰত থিয় হয়। বপুৰা থৰমৰ খাই ৰয়। সুন্দৰৰ ইঙ্গিতত চন্তৰী সেৱা জনাই গুচি যায়। বপুৰাই থেৰো-ঘেহোঁকৈ।]

বপুৰা— আজি তিনিদিনে শুকান খৰিৰ দুখত—দিনত সময়ো নাপাওঁ—কোঁৱৰৰ আলপৈচান ধৰোতে।

সুন্দৰ—( চকু গাঁথি থোপা কৰি ) কথা নাসাজিবি, মই তোক সুদৰ্শনৰ তাত দেখিছিলো—

বপুৰা— এঃ দেখিছিলেই যদি—এনেয়ে মিছা মাতিলো পিছে—

সুন্দৰ—( গোমোঠা হৈ বাধা দি ) থ এতিয়া মোৰ কথা শুন। এতিয়াই যা। মোৰ হাইতাল বোলোৱা নৈফুৰা নাওখন-নাৱৰীয়া সতে সাজু কৰগৈ। মই আজি এতিয়াই কুঁৱৰীৰ সৈতে বালি ভাল খাবলৈ যাম।

[ বপুৰা গিৰিপকৈ উঠে ]

[ ৪২ ] বপুৰা— কি কথা আছে মোৰ ঈশ্বৰ থিতাতে মই ঘাটত নাও খেৰা কৰাম।

সুন্দৰ— (অধৈয্য হৈ) বেলি নকৰিবি যা! যা। এখন্তেক নৰবি।

বপুৰা— নৰও মোৰ ঈশ্বৰ—(বুলি একে উশাহতে লৰ মাৰি আকৌ গুলিটো অহাদি আহি) পিছে পাচলি কুটিবলৈ শেৱালিকো—

সুন্দৰ— (খঙেৰে ) নালাগে—নালাগে—তই—মই যিটো কৈছো তাক কৰগৈ।

(পাছলৈ নাচাই বপুৰাই নিধাতু খাই লৰি ওলাই যায় —সুন্দৰে বপুৰাক যোৱাগৈ দেখি লাহে লাহে সোঁফালে ওলাই যায়গৈ।)


চতুৰ্থ দৰ্শন

 (কাজিৰঙা অৰণ্য। লুইতৰ পাৰ। এজোপা লুইতৰ গড়াত থকা বৰ ডাঙৰ পাকেৰি গছৰ তল। লুইতৰ সিপাৰে দূৰত ৰিণিকি ৰিণিকি দৰঙ্গীয়া পৰ্বতবোৰ দেখা গৈছিল। বাৰিষাৰ লুইতৰ হোহোৱনি কাণত পৰিছে। ঠাইডোখৰ ভয়লগা গহীন। গছৰ তলৰ মুকলি ডোখৰৰ বাহিৰে দুয়োফালে কাঁইট-জেঙেৰে ভৰা অটব্য হাবি। পাকৰি গছজোপাৰ তলতে এটা গছৰ মূঢ়াত অনঙ্গ বহি আছে। হাতত এডাল নগা যাঠি। বাহুত ধেনু আৰু পিঠিত কাঁড় থকা টোন। কঁকালত এখন দীঘল তৰোৱাল। অনঙ্গ কেবাদিনো জ্বৰত ভোগা মানুহৰ দৰে বিবৰ্ণ আৰু ৰুক্ষ। এটা অতি কঠোৰ ভাব লৈ লুইতৰফালে চাই আছে। অনঙ্গ কঠোৰতা আৰু নিৰৱতাই গোটেই ঠাইডোখৰ আৰু গহীন কৰি পেলাইছে। সোঁফালৰপৰা সুন্দৰ কোঁৱৰ লগত কাঞ্চন কুঁৱৰীক লৈ দৃঢ় খোজেৰে সোমাই আহি অনঙ্গক ভৰিৰপৰা মূৰলৈকে তীব্ৰ আৰু কঠোৰ ভাবেৰে চাই থিয় হৈ ৰয়। শেহত বপুৰা, পিঠিত নান বস্তুৰ বোজা এটা—সোঁহাতত এডাল যাঠি। ভৰিত ফানটি—বৰ গহীন। হাবভাবত একো পাতলামি নাই।) [ ৪৩ ] সুন্দৰ— (বপুৰাক) বপুৰা, (সোঁহাতে আঙুলিয়াই) এইফালে দলিছা পাৰি কুঁৱৰীক বহুৱা।
 ( বপুৰাই গাৰ বোজা নমাই থৈ,হাতৰ যাঠিডাল মাটিত খোচা মাৰি থিয়কৈ আৰু টোপোলাৰ পৰা দলিছা উলিয়াই পাৰি দিয়ে-ইতিমধ্যে সুন্দৰে অনঙ্গৰ আগত অহা-যোৱা কৰি থাকে। )

বপুৰা— কুঁৱৰী দেউতা গা থওকহি।
 (কাঞ্চন কুঁৱৰীয়ে লাহে লাহে গৈ তাত বহে আৰু ওৰণিখনি একতীয়া কৈ লৈ লুইতৰ ফালে চাই ৰ’ লাগি লৈ থাকে। —অনঙ্গই ইমান পৰে ৰ’ লাগি ৰৈ থাকি সুন্দৰক বিশেষ উৎসুকতা আৰু দৃঢ়তাৰে—)

অনঙ্গ—তাৰ পাছত বন্ধু তোমাৰ এনে আচৰিত ব্যৱহাৰ আৰু এইদৰে অভাৱনীয়ভাৱে কাজিৰঙাৰ অটব্য অৰণ্যলৈ মাতি অনাৰ উদ্দেশ্য?

সুন্দৰ—উদ্দেশ্য মহৎ। ( বপুৰাক ) তই এতিয়া ইয়াৰ পৰা যাব পাৰ।

[বপুৰা ওলাই যায় ]

অনঙ্গ—অৱশ্যে মহৎ হ’বই লাগিব। তেন্তে মহৎ উদ্দেশ্যৰ ব্যাখ্যা হোক।

সুন্দৰ— হ’ব। ব্যাখ্যান হ’বলৈ বিশেষ একো নাই। কালি নিশা হোৱা কথাৰ শেষ মীমাংসা কৰিবলৈ মই তোমাক ইয়ালৈ মাতি আনিছো। ( অনঙ্গৰ চকুৱে চকুৱে চায় )

অনঙ্গ— (ঘপহ কৰে থিয় হৈ বিস্ময়ত ) কি? কি কৈছা?

সুন্দৰ— (শান্ত আৰু কঠোৰবাবে) যি কৈছো তাকে দোহাৰিছো।
(কাঞ্চন কুঁৱৰীয়ে এতিয়া দুয়োলৈকে চাই কিবা এটা ত্ৰাসত অভিভূত হোৱা যেন কৰে )

অনঙ্গ— সেই মীমাংসাৰ ঠাই তুমি এই কাজিৰঙাৰ অৰণ্যত—

সুন্দৰ— এই কথাক মীমাংসাৰ ইয়ে অতি উপযুক্ত স্থান। বিশেষকৈ [ ৪৪ ] মই সোধা প্ৰশ্নৰ তুমি যেতিয়া সিদিনা একো উত্তৰ নিদি—সেইবোৰ কথা নুলিয়াবলৈ ইমান বাক-বিতণ্ডা কৰিলা। মুঠতে তুমি কালি নিশা মোৰ সকলো প্ৰশ্নৰ উত্তৰ দিবলৈকে অস্বীকাৰ কৰিলা বিশেষকৈ কাঞ্চন কুঁৱৰীৰ আগত ৰাখি মই তোমাক সকলো কথা কব খোজো। আৰু তাকে কৰিবলৈ এই কাজিৰঙা অৰণ্যৰ বাহিৰে আৰু আন ঠাই নাই।

[ সুন্দৰে ভাবৰ আধিক্যত বহুপৰ নমতাকৈ থাকি হঠাৎ অনঙ্গলৈ থৰ হৈ চাই কয় ]

সুন্দৰ— কাঞ্চন কুঁৱৰী আৰু তোমাৰ ভাল পোৱাৰ কথা মোক তুমি বিয়াৰ আগতে নকলা কিয়?

অনঙ্গ— [সুন্দৰলৈ বৰ কৌতুহলপূৰ্ণ চকুৰে চাই-এবাৰ কাঞ্চন কুঁৱৰীৰ ফালে চাই নিজকে দোষী যেন দেখুৱাই—কিন্তু মনলৈ সাহ আনি ডাঠি]
এৰা বন্ধু—নকলো কিয়?

সুন্দৰ— বন্ধু হৈ তুমি শত্ৰুৰ কাম কৰা নাইনে?

অনঙ্গ— শত্ৰুৰ কাম? নিশ্চয় নাই কৰা।

সুন্দৰ— কৰিছা।

অনঙ্গ— কেনেকৈ?

সুন্দৰ—মনটি হৰি ৰাখি সুদা দেহাটো তুমি মোক আগ বঢ়াই দিলা। বন্ধু হৈ তুমি মোক এনে কৰিলা কিয় তুমি ভালকৈ জানিছিলা—যে মই কাঞ্চন কুঁৱৰীক বিয়া কৰালে মাথোন হৃদয়হীন এটি প্ৰতিমাৰহে গৰাকী হম—আৰু তাকে কেতিয়াবা মই জানিলে আৰু সি এদিন নহয় এদিন ওলাবই, মোৰ সংসাৰ বিহেৰে পৰিপূৰ্ণ হ’ব। বন্ধু হৈ তুমি মোৰ ওচৰত কথা লুকুলা। তেন্তে মই তোমাৰ অন্তৰত ঠাই পোৱা নাই? [ ৪৫ ] অনঙ্গ— দেখাতেই তেনে হ’ল—কিন্তু সুন্দৰ সি নহয়। তুমি মোক ভুল বুজিছা। সেই কথা মই ওঁঠৰ আগত লৈ ফুৰায়ো তোমাক ক’বলৈ সাহ নহ’ল। মোৰ মানসিক কাপুৰুষালিয়ে মোক তেনে কৰালে।

সুন্দৰ— (কাঠ হাঁহি মাৰি) মানসিক কাপুৰুষালিয়ে মোকো মোৰ সংকল্পৰ পৰা পিছলাই দিলে—কাঞ্চন কুঁৱৰীক মই বিয়া কৰালো—কিন্তু বন্ধু, এই কাঞ্চন কুঁৱৰীৰ পৰা সকলো কথা জানিব পাৰি, তেওঁৰ সাহ দেখি মোৰো সাহ উপজিছে। মই সাহ কৰিব খোজো—সাহ—সাহ! এৰা—( খুব দৃঢ়তা দেখুৱাই )

অনঙ্গ— (বুজিব নোৱাৰা যেন দেখুৱাই) কেনে?

সুন্দৰ—তোমালোক দুয়োৰে ভাল পোৱা যে আচল আৰু চিৰ কাল থাকিব—ইয়ো সঁচা—আৰু কাঞ্চন কুঁৱৰীৰ দেহাটো য়ে সমাজৰ সন্মতিৰে মোৰ শোৱনি কোঠাটোলৈ সুমাইছো—সিওঁ সঁচা।

অনঙ্গ— তাৰ পাছত?

সুন্দৰ— তাৰ পাছত ভয় কৰি কৰা ভুল সাহ কৰি শুধৰাব লাগিব।

অনঙ্গ— কেনেকৈ?

সুন্দৰ— প্ৰকৃততে কাঞ্চন কুঁৱৰী তোমাৰ—আৰু তুমি তেওঁৰ (অনঙ্গ আচৰিত হয়) বুজিছো। সঁচাকৈয়ে এতিয়া বাহ্যিকতো সেয়ে হ’ব লাগে।

অনঙ্গ— তাৰ মানে?

সুন্দৰ— ফটফটীয়া। মই যেতিয়া জানিলো কাঞ্চনৰ হৃদয় তোমাৰ—মোৰ আৰু কাঞ্চনৰ সতে গৃহবাস কেনেকৈ সম্ভৱপৰ হ’ব পাৰে?

অনঙ্গ— কেলৈ হ’ব নোৱাৰিব—? মই তোমালোকৰ জীৱনৰ পৰা একেবাৰে আঁতৰি যাম—তেতিয়াহ’লে মই কাঞ্চন কুঁৱৰীৰ মনৰ পৰাও নাইকিয়া হ’ম! [ ৪৬ ] সুন্দৰ— (অবিশ্বাসৰ হাঁহি মাৰি) ভুল, বন্ধু তোমাৰ ভুল।

অনঙ্গ— কেনেকৈ?

সুন্দৰ— সি কেতিয়াও হব নোৱাৰে। কাঞ্চনমতীয়ে তোমাক কেতিয়াও পাহৰিব নোৱাৰে—আৰু ময়ো পাহৰিব নোৱাৰো যে কাঞ্চনমতীয়ে তোমাক ভালপায়। তাৰ উপৰি যেতিয়া নাঙঠা সত্য আমাৰ আগত ওলালহি তাক আৰু ঢাকি ৰাখি, সি নাই বুলি নজনা ভাও জুৰি চলিব নোৱাৰো।

অনঙ্গ— নচলি কি কৰিবা এতিয়া তোমালোক বিবাহিত—তোমালোকে যেনে তেনে সেইদৰে থাকিবই লাগিব।

সুন্দৰ— নহয়, তাক মই কৰিব নোৱাৰো—নজনাকৈ—ভুল অনঙ্গ—বুজিছো। পিছে তোমাৰ ইচ্ছা কি—বা কি প্ৰকাৰে তুমি ভুল সংশোধন কৰিব খুজিছা-আৰু খুজিলেও পাৰিবানো কেনেকৈ?

সুন্দৰ— তোমাৰ কাঞ্চন কুঁৱৰীক মই তোমাক গতাই দিব খোজো—আমাৰ বিবাহ সম্বন্ধ চিঙিব খোজো।

[কাঞ্চনে চকুকেটা ডাঙৰকৈ মেলি সুন্দৰৰ ফালে চায়। অনঙ্গ কিছুপৰ মাতিব বুলিব নোৱাৰি হৈ থাকি]

অনঙ্গ— অসম্ভৱ কথা নক’বা।

সুন্দৰ— নহয়, একো অসম্ভৱ নহয়।

অনঙ্গ— এনেকুৱা এটা নোহোৱা-নোপোজা ঘটনা হলে সমাজত আমি থাকিম কেনেকৈ?

সুন্দৰ— আগেয়ে যেনেকৈ আছিল। নাইবা সমাজ নোহোৱাকৈ থাকিবা।

অনঙ্গ— সুন্দৰ! সমাজ তোমাক নালাগিব পাৰে, কিন্তু মোক লাগে। পুৱাৰে পৰা গধূলিলৈকে, জন্মৰপৰা মৃত্যুলৈকে আমাৰ সমাজৰ [ ৪৭ ] সতে সম্বন্ধ। সামাজিক সম্বন্ধই সকলো বিধৰ সুখ দুখৰ নিয়ামক। সেই অতি শুভাকাঙ্ক্ষী নিয়ামকৰ ফুলতো কোমল আৰু শিলতো কঠিন বুকুত আমি হেলাৰঙ্গে আঘাত কৰিব পাৰিলেও তাৰ প্ৰতিঘাত সহিব নোৱাৰিম। সেই প্ৰতিঘাতত হয়তো আমি কোনোবা ৰসাতলৰ অতল তলিত উঠিব নোৱাৰা হৈ পুৰুষানুক্ৰমিকে পৰি থাকিম।

সুন্দৰ— সেই প্ৰতিঘাত ল’ব লাগিব আৰু সত্যৰ বলত নিপিছলাকৈ থাকিব লাগিব। মই কিন্তু থিয় দিম। মই—

অনঙ্গ— তুমি হয়তো পাৰিবা আৰু সাৰিবাও। তুমি দেশৰ ৰজা। তোমাৰ হাতত শক্তি। তোমালৈ সমাজে ভক্তি কৰোক নকৰোক ভয় কৰে আৰু সেই অনুকূল অৱস্থায় হয়তো তোমাক তোমাৰ হাতত শক্তি থাকে মানে তোমাক জয়ী কৰাব, কিন্তু মোৰ, —মোৰ কি হ’ব?

সুন্দৰ— সমাজক বুজাব লাগিব।

অনঙ্গ— সমাজৰ কেজনমানে বুজিলেও সমাজে বান্ধি থোৱা ৰীতিবোৰেতো নুবুজিব আৰু—আৰু কোনো কাহানিও বুজাব নোৱৰা। সেই কাৰণেই সমাজ-সংস্কাৰকসকলে ৰীতিবোৰকে গুচাই আকৌ ন ন ৰীতিৰ প্ৰৱৰ্তন কৰে। কাৰণ পুৰণি ৰীতি আৰু ন কথাৰ অহি-নকুল সম্বন্ধ।

সুন্দৰ— হ’ব পাৰে। কিন্তু ইয়ো সঁচা যে তেনে ৰীতিৰ বিৰুদ্ধে থিয় দিব নোৱাৰাটোও কাপুৰুষতা।

অনঙ্গ— সুন্দৰ, তুমি যি কাম কৰিবলৈ আগবাঢ়িছা সেই কামে তোমাৰ বন্ধুৰ জীৱন অসম্ভৱ নকৰিবনে? বন্ধুৰ জীৱন এইদৰে ভস্মীভূত কৰা বন্ধুৰ কাম হ’বনে? [ ৪৮ ] সুন্দৰ— (উত্তেজিত হৈ) বন্ধুত্বৰ কথা নকবা। তোমাৰ কাপুৰুষালিখিনি বন্ধুত্বৰে মই ঢাকিব লাগিব? যদি বন্ধুলৈ ইমানেই প্ৰেম—তেন্তে জানি শুনি তুমি মোক তোমাৰ কাঞ্চন কুঁৱৰীৰ সৈতে থকা সম্বন্ধৰ কথা নকৈ মোক এনে জ্বলা জুইত পেলালা কিয়? তুমি স্বাৰ্থপৰ—তোমাৰ জীৱনৰ সুখ লৈ মোক ভাবিবলৈ কোৱা? —কিন্তু তোমাৰ বন্ধুত্ব এয়ে নেকি??? নহয় মই তোমাৰ এনে কাপুৰুষালি নসহো—

অনঙ্গ— তুমি যদি নাজানিলাহেঁতেন তেন্তেতো কাঞ্চনৰ সৈতে তুমি সুন্দৰকৈ গৃহবাস—

সুন্দৰ— (কঠোৰভাৱে) কিন্তু জানিলো। নাজানিলোহেঁতেন যদি সেইটো কেলৈ যেতিয়া জানিলো। এতিয়া সি বেলেগ হ’ল। কোৱা তোমাৰ মতামত কি? তোমাৰ সাহ আছেনে নাই? সত্যৰ সন্মুখীন হ’বলৈ তুমি পাছ হুহকিবা কিয়?

অনঙ্গ— (তললৈ মূৰ কৈ মনে মনে থাকে) মোৰ ভুলৰ বাবে তুমি এনে কঠোৰ শাস্তি—

সুন্দৰ— শাস্তি? নহয় নহয়, শাস্তি নহয় শান্তিহে দিব খোজো যাৰ কাৰণে হয়তো তোমালোকৰ গোটেই জীৱন হিয়া জ্বলি পুৰি থাকিব তাৰ শান্তিৰ ব্যৱস্থা শাস্তি হ’ল? মই বন্ধুৰ উপযুক্ত কাম কৰিছো।

অনঙ্গ— তুমি যি ভাবিছা কৰা—কিন্তু অৱস্থা ভেদে ই শাস্তি হৈছে—তোমাৰ বন্ধুতা নহৈ পৰম শত্ৰুতা হৈছে।

সুন্দৰ— তেন্তে সেয়ে হওক। সত্যৰ বাবে মই সেই পন্থা ল’বই লাগিব। শান্তি তেন্তে শাস্তি হওক—বন্ধুতা তেন্ত শত্ৰুতা হওক। মই তোমাৰ শত্ৰু, কাঞ্চন কুঁৱৰীৰ শত্ৰু, আইৰ শত্ৰু, পিতাৰ শত্ৰু। [ ৪৯ ] সমাজৰ, ৰাইজৰ ৰজা-প্ৰজা সকলোৰে শত্ৰু—সকলোৰে শত্ৰু—মাত্ৰ এটি কঠোৰ সত্যৰ বন্ধু। সত্যৰ বন্ধুতা মই ৰাখিম—আৰু সকলোৰে শত্ৰুতা কৰিম।

অনঙ্গ— (খং আৰু বিৰক্তি জৰ্জ্জৰিত হৈ আগ-পিছ নুগুণি) সুন্দৰ, তেন্তে মই তোমাৰ বিষয় সঁচা কথা কওঁ। তোমাৰ এই সত্যৰ দোহাই আটাইবোৰ ভণ্ডামি। (আঙুলি দাঙি থিয় হৈ) তুমি—তুমি অবৈধ প্ৰণয়ত আবদ্ধ—আৰু সেই অবৈধ প্ৰণয়ৰ বিঘিনি ঘটিব বুলিয়েই বিয়া কৰাবলৈ অসন্মতি কৰিছিলা, আৰু এতিয়া বাধ্যত পৰি বিয়া কৰাই—সেই প্ৰণয়ৰ প্ৰাবল্য হোৱাত বিবাহ বান্ধোনৰ পৰা মুক্তি বিচাৰিছা। সত্যৰ স্পৃহা, সমাজ সংস্কাৰ উচ্চ হৃদয়তাৰ ভাও ধৰি তুমি মাত্ৰ তোমাৰ—

সুন্দৰ— (খঙত অগ্নিমূৰ্তি ধৰি) হীন কাপুৰুষ! অপবিত্ৰ মনৰ গৰাকী শঠতাৰ প্ৰধান সেৱক! মোকো তোমাৰ দাপোণত প্ৰতিফলিত তোমাৰেই প্ৰতিবিম্ব বুলি ভাবিছানে? মই ভুল কৰিছো। তোমাক মই যি বুলি ভাবিছো তুমি সি নোহোৱা। উদাৰতাই, সত্য চেনেহ, যুক্তিয়ে তোমাক বুজাব নোৱাৰে। অনঙ্গৰাম, এই মুহূৰ্তৰেপৰা তুমি মোৰ বন্ধু নোহোৱা। মই ৰজা আৰু তুমি মোৰ প্ৰজা। মই ন্যায়দণ্ডধাৰী বিচাৰক, তুমি দোষী। মূৰ পাতি মোৰ দণ্ড গ্ৰহণ কৰিবলৈ বাধ্য। যুক্তিৰে আৰু সত্যৰ দোহাই দি যেতিয়া ন্যায় কাম কৰাব নোৱাৰি তেতিয়া কঠোৰ শাসনেৰে তাক সমাধা কৰিব লাগিব (বপুৰাক) বপুৰা, মাতি আন মোৰ গা-ৰখীয়া সেনাক।

 [অনঙ্গ খঙত তলমূৰকৈ থাকে। বাহিৰত শিঙা বাজে আৰু অলপ পাছতে কেইটামান দৈত্য যেন চাওডাং আহি সুন্দৰৰ আগত আঁঠু লয়হি।] [ ৫০ ] সুন্দৰ— (অনঙ্গ) অনঙ্গৰাম, ছিঃ অবৈধ প্ৰণয় মোৰ? কি অলীক কল্পনা। কি নিজৰ অন্যাস কাৰ্যৰ হীন প্ৰতিষেধক বাক্যৰ প্ৰয়োগ। মোৰ অবৈধ প্ৰণয়? (তললৈ মূৰকৈ বেজাৰত) উস্! ইয়াতকৈ আৰু বন্ধুৱে কি ডাঙৰ আঘাত দিব পাৰে? তোমাৰ মানসিক কাপুৰুষালি ঢাকিবলৈ কি মিছাৰ সৃষ্টি কৰিলা!

অনঙ্গ— (ভয়ংকৰ উত্তেজিত হৈ) মিছা? মিছা?? মিছা??? অতি সত্য , ই অতি সত্য! সুন্দৰ!

সুন্দৰ— (এটা অনুকম্পাৰ হাঁহিৰে) সত্যনিষ্ঠ ভূতপূৰ্ব বন্ধুবৰ! শুনা তোমাৰ ৰজাৰ আদেশ। এই কাঞ্চনমতী আজি এই মুহূৰ্তৰপৰা তোমাৰ! (কাঞ্চন আৰু অনঙ্গ বিষমকৈ উচপ্ খোৱা যেন হয়) মই ৰজাই তোমাক সেই অধিকাৰ দান কৰিলো। আজি বিদায়ৰ পৰত তোমাৰ ভূতপূৰ্ব্ব বন্ধুৰ শেষ দান গ্ৰহণ কৰা। আৰু তোমাৰ শত্ৰুৰ, ৰাজ-শত্ৰুৰ, তোমাৰ কাপুৰুষতাই জন্ম দিয়া শত্ৰুৰ দণ্ড গ্ৰহণ কৰা। মই—তোমাক অনঙ্গৰাম বৰগোহাঁইক আৰু কাঞ্চনমতীক মোৰ ৰাজ্যৰপৰা নিৰ্বাসন দিলো। (কাঞ্চন থক্ থক্ কৰে কঁপি মাটিত পৰি যায়। অনঙ্গ ধীৰ-স্থিৰ ) চাওদাঙহঁত, মোৰ ৰাজ্যৰ সীমা বাহিৰ কৰি এই মানুহহালক এৰি থৈ আহগৈ।

[চাওদাঙবোৰে সেৱা কৰি মাটিত মূৰ লগায়]

পুৰণি জীৱন পাহৰি গৈ ন জীৱন দেশত আৰম্ভ কৰাগৈ। বিদায়।

[সুন্দৰ গহীন হৈ ওলাই যাবলৈ খোজ দিয়ে]

অনঙ্গ— সুন্দৰ, সুন্দৰ! বন্ধু হৈ বন্ধুক নুবুজিলা। পণ্ডিত হৈ যুক্তি নুশুনিলা। হৃদয়ৱান হৈ আনৰ কলিজাৰ তেজেৰে ফাকু খেলিলা—মনত ৰাখিবা সুন্দৰ কোঁৱৰ! তুমিও সাৰি [ ৫১ ] নোযোৱা। যি ৰথৰ বাঘজৰী ধৰি তুমি নিৰ্ম্মম ভাবেৰে, আমাৰ ওপৰেদি ৰথ চলাই লোহাৰ চকৰিৰে আমাক নিষ্পেষিত কৰি গলা, এদিন—এদিন—তুমিও নিজেই তোমাৰ এই নিজৰ ৰথৰ চকাৰ তলত পৰি নিষ্পেষিত হবা। যি অগ্নিৰে ধেমালি পাতি তুমি আনৰ ঘৰ ভস্মীভূত কৰিলা, সেই অগ্নিয়ে উভতি তোমাৰ জীৱন ছাৰখাৰ কৰিব তোমাক তিল-তিলকৈ পুৰি তোমাক মৰ্ম্মে মৰ্ম্মে মোৰ হৃদয়ৰ জ্বালা অনুভৱ কৰাব আৰু তোমাৰ প্ৰতি লোমকূপ এটি জ্বালাময়ী আগ্নেয়গিৰিত পৰিণত হ’ব।

[ ৫২ ]
তৃতীয় অংক
প্ৰথম দৰ্শন

 [সুন্দৰৰ শোৱনি কোঠা। (প্ৰথম অংক প্ৰথম দৰ্শনৰ দৰে, কিছুমান বস্তু থোৱাত মাথো সাল-সলনি) সন্ধিয়া লাগি আন্ধাৰ হোৱাৰ কিছু সময় পাছত। শেৱালি আৰু ৰেৱতীক কোঠাত পালেঙ সজোৱা ইত্যাদি বন কৰি থকা দেখা যায়। দুয়োজনীৰে মুখত গোমোঠা ভাব। শেৱালিক বৰ ক্ষীণ আৰু উদ্বিগ্ন দেখা গৈছিল। উপবাসত থকা ক্ষীণ মুখত এটা তপঃক্লিষ্ট জেউতি মুখত উঠাৰ দৰে তাইৰ মুখত এটি জেউতি বিৰিঙিছিল। তাইৰ খোজ-কাটলত, চাৱনি-হাব ভাবত অন্তৰৰ ঘোৰ অশান্তি আৰু চাটি ফুটি প্ৰকাশ পাইছিল। শেৱালি এবাৰ বন কৰি থাকোতে এখন দাপোণৰ সন্মুখীন হয়। দাপোণত মুখ দেখি নজনা ভাবে আউল-বাউল চুলিবোৰ অলপ ভাল কৰি ল’বলৈ প্ৰয়াস পায়—তাকে দেখি ৰেৱতীয়ে।]

ৰেৱতী— (কঠোৰ কৰ্কশ মাতেৰে) হৈছে হৈছে, এতিয়া চুলি মেলাব নেলাগে, পালেহি—

শেৱালি— পাওকহি—তই—

ৰেৱতী— ছিঃ কটা লাজো নালাগে। মোৰ এনেবোৰ কথা ওলোৱা হ’লে মই দাপোণ চাই মূৰ মেলাও ছাৰি বৰ পুখুৰীত জাঁপ দি মৰিলোহেঁতেন।

শেৱালি— মৰিবৰ মন আছে তই মৰগৈ। মই মিছা কথাতে কেলৈ মৰিমগৈ! তইয়ে মোৰ কথা ফুফু-ফাফা কৰি এইদৰে উলিয়ালি। তই কম নহৱ। মন আছিল তোৰ—পিছে কোঁৱৰে মোক অলপ মৰম কৰে দেখি তই খিয়ালত—

ৰেৱতী— (খঙত পকি-জকি) তেনে কথা নকবি—মই—মই কৈছোনে? গোটেই ৰাইজেই কৈছে। ৰাজমাওৰ চকু নাই? কাৰেঙেৰ ইমানবোৰ মানুহৰ চকু নাই? আও মোৰ বিধি—ইমানবোৰ [ ৫৩ ] তোৰ লাজ লগা নাই। তোৰ কাৰণেই কোঁৱৰে নিজৰ বিয়া কৰোৱা তিৰোতাৰ তেনে গতি কৰিলে—কল্যাণ কুঁৱৰী বিহ খাই মৰিবলগীয়া হল অনঙ্গ ডেকা দেউতা দেশ এৰি দেশান্তৰী হল। ৰাম মোৰ ঈশ্বৰ—তই কোঁৱৰৰ মূৰটো খালি—কাৰেঙত জুই দিলি—তই শাঁকিনী। সেইবুলি এতিয়াও জানো লাজ হৈছে—আকৌ মূৰ মেলাই কোঁৱৰক ভুলা—

(ৰাজমাও সোমাই আহি উগ্ৰমূৰ্ত্তি ধৰি)

ৰাজমাও— (শেৱালিক) তোক—তোক মই কোঁৱৰৰ কোঠালিলৈ আহিবলৈ হাক দিছো নহয়—নেলাগে তই মোৰ লৰাৰ আল-পৈচান ধৰিব।

শেৱালি— (তললৈ মূৰ কৰি) মই মই—ৰেৱতীয়ে মোক মাতি আনিছে।

ৰেৱতী— মই মইহে অনা হ’লো—

শেৱালি— নাই—নাই—মতা?

ৰাজমাও— মনে মনে থাক। ওলাই যা—ওলাই যা তই—ওলাই যা। তই মোৰ ঘৰ ভাঙিলি—মোৰ ল’ৰাক বলিয়া কৰিলি। ঘৰত জুই দিলি। ( শেৱালিয়ে হুক হুক কৈ কান্দিবলৈ ধৰে) কান্দি কান্দি দেখুৱাইছ—ৰ তোৰ মঙহ খাম। তোৰ মই জীৱ লৈহে এৰিম। যা—ওলা—ওলা।

(শেৱালি কান্দি কান্দি ওলাই যাইগৈ)

ৰেৱতী— ৰাজমাও দেউতা—এই শাঁকিনীক কাৰেঙত থলে যি হৈছে দেখিছেই নহয়—

ৰাজমাও— তই বাৰু মোক বুধি দিব নালাগে। তাৰ উপায় মই কৰিছো। তাইক মই আঁতৰাবৰ দিহা ভালকৈয়ে কৰিছো। উস্ উস্ প্ৰভু মোৰ! এনে বুলি জনা হ’লে, কথা ইমানলৈকে শিপাইছে বুলি জনা হ’লে, তাইৰ মই কেতিয়াবাই— [ ৫৪ ] ৰেৱতী—আইদেউতা, মই কোঁৱৰে বিয়া কৰাওঁ নকৰাওঁকৈ থকাতেই কৈছিলো নহয়—বোলো, শাস্ত্ৰ ভাগৱত পঢ়াৰ বাবে নহয় কথা ক’ৰবাতহে।

ৰাজমাও—এৰা, এৰা, মই—হে হৰি ( দীঘল হুমুনিয়াহ পেলাই )

( সুন্দৰ আৰু সুদৰ্শন সোমাই আহে )

ৰাজমাও—( সুন্দৰক দেখিয়েই খঙত বেজাৰত জৰ্জৰিত হোৱা হেন হয় আৰু থোকাথুকিকৈ ) তই—তই—কি—কি হ’ব খুজিছ? বলিয়া হলিনে পগলা হলিগৈ? কি হলি এই আজি তিনি দিন জ্বৰীয়া গাৰে কলৈ ওলাই গৈছিলি—তই—তই— সুন্দৰ—আইদেউতা—তুমি কি বকিছা?

ৰাজমাও—বকিছো! মই বকিছো? মই বলিয়া হৈছো। তই মোক খালি। তই মোক বলিয়া কৰিলি। ক’ত দেখিছা, ক’ত শুনিছা —লিগিৰি এজনীৰ সতে বলিয়া হৈ—

সুন্দৰ—তুমি এইবোৰ কি কৈছা?

ৰাজমাও—সঁচা কৈছো। গোটেই ৰাইজৰ মানুহে কি কৈছে-কাৰেঙৰ কোঠাই কোঠাই কিহৰ মেল? উস্? আগতে এনে ফেটী সাপ পুহিছিলো বুলি জনা হ’লে—হে ঈশ্বৰ

সুন্দৰ—( হাঁহি সেইবোৰ কথা উৰাই দিব খুজি ) সেইবোৰ কথাত তুমি বিশ্বাস নকৰিবা আই। ৰজাৰ কোঁৱৰে লিগিৰীক তিমান ওখ শাৰীলৈ নোতোলে।

ৰাজমাও—হাঁহিছ নিলাজ তই। তোৰ মান-অপমানৰ জ্ঞান নাই। তই সেইবোৰৰ বহু তললৈ গলি। ইমান দিন মোক ভুৱা দিলি—ভুৱা দিলি— [ ৫৫ ] সুন্দৰ—ভুৱা একো দিয়া নাই। তোমাৰ মগজুত বহু আবৰ্জনাই ঠাই পাইছে তাক উলিয়াবৰ ব্যৱস্থা কৰাগৈ যোৱা।

ৰাজমাও—( খঙত টিকিছি-বিকিছি হৈ ) আৱৰ্জনা মোৰ মূৰত নে তোৰ মূৰত। তই যিবোৰ কাম কৰিলি—

( সুন্দৰে বাধা দি )

সুন্দৰ—সেইবোৰ কথা তুমি নুবুজা। সমাজে বেয়া বুলিছে দেখি তোমাৰ মূৰ ঘূৰাইছে। যোৱা, মোক আমনি নকৰিবা। মই এনে অশান্তিত থাকিব নোৱাৰো—মই কাৰেঙ এৰি ক’ৰবালৈ গুচি যাম।

 [ ৰাজমাও খঙত কঁপি-কঁপি কিবা ক’ব খোজোতেই বাহিৰত কোনোবা তিৰোতাৰ হৃদয়বিদাৰক কান্দোন শুনা যায় আৰু “ৰাজমাও দেউতা, কোঁৱৰ, মোৰ জীয়াৰীৰ কি হ’ল অ’ কোঁৱৰ” বুলি কন্দা সুৰে মতা শুনা যায়। ]

ৰাজমাও—এস্! এস্ সেইজনী বুঢ়ী গোহাঁয়নী বলিয়া বতিয়া হৈ ওলাইছেহি। হে প্ৰভু! কি কৰিলা-কি মেলিলা!

 [ ৰাজমাও ওলাই যাব খোজোতেই কান্দি বাউলি হৈ কল্যান কুঁৱৰীৰ মাক বুঢ়ী গোহাঁয়নী তালৈ হিয়ালি-জিয়ালিকৈ সোমাই আহে। সুন্দৰলৈ চাই “অ’ মোৰ জীয়াৰীক ক’ত মাৰিলাগৈ” বুলি কান্দি মাটিত ধাঁচকৈ লুটি খায় পৰেহি। আটাইবোৰ ব্যতিব্যস্ত হৈ পৰে। ৰাজমাৱে লৰালৰিকৈ ওচৰলৈ গৈ মূৰটো দাঙি ধৰে। ৰেৱতী, সেউজী আটাইবোৰ লিগিৰী তাত ওলায়হি। কোনোৱে বিচে, কোনোৱে পানী আনে। সুন্দৰে সেই ফালেই তললৈ মূৰকৈ থিয় হৈ থাকে। বুঢ়ী গোহাঁয়নীয়ে উঠি বহি আকৌ হুৰাও-ৰাওকৈ কান্দিবলৈ ধৰে। সুন্দৰৰ ফালে চাই চাই—“অ’ মোৰ জীয়াৰীক কি কৰিলা—ক’ত মাৰিলাগৈ—অ’ মোৰ কাঞ্চন তোক ক’ত হেৰুৱালো মই”—কান্দি কান্দি ঢাল খাই পৰি যায়—ৰাজমাও লিগিৰিহঁতে দাঙি লাহে লাহে খোজ কঢ়াই লৈ যায়। অলপ পৰ পাছত বাহিৰত কন্দাৰ শব্দ শুনা যায়—তাৰ পাছত সকলো নিতাল হয়। সুন্দৰে আহি পালেঙত বহে, আৰু মূৰে-কপালে হাত দি কিবা ভাবিবলৈ ধৰে। তাৰ পাছত সুন্দৰে ঘোৰ অশান্তি পাই, ছাটি-ফুটি কৰি পালেঙৰ পৰা উঠি ইফালে-সিফাল কৰি [ ৫৬ ] আকৌ পালেঙত দীঘল দি পৰি থাকে—সুদৰ্শন ওচৰৰে মূঢ়া এটাত বহে আৰু ধূপ কাঠি এডাল, ওলমি থকা চাকিত লগাই এখন শৰাইত থয়। ধূপৰ ধোঁৱাৰ সুগন্ধত সুন্দৰে অলপ অলপ অস্বস্তি বোধ কৰা যেন কৰি হঠাৎ উঠি সুদৰ্শনৰ চকুৱে চকুৱে চাই ]

সুন্দৰ—বন্ধু—এই কথাবোৰৰ বিষয়ে তুমি কি ভাবা?

সুদৰ্শন—কি কথা?

সুন্দৰ—শেৱালিৰ সতে মোৰ এনে—

সুদৰ্শন—বুজিছো। (মিচিককৈ হাঁহে)

সুন্দৰ—হাঁহিলা দেখোন।

সুদৰ্শন—এৰা।

সুন্দৰ—( প্ৰশ্নসূচক দৃষ্টিৰে আৰু কৌতুহল পূৰ্ণ ভাৱেৰে সুদৰ্শনলৈ চাই ৰৈ থাকে )

সুদৰ্শন—তুমি শেৱালিক আন লিগিৰিতকৈ মৰম কৰা?

সুন্দৰ—কৰো নেকি?

সুদৰ্শন—তুমি যেই সেই কামতে শেৱালিকহে মাতা?

সুন্দৰ—জানো। হ’বলা।

সুদৰ্শন—আন লিগিৰিতকৈ তাইৰ সতে কথা-বতৰা সৰহ?

সুন্দৰ—( সুন্দৰে যেন কিবা মনত পেলাব খুজিছে এনে ভাৱ ধৰে। )

সুদৰ্শন—লিগিৰিবোৰৰ সতেতো তুমি ঠাট্ৰা-মস্কৰা বা ৰং ধেমালি নকৰা?

সুন্দৰ—নিশ্চয় নকৰো।

সুদৰ্শন—কিন্তু শেৱালিৰ সতে মাজে মাজে—

সুন্দৰ—কৰোনে কি?

সুদৰ্শন—সেই বিষয়ে তোমাৰ সন্দেহ আছে।

সুন্দৰ—পিছে কৰিলোৱেই যেনিবা।

সুদৰ্শন—বন্ধু, পিছে সেই যেনিবায়েই কথা কেনিবা নিছেগৈ। [ ৫৭ ] সুন্দৰ— কেনেকৈ?

সুদৰ্শন— তেনেকৈয়ে। সেইবোৰেই প্ৰতীয়মান কৰাইছে যে তুমি শেৱালিলৈ আসক্ত। তিৰোতাৰ মানুহৰ কথা, তাকে লিগিৰী টোলত বঢ়াই নি নি মাখিটোকে হাতীটো যেন কৰিলে, এতিয়া সেই হাতীটোৱে বনৰীয়া হৈ গাঁও নগৰ হাবি বন গোটেইখন মহটিয়াই ফুৰি উৎপাতৰ সৃষ্টি কৰিছে।

সুন্দৰ— হঁ—(বুলি মৌন হয়)

সুদৰ্শন— (কিছুপৰ মনে মনে থাকে) আৰু এটা কথাও। এই বিষয়ে আজি কিছু দিনৰ পৰা মোৰ ঘোৰ সন্দেহ হৈছে।

সুন্দৰ— কি?

সুদৰ্শন— (সৰুকৈ) শেৱালিয়ে তোমাক ভাল পায়।

সুন্দৰ— (টোপনিৰ পৰা সাৰ পোৱাৰ দৰে) লিগিৰি এজনীৰ ইমান স্পৰ্দ্ধা!—কেনেকৈ?—কেনেকৈ?

সুদৰ্শন— ভালপায় মানে তোমালৈ আকাঙ্ক্ষা নকৰে। জোনটোক যেনেকৈ মানুহে ভাল পায়, কিন্তু তাক পাবলৈ আকাঙ্ক্ষা নকৰে , পোৱা অসম্ভৱ বুলি জানে, কিন্তু তাৰ শীতল কিৰণত ফুৰি আনন্দ পায়, সেইদৰে তাইয়ো তোমাক পাবলৈ কেতিয়াও আকাংক্ষা নকৰে, কিন্তু তোমাৰ মৰমৰ উমনি সপোন দেখি বলিয়া হৈ থাকে।

সুন্দৰ— তিৰোতাই ভাল নেপায়—মিছা কথা।

সুদৰ্শন— সেই বিষয়ে মই তৰ্ক কৰিবলৈ নাযাওঁ। মাত্ৰ মোৰ সন্দেহৰ কথাটো কলো। সময়ত সকলো কথা তল পৰি যাব , আৰু মানুহে পাহৰি যাব। সেই কাৰণে এইবোৰলৈ তুমি বৰকৈ কাণ নিদিবা! কথাটো বৰ নাভূত নাশ্ৰুত হ’ল—সমাজত [ ৫৮ ] আলোড়ন হ’বই আৰু মানুহে গুৰি বিচাৰি স্বাভাৱিকতে ফুৰিবই। দুদিনৰ পাছত আকৌ পাহৰি পেলাব—লেঠা ছিগিব।

সুন্দৰ— হুঁ (সুন্দৰে যদিও দেখাতে সেই বিষয়ে নমতা হয় তথাপি মনৰ ভিতৰত সেইবোৰ কথা যে পাগুলিবলৈ আৰম্ভ কৰিছে তাক মুখৰ ভাৱত বেছ বুজিব পৰা হয়)

সুদৰ্শন— বন্ধু, এতিয়া নিশাও হ’লহি—তুমি শুবলৈ দিহা কৰা। ময়ো যাওঁ। কাইলৈ পুৱা আকৌ বাৰু কথা পাতিমহি।

(এই বুলি সুদৰ্শন উঠে)

সুন্দৰ— নহয় বন্ধু , অলপ বহা, মোৰ মনটো কেনেবা কেনেবা লাগিছে। এটা গীত গোৱা, তাৰ পাছত যাবা।

সুদৰ্শন— হয়নেকি বাৰু তেন্তে। কোন আছে? সেউজি টোকাৰীখন লৈ আহছোন।
 [সেউজিয়ে অলপ পাছতে টোকাৰীখন দি আহে, সুদৰ্শনে লৈ গায়]

গীত

মোৰে জীৱনৰে সখা কৃষ্ণ তই
মোৰে জীৱনৰে সখা কৃষ্ণ।
মোৰে জীৱনৰে সখা কৃষ্ণ তই
 বজাৱ কিসুৰে বেণু।
কপালতে তোৰ কোনে আঁকি দিলে ইন্দ্ৰধনু?
পুৱতি নিয়ৰে, সানে চৰণতে
 শুকুলা মুকুতাৰ ৰেণু
অ’ তোৰ শ্যামল গাতে কোনে
 চন্দন পিন্ধালে
অ’ তোৰ ফুল কুমলীয়া তনু

[ ৫৯ ]

বজাৱ সোণৰে বেণু কৃষ্ণ তই
 বজাৱ সোণৰে বেণু।
সুৰৰে জিঞ্জিৰি পিন্ধালি মোক
 সুৰৰে জিঞ্জিৰী।

[গীত শেষ হলত সুদৰ্শন উঠে]

সুদৰ্শন— তেন্তে বন্ধু তুমি শুবলৈ দিহা কৰা। মিছা চিন্তাবোৰ কৰি নাথাকিবা। মই যাওঁ।

 [সুন্দৰে আনমনা হৈ বাৰু বুলি কয়। সুদৰ্শন লাহে লাহে ওলাই যায়গৈ। কিছুপৰৰ পাছত সুন্দৰ পালেঙৰ পৰা উঠি বৰ উদ্বিগ্নতাৰে কোঠাটোত অহা-যোৱা কৰি থাকে। তাৰ পাছত পালেঙত বহি , কিবা এটা অৱসাদত ভাগৰি পৰাৰ দৰে, ভৰি ওলোমাই থৈ পালেঙত পৰি থাকে। অলপ পৰৰ পাছত শেৱালিয়ে ৰূপৰ কাঁহী এখনত এটা ৰূপৰ বাণবাটিত তপত গাখীৰ আনি কোঠাটোত সোমায়হি আৰু সুন্দৰক সেইদৰে পৰি থকা দেখি থমক খাই ৰয়। তাৰ পাছত থৰক-বৰক কৰি সুন্দৰৰ ওচৰৰ মূঢ়া এটাত কাঁহীখন থৈ তল মূৰ কৈ]

শেৱালি— ডেকা কোঁৱৰ, তপত গাখীৰ ৰাজমাৱে পঠাই দিছে।

[সুন্দৰ গিৰিপ কৰে বিছনাত উঠি বহে আৰু শেৱালি দুখোজমান পাছলৈ হুহকি যায়]

সুন্দৰ— (তীব্ৰভাৱে শেৱালিলৈ চাই কৰ্কশ স্বৰে)
আই দেউতাই তোৰ হাততে পঠাই দিছেনে?

শেৱালি— ( কওঁ নকওঁকৈ ) নহয়, ৰাজমাও দেউতাই শোৱনি ঘৰ সোমোৱাৰ আগতে চাংমাইক কোঁৱৰলৈ তপত গাখীৰ পঠাবলৈ কৈ গৈছিল—পিছে চাংমাইয়ে মোৰ হাততে পঠাই দিছে।

[সুন্দৰ মনে মনে থাকে। শেৱালিয়ে নমতা-নোবোলাকৈ কিছুপৰ ওচৰতে থিয় দি থাকি এখোজ দুখোজকৈ ওলাই যাবলৈ ধৰে। সুন্দৰ ঘপহ কৰে থিয় হৈ] [ ৬০ ] সুন্দৰ—শেৱালি এই ফালে আহ! (শেৱালি আচৰিত হৈ উভটি আহে। আৰু সুন্দৰৰ মুখ ৰঙা পৰে) দুৱাৰখন জপাই আহ।
[ শেৱালিযে কি কৰ কি নকৰকৈ ধৰক বৰক কৰি দুৱাৰৰ ফালে যাও নাযাওকৈ সুন্দৰৰ মুখলৈ চাই থাকে।

সুন্দৰ- (অলপ খঙেৰে। দু—ৱাৰ খ—অন জপাবলৈ কৈছো নহ—য়ই।

[ শেৱালি কিংকৰ্তব্যবিমূঢ় হৈ নীৰৱ নিস্পন্দ হৈ শিলা মূৰ্ত্তিৰ দৰে মাথোন সুন্দৰৰ মুখলৈ চাই থাকে। ]


তই শুনিছনে—নাই?

[ শেৱালিযে খৰকৈ গৈ দুৱাৰ জপাই আহি নিৰীহ ভাবে ঠিয় দি থাকে। সুন্দৰ ওচৰলৈ আহি আক্ৰমনৰ ভাবেৰে ]


তই এইদৰে যতে ততে এইবোৰ কি কথা উলিয়াই ফুৰিছ?

শেৱালি—মইনো কি উলিয়াম।

সুন্দৰ—মানুহে এইবোৰ কথা কৰ পৰা কবলৈ পাইছে?

শেৱালি-- জানো মানুহে এইবোৰ কিয় উলিয়াইছে।

[ সুন্দবে শেৱালিৰ মুখৰ ভাব লক্ষ কৰি পাছ হুহকি পালেঙত বহি ]

সুন্দৰ—শেৱালি, তই মোক ভাল পাৱনে?

শেৱালি—( স্বাভাৱিক ভাৱে ) পাও কোঁৱৰ।

সুন্দৰ—(উগ্ৰ হৈ) মোক—ভা—ল পাৱ?

শেৱালি—( ভয় খাই নমতা হয় )

সুন্দৰ—( আত্ম সম্বৰণ কৰি ) কিয়? কিয় ভাল পাৱ?

শেৱালি—এনেয়ে ভাল পাওঁ।

সুন্দৰ—( তীব্ৰতা আৰু ঘৃণাৰে ) এনেয়ে পাৱ—? কেতিয়াও নহয়। ভাল পাৱ? এনেয়ে? এনেয়ে? মই—মই তোৰ তিৰোতাৰ লুইত বান ফেনে ফোটোকাৰে বোৱা আকাঙ্ক্ষাৰ ভালকৈ সোণ—ৰূপ—মণি—মুকুতাৰে যোগান ধৰিব পাৰিম বুলি। সেই কাৰণে—সেই কাৰণে ভাল পাৱ? তিৰোতা—তিৰো [ ৬১ ] তাই ভাল পোৱা দিব! স্বাৰ্থৰ অগ্নিত ভাল পোৱা পুৰি ভস্ম কৰি ছাইসোপা আনি আগত ধৰি কৈছে, “হোৱা এয়া ভাল পোৱা” আৰু আমি পুৰুষে সেই ছাইখিনিকে গাত সানি সকলো পাহৰি প্ৰণয়ৰ ধুনী জ্বলাই—তিৰোতাৰ প্ৰেমৰ বৰাগী।

[ শেৱালিয়ে একো বুজিব নোৱাৰি তবধ লাগি থাকে। ]

তই মোক এনেয়ে ভাল নাপাৱ। ভাল পোৱাৰ ছাই তহঁতে পুৰুষৰ চকুত মাৰি পুৰুষক কমা-মুনা কৰ, পুৰুষক ভুৱা দিয়া মায়াবিনী।

[ এই বুলি সুন্দৰ শেৱালিৰ ওচৰলৈ চোঁচা মাৰি যোৱাদি যায় আৰু শেৱালি পাছ হুহকি যাওঁতে মেখেলাত গচকা খাই পৰে ]

সুন্দৰ—( তাচ্ছিল্যৰে ) এনেয়ে ভাল পাৱ! এনেয়ে ভাল পাৱ!

[ শেৱালিয়ে কান্দিবলৈ ধৰে ]

এনেয়ে ভাল পাৱ? এনেয়ে?

শেৱালি—(কান্দি কান্দি) পাওঁ। এ—নে—য়ে। (কান্দে)

সুন্দৰ—মিছা—মিছা মিছা।

শেৱালি—(বৰকৈ উচুপি উচুপি ) পা—ওঁ—এনে—য়ে।

 [ সুন্দৰে বিৰক্তি আৰু ঘৃণাৰে শেৱালিলৈ চাই আহি পালেঙত বহেহি। শেৱালিয়ে কান্দি কান্দি উঠিবলৈ ধৰে। সুন্দৰে তীব্ৰভাৱে চাই থাকে। তাৰ পাছত সুন্দৰে খঙেৰে শেৱালিৰ ওচৰলৈ আহি তাইৰ বাহুত ধৰি থিয় কৰি দুৱাৰৰ ফালে হেচোক মাৰি পঠায়। তাই পৰিবলৈ ধৰো ধৰো হৈ ৰয়গৈ। উচুপি উচুপি এখোজ দুখোজ কৈ ওলাই যায়গৈ। সুন্দৰে থৰ লাগি তাইৰ ফালে চাই থাকি পাছ হুহকি আহি পালেঙৰ ওচৰত ৰয়হি। লাহে লাহে সুন্দৰৰ উগ্ৰ মুখখন কুমলি আহে। কিবা এটা কাৰুণ্যই সুন্দৰক জুমুৰি দি ধৰেহি। সুন্দৰ কৰুণ কোমল ভাৱত অভিভূত হৈ পৰে। দীঘলকৈ উশাহ লৈ পালেঙত বহে। আৰু কিবা এক ভাৱত থাকি দুই হাতেৰে নিজে নজনাকৈয়ে যেন পালেঙৰ কাপোৰবোৰ সামৰি-সুতৰি আনি বুকুৰ মাজত সাৱটি ধৰি দীঘলকৈ হুমূনিয়াহ পেলায় ] [ ৬২ ]
দ্বিতীয় দৰ্শন

 [ কাৰেঙৰ লিগিৰিটোলৰ এটা কোঠা। আন্ধাৰ। সাজ-সজ্জা বা বেৰা একো আন্ধাৰত দেখা নগৈছিল। ওচৰৰ আনটো কোঠাৰ দুৱাৰেদি চাকিৰ অলপ অলপ পোহৰত মাত্ৰ মানুহ বা আন বস্তুৰ চকা মকাকৈহে আকৃতি-প্ৰকৃতি চিনা গৈছিল। তাত কেইজনীমান লিগিৰী সুদা মাটিতে শুই থকা দেখা গৈছিল। এনেতে এজনী লিগিৰি এন্ধাৰে মুন্ধাৰে আহি আন এজনী লিগিৰিক জগোৱা দেখা যায় আৰু ফুচফুচকৈ কথা পতা যেন দেখা যায়। তাৰ পিছত এজনী শোৱাৰ পৰা উঠা যেন দেখা যায়; উঠি দুইজনী ৰং মনেৰে কিছু আগ ভাগলৈ আহে। শেৱালি আৰু সেউজী। শেৱালিৰ বাহুত ধৰি সেউজী ]

সেউজী—( অলপ সৰু মাতেৰে ) শেৱালি তই ভয় নকৰিবি। তোক ৰাজমাৱে কিবা ভিতৰুৱা কথা শুধিবলৈহে মাতিছে।

শেৱালি—( বৰ ভয় খোৱা যেন হৈ ) সেউজী মোৰ ভয় লাগিছে। ৰাজমাও দেউতাই এইদৰে এনে নিশা কোন কাহানিও মাতি পঠোৱা নাই।

সেউজী—নাই নাই— এইবোৰ নানান্‌ কথা ওলাইছে নহয—সেই বিষয়ে হ’ব পায়।

শেৱালি—নহয় নহয়, মোৰ বৰ ভয় লাগিছে, ৰাজমাৱে মোক কিবা কৰিব।

সেউজী—নাই—নাই—মইয়ো যাম লগতে।

শেৱালি—আহ সেউজী মোক—নেৰিবি—অ’ সেউজী, আজি কেইদিনমানৰ পৰা মোৰ সোঁ চকু সোঁবাহু বৰকৈ লৰি আছে। বৰ ভয় লাগিছে।

[ কন্দাৰ দৰে শেৱালিয়ে কুঁকুৱাই ]

সেউজী—কেলৈ মিছাকৈয়ে ভয় কৰিছ? আহ-একো নকৰে আহ।

 [ সেউজীয়ে বাহুত ধৰি শেৱালিক লৈ যায়; শেৱালি যাওঁ নেযাওঁকৈ বৰ অনিচ্ছাৰে অথচ বাধ্যত পৰি যোৱাৰ দৰে যায়। আনটো কোঠাত থকা চাকিটো সিহঁতে লৈ যোৱাগৈ বাবে এতিয়া এই কোঠাটো সমূলি আন্ধাৰ হৈ পৰে। ] [ ৬৩ ]
তৃতীয় দৰ্শন

 [ ৰাজকাৰেঙৰ এটা কোঠা। সুন্দৰ কোঁৱৰ আৰু সুদৰ্শনে কিবা পুথি এখন লুটিয়াই-পুটিয়াই চাই আছিল। সুন্দৰে নিৰ্বিকাৰভাৱে হাঁহিছিল আৰু বপুৰাৰ লগত কথা পাতি আছিল যদিও মাজে মাজে বৰ উদ্বিগ্ন হৈছিল। বপুৰাই সুন্দৰৰ ওচৰতে বহি কথা পাতিছিল। ]

সুন্দৰ—( হাঁহি ) বপুৰা তোৰ বাৰু তিৰোতালৈ এনে বিৰাগ কিয় জন্মিল? বপুৰা—কোঁৱৰ, তিৰোতা জাতিটো বৰ ‘খেচ’ জাতি। সংসাৰৰ কথা-বতৰা নিজেও নুবুজে, আনে বুজালেও কিবাখন খেলি মেলি কৰি বুজাকো বিমোৰত পেলায়—অলপো যদি মৰম বুজে কিনো কম কোঁৱৰ! সুন্দৰ—কেলৈ তই দেখোন বিয়া কৰোৱাৰ আগেয়ে তিৰোতা লাগে লাগে বুলি হামৰাও কাঢ়ি মৰিছিলি। এতিয়া কি হ’ল আকৌ? বপুৰা—এৰা কোঁৱৰ, কাঢ়োঁতে কাঢ়িছিলোঁ। সোণত সুৱগা চৰোৱা গাৰ বাকলিখন,—ডালিমগুটিয়া দাঁতকেইটিয়েদি মাঘৰ বিহুৰ মেজিৰ খৰিৰ মাজেদি ওলাই অহা জুইৰ নিচিনা বুকু পুৰি ভস্ম কৰা হাঁহিটো দেখি। বতাহে কোৱোৱা বিৰিণা সুহুৰি যেন মিঠা মাতটো শুনি। পিছে কি হ’ব? এনে টেঙৰ জাত ঐ—মোৰ গোসাঁই! আগেয়ে সেইখন দেখুৱাই কিনো কম কোঁৱৰ, বিয়াৰ কেইদিনমানৰ পাছতে, —সেইবোৰ নো কোন মেৰতলিত লুকুৱালে সেইয়া ভগৱতী গোসাঁনীয়েহে জানে। মানুহ বুলিয়েই নাভাৱে নহয় কোঁৱৰ!

[ সুন্দৰ আৰু সুদৰ্শনে হাঁহে ]

[ ৬৪ ] সুদৰ্শন—কি বুলি নো ভাবে অ’ তোক?

বপুৰা— হে হৰি! কি বুলি ভাবিব নো? গুটি ধানৰ ভঁড়ালটো বুলি।

[সুন্দৰ আৰু সুদৰ্শনে হাঁহে]

সুদৰ্শন—বাৰু বপুৰা , তোৰ তিৰোতাজনী তেনে হ’ল বুলিয়েই আটাইবোৰ তেনে হ’ব বুলি কিয় ভাবিছ?

বপুৰা—এটা ভাত পিটিকি চালেই বুজি নহয়, গোটেই চৰুটো সিজিছে নে নাই।

সুদৰ্শন—বাৰু, তই তিৰোতাবোৰক ভাতৰ লগত নিৰিজাই এপাছি সুমথিৰা টেঙাৰ সতেনো নিৰিজাৱ কিয়? তাৰে এটা গেলা পালে গোটেই পাছিটো জানো গেলা পাবি?

বপুৰা—(কিছুপৰ ৰৈ) হওতে হয় কথাটো। এৰা—মোৰেই কিবা পোকে খোৱা ভাইগ’। সেই গেলা সুমথিৰাটোতহে আকৌ হাতত পৰিলগৈ। মোৰ কপালখনো কপাল নহয়, বিধতাৰ চোতাল হে হ’বলা। তাত বিধতাই ওলাওঁতে এগচক সোমাওঁতে এগচক মাৰি দুবৰিবোৰতো খাস্তাং কৰিলেই তাৰ উপৰিও বোকা তুলিলে। দুখীয়াৰ কপাল চোতাল হ’লে এয়েই হয়, ধনীৰ কপাল বিধতাৰ চোতাল হ’লে আকৌ বিধতাই তাত মৰণা মাৰি ভালকৈ গুটি ধান পেলাইহে যায়।

সুন্দৰ—বপুৰা তই দেখোন এইবোৰ বৰ ভাল কথা কৈছ একা। ক’তনো শিকিলি?

বপুৰা—মোৰ ঈশ্বৰ! সৰুতে পঢ়াশালিত পঢ়িবলৈ নহ’ল। ক টোৰ চুককেইটা তাৰে— উৱাদিহ নাপাওঁ। পিছে এতিয়া বুঢ়া কালত আমাৰ শ্ৰীমতীয়ে যিখন পঢ়াশালি পাতিছেহি তাত শিকোৱা কথাৰ ভৰত বপুৰাৰ ৰাজহাড় ভেমেছা। আৰু [ ৬৫ ] কিছু শিকিলে বা কি হয়? কথাফাকি এইদৰে ক’লেহে শুনিবলৈ ভাল হয় বোলে—

গ’ল বপুৰা গ’ল বিয়া কৰাবলৈ গ’ল
 শ্ৰীমতীৰ লগ পাই ডেকা বপুৰাকাই
  ষাঠি বছৰীয়া হ’ল।

[সুন্দৰ-সুদৰ্শনে বৰকৈ হাঁহে]

সুন্দৰ—বপুৰা, বাৰু যাচোন শেৱালিক ভালকৈ তামোল দুখনমান আনিবলৈ কগৈ। [বপুৰাই উচপ খাই উঠে আৰু নুঠি বহি থাকি সুদৰ্শনৰ ফালে টহ্ টহ্ কৰে চাই থাকে] কি হ’ল? নাযাৱ কিয়?

বপুৰা—(বৰ চঞ্চল হৈ ) আইদেউতাই—শেৱালিক কোঁৱৰৰ ওচৰলৈ আহিবলৈ হাক দিছে নহয়—ময়েই আনোগৈ।

সুন্দৰ—(খংমুৱা হৈ) কেলৈ, তাইৰ কি দোষ—তাই কেলৈ মোৰ ওচৰলৈ নাহিব? যা তাইক— (মাতে) লিগিৰি! কোন আছ? শেৱালি?

[ৰেৱতী সোমাই আহে]

ৰেৱতী—কিবা ডেকা কোঁৱৰ?

সুন্দৰ—শেৱালি ক’তা? (ৰেৱতী মাতিব নোৱাৰা হৈ ৰঙা পৰে) শেৱালিক মাতি আনচোন।

ৰেৱতী—আইদেউতাই—

সুন্দৰ—নেলাগে মোক আইদেউতাৰ কথা—মই মাতিছো বুলি কগৈ। [ৰেৱতী নগৈ ৰৈ থাকে] নাযাৱ কিয়?

ৰেৱতী—আইদেউতাই খং—

সুন্দৰ— মই—মই—মই মাতিছো—যা, মাতি আন।

[এইবাৰ ৰেৱতী বেবুৱা হৈ যায়গৈ]

সুন্দৰ—এতিয়া শেৱালিৰ গাতহে জগৰ লাগিলগৈ। মিছাকৈয়ে নিৰপৰাধী ছোৱালীজনীক এনে অত্যাচাৰ কৰিছে। [ ৬৬ ] সুদৰ্শন—তুমিও নো ইমান অঁকৰা হৈছা কিয়! ৰাজমাও দেউতাই তাইক আহিবলৈ হাক দিছে যেতিয়া আন লিগিৰিয়ে আল-পৈচান ধৰক।

সুন্দৰ—কেলৈ তাইক মোৰ ওচৰলৈ আহিবলৈ নিদিব? মিছা ধাৰণা এটা কেলৈ মূৰত সুমাই থব?

সুদৰ্শন-কিন্তু তুমি এনে অঁকৰা হলে মানুহে ক’বলৈ আৰু—

সুন্দৰ— কওক—কওক। সেয়ে বুলি যদি ভাবিছে—তেন্তে—মই—মই—

সুদৰ্শন—এই বলিয়ালিখন নকৰিবা।

সুন্দৰ—কিহে তুমিও সেই। বলিয়ালিকে কৰিম। সমাজে এনেকৈ মিছা গোজ পুতি ধৰি থাকিব। বপুৰা—যা শেৱালিক মাতি আনগৈ।

বপুৰা—কেলৈ নামাতিম মোৰ স্বৰ্গদেৱ—তাইক মই এতিয়াই তামোল-পানৰ বটাৰে—

[এই বুলি বপুৰা গৰ্বৰে তাৰপৰা উঠি যায়]

সুদৰ্শন—সুন্দৰ তুমি কিছুমান আলগতিয়াল কথাৰ ওপৰত ইমান কিয় বল কৰা মই নুবুজো।

সুন্দৰ—অতি লাগতিয়াল। [বুলি আৰু একো নকৈ খংমুৱা হৈ মনে মনে থাকে। দুয়ো এইদৰে কিছুপৰ থকাৰ পাছত সুন্দৰ অধৈৰ্য্য হৈ—] বপুৰা! বপুৰা! (কাৰো মাত নাহে ) ৰেৱতী! শেৱালি! (কাৰো মাত নাহে।) কোন আছে? কোন আছে? [ সুন্দৰ থিয় হৈ ] বপুৰা! বপুৰা! [ বপুৰা লৰি সোমায়হি ] ক’তা শেৱালি ক’তা?

বপুৰা—জানো কোঁৱৰ, বিচাৰিছো দেখোন! ৰেৱতীয়ে লিগিৰী-টোলত চাবলৈ গৈছে।

সুন্দৰ—অথনিৰেপৰা ইমানপৰ কিয় হৈছে? ৰেৱতী! ৰেৱতী! [ ৬৭ ] (এনেতে ৰেৱতী চুচুক-চামাককৈ সোমাই আহে) পালি নে নাই শেৱালিক?

[ৰেৱতীয়ে উত্তৰ দিবলৈ অলপ থোৰোগেঁথো কৰে, এবাৰ তলমূৰ কৰে-এবাৰ বপুৰালৈ চায়।]

ৰেৱতী— ডেকা কোঁৱৰ শেৱালি লিগিৰী-টোলতো নাই।

[সুদৰ্শনে এতিয়া নিৰ্ব্বিকাৰ ভাব এৰি কথাবোৰলৈ ভালকৈ কাণ দিয়ে।]

সুন্দৰ— কলৈ গ’ল?

ৰেৱতী—জানো কব নোৱাৰো।

সুন্দৰ— (ৰেৱতীৰ ভৰিৰ পৰা মূৰলৈকে তীক্ষ্ণ ভাৱে চাই) তই ভালকৈ কথা ক’ব পৰা নাই কিয়? কপা যেন....ওঁ

[অলপ কিবা ভাবি সন্দেহ কৰা যেন কৰে]

শেৱালি কাৰেঙৰ হাউলিৰ ভিতৰত আছেনে নাই?

ৰেৱতী— (কঁপা মাতেৰে) ক—ব—নোৱাৰো।

সুন্দৰ—(বৰ আচৰিত হৈ) কি! বৰ আচৰিত কথা। এনে কথাটো কেতিয়াও হোৱা নাই। (সুদৰ্শনলৈ চাই) বন্ধু শুনিছা নে নাই? শেৱালি বোলে কাৰেঙত নাই! হঠাৎ কিয় নোহোৱা হ’ব? হুঁ বুজিছো—(মূৰ দুপিয়াই)—মই বুজিছো এই বপুৰা! ৰেৱতী! মোক শেৱালিক বিচাৰি আনি দিব লাগিব। ৰাজমাও দেউতাক সোধ— শেৱালি ক’লৈ গ’ল?

[ৰাজমাও লাহে লাহে সোমাই আহোতেই সুন্দৰে ৰাজমাওলৈ বাঘে চোৱাদি চায়।]

সুন্দৰ— শেৱালি কলৈ গ’ল?

ৰাজমাও— (অতি ৰূঢ় হৈ) শেৱালিক তোক কেলৈ?

সুন্দৰ— (আগতকৈ ডাঙৰকৈ) শেৱালি ক’লৈ গ’ল কোৱা!

[ৰাজমাৱে বাঘিনীৰ দৰে সুন্দৰৰ ফালে ঘৃণাৰে চাই নামাতি ৰৈ থাকে]

[ ৬৮ ] সুন্দৰ— (বপুৰা আৰু ৰেৱতীক) কলৈ গ’ল? [ৰেৱতী আৰু বপুৰাই নামাতে] ক—লৈ গল, নক—ৱ কিয়? (বুলি বপুৰাক বাউসীত ধৰি জয়ঘণ্টা লৰাই জোঁকাৰি) কিয়? কি—কি—কিয়—অ।

বপুৰা— (লটি-ঘটি হৈ) হে মোৰ ঈশ্বৰ মই মই নাজানো।

[সুদৰ্শন উঠি সুন্দৰক ধৰে]

সুন্দৰ— জান জান জান! এই কাৰেঙৰ আটাইবোৰেই জানে? আ—টাইবোৰেই (পগলাৰ দৰে) এই কোন—কোন—মাত—মাত—আটাইবোৰ মানুহকে মাত (বপুৰা লৰ মাৰি ওলাই য়ায় সুন্দৰৰ চিঞৰ শুনি, মানুহ তিৰোতা লিগিৰা-লিগিৰী আহি তাত ওলাই ত্ৰাসত উদ্বিগ্ন হৈ ৰৈ থাকে। সুন্দৰে আটাইবোৰলৈ চাই) শেৱালি কলৈ গ’ল?

[আটাইবোৰে একেলগে “আমি ক’ব নোৱাৰো”]

(প্ৰত্যেকটো আখৰত জোৰ দি) পা—ৰি—ব—লা—গি—ব। নহ’লে মই তহঁতক কঠোৰ শাস্তি বিহিম—মই অসুন্দৰ হ’ম—এনে অমানুষিক—অসুন্দৰ হ’ম—মই—বপুৰা! বপুৰা! চাওডাং বৰুৱাক মাত—তুৰন্তে এতিয়াই।

[সুন্দৰ খঙত থৰ থৰ কৰে কঁপি থাকে। সুদৰ্শন কিংকৰ্তব্যবিমূঢ়।]

ৰাজমাও—(সুন্দৰক) তোৰ-মূৰত কি সোমাইছে। জগতত নকৰা কাম কৰিলি। নিজৰ বিয়া কৰোৱা তিৰোতাক আনৰ হাতত গতাই দিলি। ৰাজ-বংশৰ মুখত আলান্ধু সানিলি, নিজৰ মান মৰ্য্যাদা সকলোৰে মূৰ খালি, বুঢ়াগোঁহাইৰ বুকুত শেল দিলি। ৰাজঘৰ ৰাইজৰ হাঁহিয়াতৰ পাত্ৰ কৰিলি। সমাজৰ ৰীতি, ধৰ্ম্মাধৰ্ম্ম সকলো জলাঞ্জলি দিলি। এতিয়াও তোৰ লাজ নহ’ল। তই নিলাজ পাপিষ্ঠ। এতিয়া আকৌ লিগিৰীজনীৰ কাৰণে বলিয়া হৈছে? [ ৬৯ ] সুন্দৰ— বৰ ভাল হৈছো। শেৱালি ক’লৈ গ’ল? শেৱালিক তুমি কি কৰিলা?

ৰাজমাও-মই শেৱালিক মাৰিলো বা কাটিলো যিয়েই কৰিলো।

সুন্দৰ— যিয়েই কৰিলোঁ বুলিলে নচলিব আই মাতৃ।

ৰাজমাও—চলিব লাগিব। মোৰ কথা তই শুনিব লাগিব।

সুন্দৰ— নুশুনু নুশুনু ন—চ—লো। শেৱালিক যদি লুকুৱাই থৈছা উলিয়াই দিয়া। খেদাই দিছা যদি ওভোতাই আনা। নিৰ্বাসিত কৰিছা যদি সেই আজ্ঞা ৰদ কৰা। অঙ্গক্ষত কৰিছা অঙ্গ দি আনা। প্ৰাণে মাৰিছা যদি—তুমি—তুমি তাইৰ প্ৰাণ দি সঞ্জীৱিত কৰি মোৰ ওচৰলৈ আনি দিয়া।

ৰাজমাও— নহ’লে তই কি কৰিবি?

সুন্দৰ— মই কি কৰিম? তোমাৰ যি কণ মান-মৰ্য্যাদা গৌৰৱ আছে তাকো মই—ভৰিৰে গচকি নাইকিয়া কৰিম। তোমাৰ সাতাম পুৰুষীয়া ৰীতি নীতি—ভাঙি চূৰমাৰ কৰিম। (চাওডাং বৰুৱা আহি আঁঠু লৈ ৰয়হি) চাওডাং বৰুৱা! শেৱালি বোলা লিগিৰীজনী হেৰাইছে। তোমাৰ সকলো ৰখীয়া-পৰীয়া তাইক বিচৰোৱা কামত লগাব লাগে। আৰু এই নগৰৰ প্ৰত্যেক ঘৰে ঘৰে হাবি-বননি চলথ কৰিব লাগে। কাৰেঙৰ এই আটাইবোৰকে নি শেৱালিক কি কৰিলে ক’ত থলে সুধি যেনে তেনে সিহঁতৰ মুখৰ পৰা কথা উলিয়াব লাগে। মই আটাইবোৰে জানো—গোটেই কাৰেঙৰ ইয়াত যোগ আছে।

ৰাজমাও— (দৃঢ়তাৰে) সুন্দৰ, তই কাৰেঙৰ ভিতৰলৈ শেৱালিক সুমাব নোৱাৰ। [ ৭০ ] সুন্দৰ—তুমি যদি তাকে কোৱা তেন্তে মই আৰু কৰিম। মোক শেৱালিক আনি দিব লাগিব। চাওডাং বৰুৱা, লিগিৰী-লিগিৰী, তুৰন্তে তুৰন্তে তাইক বিচাৰি উলিয়াই আন। (ৰাজমাওক ) কাৰেঙত সুমবা নোৱাৰো? আই মাতৃ, তোমাৰ এই হুকুম আমান্য কৰিম। তাকে কৰিয়েই নেৰো তাতকৈ আৰু কৰিম। তোমাৰ আজ্ঞা, সমাজৰ আজ্ঞা মোৰ উপৰি পুৰুষৰ আজ্ঞা, শাস্ত্ৰৰ বিধান, শাস্ত্ৰকাৰৰ নিবন্ধন, আটাইবোৰৰ বিৰুদ্ধে যাম। মই শেৱালিক কাৰেঙৰ ভিতৰলৈ আনিম—মই মই তাইক বিয়া কৰাম। ( আটাইবোৰ চকখাই উঠে ) আৰু—আৰু কি কৰিম জানিছানে আই মাতৃ—গোটেই কাৰেঙক, গোটেই ৰাইজক তাইৰ আগত আঁঠু লোৱাম—তাইক মই কাৰেঙৰ লিগিৰি গুচাই কাৰেঙৰ কুঁৱৰী কৰিম।

[ ৭১ ]
চতুৰ্থ অংক
প্ৰথম দৰ্শন

 [ নগা পৰ্বতৰ নামনি। অলপ দূৰত পৰ্বতৰ গাত নগাৰ চাঙ দেখা গৈছে। চাৰিওফালে বৰ ওখ ওখ পৰ্বতবোৰ সেইডোখৰ বেঢ়ি থৈছিল। পুৱা দোক্-মোকালি বতৰ ডাৱৰীয়া, মাজে মাজে মেঘৰ গাজনি আৰু চক-মকা বিজুলী দেখা গৈছিল। এনে সময়ত তিনিটা বৰ গাঠলু চাওডাং পিঠিত একোটাকৈ বোজা লৈ আহি তাত ওলালহি। সিহঁতৰ মাজতে কন্দনামুৱা শেৱালি, মুখখন তাইৰ তেনেই শেঁতা , ভালকৈ খোজ কাঢ়িব পৰা নাই। চকুৰপৰা অবিৰল লো বাগৰিব লাগিছে। শুকান চুলিবোৰ বতাহত উৰি উৰি মুখত পৰিছেহি। দেখোতে তাইক বাউলী যেন দেখা গৈছিল। চাওডাংকেইটাই ওচৰতে টালি-টোপোলাবোৰ থয় ]

১ ম চাওডাং—প্ৰভু মোৰ ( কঁকালত হাত দিয়ে। ) হৰি হৰি ( শেৱালিক ) শেৱালি অ’ বহ আই বহ , এই শিলটোতে বহ। বৰ ভাগৰ লাগিছে নহয় নে আই। ভোক লাগিছেনে? কিবা খাবিনে?

শেৱালি-(কালৈকো নেচাই মূৰ জোকাৰে ) ওঁহো।

[ তাৰ পাছত শেৱালিয়ে গাৰ কাপোৰখন গুচাই শিল এটাত বহি দীঘলকৈ উশাহ লয় ]

৩য় চাওডাং—বহ, বোপাইহঁত বহ,বৰ ভাগৰ ধৰিছে।-ত্ৰয়

২য় চাওডাং—হেৰৌ, তামোল-চালি কিবা আছে যদি দেচোন।

[ ২য় চাওডাঙে তামোল উলিয়াই দুয়োটাকে দিয়ে; তাৰ পাছত শেৱালিক যাচে ]

[ ৭২ ] ২য় চাওডাং—শেৱালি অ’ আই—চালি এখন খাবিনে?

শেৱালি—নেখাওঁ।

[ আটাইকেইটা চাওডাঙে চাৰিওফালে চকু ফুৰাই চাই কিছুপৰ মনে মনে থাকে ]

১ম চাওডাং-পিছে আই শেৱালি, আমাৰ কথা হ’লে এয়েই। দেখিছই নহয়, আমাৰ ৰাজামাও দেউতাই তোক কোনোবা ৰাজ্যত এৰি থৈ আহিবলৈ কৈছে আৰু তয়ো যদি আমাৰ পিছতে নগৰ ওলাৱগৈ আমাৰ থিতাতে মৰণ। তয়ো যেন কেতিয়াও আৰু দেশত মুখ নেদেখুৱাই আমাৰ জীৱ দান দিয়। ভৈয়ামলৈ তই উভতি গ’লে আৰু আমাৰ মূৰ গাৰিত নাথাকে। ইয়াকহে ক’লো আই। তয়ো আৰু কথাষাৰ বুজিবি বুলি তোৰে আৰু প্ৰভু ভগৱন্তৰ ওপৰত ভৰষা কৰি ইয়াতে এৰি থৈ যাম। নগাহঁত বৰ ভাল মানুহ। সিহঁতৰ সৈতে মিতিৰালিকৈ থাকিবি নহ’লে আৰু আন উপায় নাই।

২য় চাওডাং—এৰা শেৱালি, তোৰ মুখলৈ আমি যেনেকৈ চালো তয়ো যেন আমাৰ মুখলৈ চাৱ আই।

শেৱালি—(কিছুপৰ মনে মনে থাকি) চাওডাং ককাইহঁত, তোমালোকে এচুলিমানো ভয় নকৰিবাহঁক। ইয়াতে আও মৰণৰে মৰিবলৈ হ’লেও মই আৰু ভৈয়ামত মুখ নেদেখুৱাওঁ। সেইটো সইতে জানিবা। ভৈয়ামত নো কাৰ মুখ চাবলৈ যাম আৰু।(কান্দে)

১ম চাওডাং—নেকান্দিবি আই নেকান্দিবি। হৰি নাম লৈ থাকিবি আই। প্ৰভু ভগৱন্তই যদি তোক মৰণৰপৰা সৰুৱাইছেই তেৱেঁই তোক সকলো বিঘিনিৰপৰা ৰাখিব আই। যিমান [ ৭৩ ]
 

দিনলৈ পৃথিৱীত চাউল-কঠা বিধতাই দিছে তাৰপৰা তোক কোনেও বঞ্চিত কৰিব আই!

শেৱালি—( কান্দি ) মোকনো কিয় মাৰি নেপেলোৱা। এইদৰে জীয়াই যমৰ যন্ত্ৰণা সহাতকৈ আই—অ। মইনো এই নিৰ্জ্জন বনত কেনেকৈ অকলে অকলে থাকিম। আই—অ’ (কান্দে)। চাওডাঙ ককাইহঁত মোকনো ইয়াত কেনেকৈ অকলৈ অকলৈ এৰি থৈ যাবাগৈ মোৰ কপাল অ’ ( কান্দে )।

[ শেৱালিৰ এনে অৱস্থা দেখি চাওডাঙ কেইটাৰ মন বৰ বিমৰিষ হয়। এটাই কেইটাই শেৱালিলৈ বৰ কৰুণভাৱে চাই থাকে। আৰু অলপ পৰৰ পাছত তিনিওটাৰ চকুৰে পানী ওলায়। সিহঁতে সাউত কৰে মচি আনফালে চকু ঘূৰায়। ]

১ম চাওডাং—( শেৱালিৰ ওচৰলৈ গৈ গালত হাত ফুৰায় ) আই—অ’ কান্দিলে কি হ’বনো এতিয়া। আমিনো কি কৰিম আই। বিধতাৰ নিবন্ধন কোনেনো খন্দাব। যা আই উঠ, সেই জুৰিৰ পানীৰে মুখ ধুই কোমল চাউল কেইটামানকে খা। যা—যা আই উঠ।

[ এই বুলি শেৱালিক হাতত ধৰি জুৰিৰ ফালে পঠাই দিয়ে। শেৱালিয়েও ফেকুৰি ফেকুৰি যায়গৈ। ]

১ম চাওডাং—( আন দুটাক ) বল ককাইহঁত এতিয়াই আমি যাওঁগৈ। তেহে বেলি পৰে মানে গাঁওখন পামগৈ। তাইৰ মুখখন দেখিলে আকৌ শোক লাগিব। ভালক বুলিয়েই তাইক এৰি গলো, তাই যদি পিছে আমাৰ বধৰ ভাগী হয় সেইটো তাইৰ ধৰ্ম্মই জানে। বল, বল ককাইহঁত, তাই আহি পাইহিহে লাগে।

[ এই বুলি তিনিওটা চাওডাঙে ততাতৈয়াকৈ উঠি টালি-টোপোলা লৈ তাৰপৰা বেগাই গুচি যায়গৈ। অলপ

[ ৭৪ ]  পৰৰ পাছত শেৱালি তালৈ আহি চাৰিওফালে আকুল হৈ চাবলৈ ধৰে। ৰিহাৰ আঁচলেৰে সোপা কৰি মুখত দি কান্দে আৰু সোপাটো মুখেৰে কামুৰিবলৈ ধৰে। তাৰ পাছত এবাৰ ইফালে-সিফালে লৰি গৈ কাকো নেদেখি আতুৰত পৰাৰ দৰে নিধাতু খাই কান্দি কান্দি চিঞৰি চিঞৰি “চাওডাঙ ককাইহঁত” বুলি চাৰিওফালে পাগলীৰ দৰে লৰি ফুৰিবলৈ ধৰে। ( এবাৰ লৰি ৰঙ্গমঞ্চৰপৰা ওলাই যায়গৈ। ) দূৰত কান্দোন আৰু চাওডাঙক মতা শুনা যায়। এইদৰে মাজে মাজে শেৱালিৰ কান্দোন আৰু চিঞৰ শুনা যায়। দুই মিনিটমান পাছত শেৱালি আকৌ ৰঙ্গমঞ্চত সোমাই বাউলীৰ দৰে “মোক ক’ত এৰি থৈ গলাগৈ”বুলি ভয়ত উচপ খোৱাৰ দৰে হৈ কান্দিবলৈ ধৰে। পাছত উদ্ধাৰৰ একো আশা নেদেখি মাটিত ধাঁচ কৰে পৰি কান্দি থাকে। তাৰ পাছত উঠি বহি হঠাৎ শান্ত হয়; যেন কিবা এটা শক্তিয়ে তাইক গহীন কৰি পেলালেহি। ] শেৱালি—ইয়াকে বোলে কপালৰ লিখন। ক’ৰ শেৱালি ক’ত আছিলো, ক’লৈ আহিলো। ( কান্দে , কান্দোন এৰি অলপ পৰ মৌন হৈ থাকে ) ভাবিনো হ’ব কি নেভাবিলেনো ( কিছুপৰ মনে মনে জলকা লাগি থৰ হয়, তাৰ পাছত ৰাগি লগা মানুহৰ দৰে ) আই অ’ কোঁৱৰৰ মুখখন মাজে মাজে মনত পৰি বুকুখন কেনেকৈ চিৰিংকৈ গৈছে। কোঁৱৰলৈ মোৰ ইমান মৰম কিয়? তুমি নুবুজা নহয় মোৰ তোমালৈ কিমান মৰম মোৰ বুকুৱে নধৰে, মোৰ মনেও ভাবি ভাবি শেষ কৰিবলৈ ভাগৰে। কিমান মৰম! সূৰযৰ পোহৰবোৰ যেনেকৈ পৃথিৱীলৈ বিয়াকুল হৈ আহি আই বসুমতিক সাবটি ধৰি আছে—মোৰো মৰমবোৰ তোমালৈ সেইদৰে গৈ তোমাক আগুৰি আছেগৈ। তোমাৰ সোণবৰণীয়া মুখত মোৰ মৰমবোৰ জিল-মিলাই আছে। [ ৭৫ ]
 

মই দেখিছো তোমাৰ কেঁকোৰা চুলিৰ চামে চামে মোৰ মৰমবোৰে লুকাভাকু খেলিছে। তোমাৰ ডিঙিৰ মুকুতামণি কেইটিত কোনে ৰহণ সানিছে। তুমি মোলৈ নীলা আকাশৰ পূৰ্ণিমাৰ জোন, তোমাক মই নাপাওঁ। কিন্তু তোমাৰ মৰমৰ জোনাকত মোক জুৰ লবলৈকো নিদিবানে? বৰ মৰম—তোমালৈ মোৰ বৰ মৰম। সৌৱা, সৌৱা আকাশত নীলা—নীলা নীলাবোৰ যিমান দূৰলৈ গৈ গৈ আছে সিমান সিমান সিমান।। (কিছুপৰ স্তব্ধ হৈ থাকি) কতা কতা মোৰ দেখোন ভয় নলগা হল? কি হব মৰিলেনো? কতা মৰিবলৈ দেখোন ভয় নালাগে? খাওক খাওক, মোক বাঘে খায় সাপে খায় খাওক। মৰিম মৰিম মৰিলেই শান্তি পাম।

 [ শেৱালিয়ে আকাশলৈ চাবলৈ ধৰে। কিছুমান কলা ডাৱৰে আকাশ ঢাকি ধৰেহি। শেৱালি ৰৈ আকাশলৈ চাই বুকুৰ মাজত হাত দুটা সুমাই স্তব্ধ। তাৰ পাছত নিজৰ মনতে গাই যায়। ]

গীত

বাৰিষাৰে ঘন ঘোৰ ঘোৰ
  বজালি প্ৰাণত মোৰ
   কিনো উদাসীন সুৰ?
পৱন অ’ উৰুৱাই তাক-
    নিবিনো কত দুৰ?
শূইন জীৱন অ’ মোৰ
  উটি যাৱ কোনো ফালে
কোন আকুলতে পাবি কুল?

[ ৭৬ ]

আকাশ পৱন জোৰা
   একেখনি ছবি অ’
কৰি থবি মোৰ এই
   জীৱনকে বিয়াকুল।

 [ এনেতে “এইজনী কোন অ”!!! বুলি তিনিজনী নাগিনী ছোৱালী ৰুণক, জুনুক আৰু ঠুনুক সেই ঠাইডোখৰলৈ আহি তভক মাৰি ৰয়, আৰু ভয় খোৱা যেন কৰে। তাৰ পাছত আগতকৈ লাহেকৈ ৰুণুকে কয়, “এইজনী কোন অ’?” তিনিওজনীয়ে মুখলৈ চোৱা-চুই কৰি আৰু লাহেকৈ জুনুকে কয়, “এইজনী কোন অ’?” তাৰ পাছত মুখত আঙুলি দি ঠুনুকে আন দুজনীৰ চকুলৈ চোৱা-চুই কৰি তাতোকৈ লাহেকৈ কয়, “এইজনী কোন অ’?” ]

শেৱালি—( সিহঁতৰ ফালে চাই অলপ হাঁহা যেন কৰি ) এই কেইজনী নো কোন?

[ প্ৰত্যেকজনীয়ে ইজনীৰ মুখলৈ সিজনীয়ে চাই নিজৰ গালৈ আঙুলিয়াই ]

১ম জনী—মই ৰুণুক,

২য় জনী—মই জুনুক,

৩য় জনী—মই ঠুনুক

[ এই বুলি তাহাঁতে খিল খিলকৈ হাঁহি দিয়ে ]

ৰুণুক—ভয়ামৰ ছোৱালী তই ভয় খাইছনেকি?

শেৱালি—নাই খোৱা কেলেই খাম? তহঁতে মোক দেখি ভয় খোৱা নাই দেখোন! মই দেও বুলি জনা নাই হ’বলা ৷

[ আকৌ আটাইকেইজনীয়ে খিল খিলকৈ হাঁহি দিয়ে ]

ৰুণুক—ইহ্! আমি হবলা নেজানো তই কেলেই দেও হবি অ’? তই ভৈয়ামৰ ছোৱালী জনীহে তেওঁ। আমি তোক দূৰৰে পৰা সেই ভয়ামৰ মানুহৰ সতে অহা চাই আছিলোহে [ ৭৭ ]
 

তেও। সিহঁতে তোক ইয়াত এৰি থৈ গ’লগৈ নেকি?
[ এইবুলি কলত শেৱালিয়ে উচুপি উচুপি কান্দে ]

ৰুণুক—কিয় কান্দিছ,নেকান্দিবি। তোকনো সিহঁতে কিয় এৰি গল অ’?

শেৱালি—মোক ঘৰৰ পৰা খেদাই দিছে। [ আকৌ কান্দে ]

ৰুণুক—নেকান্দিবি অ’। দিয়ক বাৰু সিহঁতে খেদাই, তই আমাৰ লগত থাকিবি। আমাৰ বাই-ভনীৰ দৰে থাকিবি। আমি তোক বৰ মৰম কৰিম। আমাৰ লগত থাকিবলৈ অলপো দুখ নেপাৱ। আমাৰ আই বোপায়ে তোক মৰম কৰিব। তোৰ কোনো নাই নেকি অ’?

শেৱালি—ওঁহো।

ৰুণুক—আই ঐ দেহি৷ পিছে তই আমাৰ লগত থাকিবিনে?

শেৱালি—নেথাকি আৰু কলৈ যাম?

ৰুণুক, জুনুক, ঠুনুক—( নাচি জঁপিয়াই ) বৰ ভাল হ’ব, আমি এতিয়া চাৰিজনী হলো।

[ আটাইকেইজনীয়ে শেৱালিক সাৱটি ধৰি চুমা খাই ]

ৰুণুক—পিছে পিছে আমি তোক কি বুলি মাতিম? ওঁ ?

শেৱালি—ওঁ—মোৰ—নাম—ৰ—কওঁ—বাৰু—

ৰুণুক—ওঁ—ওঁ-—মই কওঁ—মই কওঁ—মই কওঁ—দেই। তই হৈছ ভৈয়ামৰ মইনা পখী। মই—না! অ, মই—না—ম—ই—না। ঠিক ঠিক ঠিক হ’ব। পিছে মইনা ,গীত এটা নোগোৱানে? আমি তেও তোমাৰ গীত শুনিলোহে।

শেৱালি—( হাঁহি )মোৰ যদি শুনিছিলি তহঁতে এটা মোক গাই নুশুনাৱ কিয়? মই যদি ভৈয়ামৰ পোহনীয়া মইনা তহঁত [ ৭৮ ]
 
বনৰ বনৰীয়া মইনা। গাচোন তহঁতৰ এটা বনৰীয়া গীত।

[ আটাই কিইজনীয়ে খিল খিলকৈ হাঁহি—“আমি বোলে বনৰীয়া মইনা” ]

ৰুণুক—বাৰু বাৰু গাওঁ শুন।
ৰুণুক, জুনুক, ঠুনুকে গায়—

বনৰীয়া আমি বনৰ চৰাই
                      বনে বনে ফুৰু অনাই বনাই
                     অনাই বনাই আমি
                     অনাই বনাই আমি
                          অনাই বনাই অ’ অনাই বনাই
                  উ-উ-উ—উ-উ, উ-উ-উ।
                  ভয়ামৰ মইনা তই পোহনীয়া পখী
                      বনৰীয়া মইনাৰে পতালিহি সখী
                  ঘৰৰ কথা আমি বনতে পাতি
                      বনৰ কথা আমি ঘৰতে পাতি
                         পৰ্ব্বতৰে বননি ফুৰিম বগাই
                            অনাই বনাই অ’
                               অনাই বনাই।


দ্বিতীয় দৰ্শন

 [ নগা পৰ্ব্বতৰ এটা পৰ্ব্বতৰ গাৰ সমতল। এটা গুহাৰ আগৰ মুকলি ঠাই। অলপ পৰৰ পাছতে এটা নগা লৰা হাতত এপাট যাঠি লৈ কৰবাৰ পৰা লৰ মাৰি আহি তাত থিয় হয়হি। তাৰ চকুত অৰ্থহীন দৃষ্টি। মুখৰ ভাৱ মুহুৰ্তে মুহুৰ্তে সলনি হৈছে।চাৰিওফালে চাই হঠাত কিবা এটা আনন্দত সি কিৰীলি মাৰি হাঁহি উঠে। তাৰ পাছত কথা নাই বতৰ নাই সি উন্মত্ত হৈ নাচিবলৈ ধৰে। তাৰ সেই নাচোন

[ ৭৯ ]
 
মাথোন মনৰ অসংলগ্ন অৱস্থা আৰু ভালকৈহে ফুটাই তাক বলিয়া বুলি প্ৰতীয়মান কৰায়। সি এইদৰে নাচি থাকোতেই অনঙ্গৰাম অতি ধীৰ আৰু দাৰ্শনিকৰ খোজেৰে সোমাই অলপ দূৰত থৰ হৈ থিয় দি তাক চাবলৈ ধৰে। অনঙ্গৰামৰ চুলিবোৰ অতি ৰুক্ষ। বহুত দিন তেলটেঙ্গা নঘঁহাত তাৰ বৰণ ৰঙচুৱা। গাত যদি আগৰ পাটৰ চোলা চুৰিয়া , সি এতিয়া জীৰ্ণ আৰু মলিন। অনঙ্গৰামৰ মুখৰ বৰণ শেঁতা আৰু গালত কিছু ডাঢ়িও গজিছিল। চকুত কিন্তু এটা উদাৰ দৃষ্টি। মুখত এটা মুক্ত সন্যাসীৰ দৰে নিৰ্ব্বিকাৰ ভাব আৰু আনন্দৰ হাঁহি লাগি আছিল। অনঙ্গ লাহে লাহে তাত পৰি থকা শিল এটাত বহে। নগা লৰাটোৰ এবাৰ হঠাৎ অনঙ্গৰ ওপৰত চকু পৰিলত নিমিষতে নাচ বন্ধ কৰি কাঠৰ পুতলাৰ দৰে অনঙ্গৰ ফালে চকু টেলেকাকৈ চাই থাকে। ]

অনঙ্গ—নাচ।

নগালৰা—নাচিলে মূৰ ঘূৰাই।

অনঙ্গ—তেন্তে কিয় নাচিছিলি?

নগালৰা—( অট্টহাস্য কৰি ) কিয়? কিয় নানাচিম? গছে নাচে পাতে নাচে নৈয়ে নাচে ময়ো নাচিম। তই মোৰ “চাৰাপেনক” দেখিছিলি?

অনঙ্গ—চাৰাপেন কোন?

নগালৰা—মোৰ বুকুৰ সোণ, তাইক আজি মই বহুদিন বিচাৰিছ তাই নাই কৰবালৈ গল তাই মোৰ নাচ চাবলৈ বৰ ভাল পাইছিল। মই নচা দেখিলে তাই বহুত দূৰৰ পৰা লৰি আহিছিলে।

অনঙ্গ—তাই কিমান দিন হল হেৰাল?

নগালৰা—দুবাৰ জাৰ হল, দুবাৰ বৰষুণ হল। সেই জুৰিটো দুবাৰ শুকালে দুবাৰে ফেনেফোটোকাৰে ফুলে। ৰঙা ফুলবোৰে দুবাৰ ফুলিলে মোৰ চাৰাপেন নাচ চাবলৈ নাহিলে। [ ৮০ ]
 
তাইলৈ মনত পৰিলে মই নাচো, কিজানি তাই দূৰৰ পৰা মোক নচা দেখি থাকিব নোৱাৰি লৰ মাৰি চাবলৈ আহে। কতা পিছে মই নাচি আছো , পৰ্ব্বতৰ টিঙত উঠি নাচিছো, নৈৰ পাৰত নাচিছো, বনৰ মাজত নাচিছো, ভৈয়ামৰ পথাৰত নাচিছো, ক’তা চাৰাপেন দেখোন মোৰ নাচ চাবলৈ লৰ মাৰি নাহে।

অনঙ্গ—( হুমুনিয়াহ কাঢ়ি ] তোৰ এই নাচৰ কত শেষ হব তেন্তে আৰু? বুজিলো ই তোৰ অনন্ত নৃত্য। ব্যৰ্থ প্ৰেমিকৰ ব্যৰ্থ নৃত্য। ( নগালৰাটোৱে একো নুবুজি অনঙ্গৰ ফালে চাই থাকে ) বাৰু, তোৰ নাচ মই চালে ন’হবনে?

নগালৰা—নহব নহব! কচোন বাৰু মোৰ চাৰাপেন কলৈ গল?

অনঙ্গ—তোৰ চাৰাপেন গছৰ কুমলীয়া পাত হল, ৰঙাফুল হল, হালধীয়া চৰাই হল, জুৰিৰ পানী হল, বৰষুণৰ টোপাল হল।

নগালৰা—( তন্ময় হৈ শুনি ) আৰু কি হল?

অনঙ্গ—ধুনীয়া পখিলা হল, পুৱাৰ বতাহ হল, বেলিৰ পোহৰ হল, জোনৰ হাঁহি হল, নীলা আকাশ হল!

নগালৰা—তেন্তে গছপাত, ফুল , পখিলা, হালধীয়া চৰাই ,জুৰিৰ পানী, বৰষুণ, ৰদ, বেলি, জোন, তৰাক মই মৰম কৰিলে, ভাল পালে চাৰাপেনক মৰম কৰা হ’বনে? ইহঁতে মোৰ নাচ দেখিলে চাৰাপেনে দেখিবনে?

অনঙ্গ—পাব,পাব, দেখিব, দেখিব।

নগালৰা—( হাঁহি জঁপিয়াই কিৰিলি পাৰি ) ভাল হল, কেনে ভাল হল! এজনী চাৰাপেনৰ পৰা কিমানবোৰ চাৰাপেন হল। তেনে এতিয়া যদি পৰ্ব্বতে ভৈয়ামে যতে থাকো [ ৮১ ] তাতে চাৰাপেন থাকিব। য’তে নাচো তাতে চাৰাপেনে দেখিব! হিঃহিঃহিঃ! বাৰু, মই ফুলবোৰক চুমা খালে চাৰাপেনৰ গালত সেই চুমা লাগিবনে?

অনঙ্গ—লাগিবতো।

নগালৰা—কেনে ভাল হল! বাৰু হালধীয়া চৰাইক মিঠাগুটি খুৱালে চাৰাপেনে সোৱাদ পাবনে?

অনঙ্গ—পাবতো, কেলেই নেপাব?

নগালৰা—হিঃহিঃহিঃ তেন্তে মই হালধীয়া চৰাইক মিঠা গুটি খুৱাওঁগৈ , ফুলক চুমা খাওঁগৈ। (জপিয়াই ওলাই যায় )

 [ অনঙ্গই দীঘলকৈ উশাহ লয়। অনঙ্গই বহুত পৰ বিভোল হৈ থাকি লাহে লাহে আহি এটা শিলৰ ওপৰত বহে। চাৰিওফালে চাবলৈ ধৰে। অনঙ্গ বৰ বিয়াকুল হৈ আহিবলৈ ধৰিলে। অনঙ্গৰ মুখত এটা দিব্য কোমলতা ফুটি উঠিল। চকুত এটা বৰ সহজ জ্ঞানী ভাব ওলাই পৰিল। অনঙ্গ তন্ময়। অনঙ্গই চাৰিওফালৰ দৃশ্যবোৰ বৰ মৰমেৰে চাবলৈ ধৰিলে, তেওঁ এনেকৈ চাবলৈ ধৰিলে যেনিবা আগত এখনি বৰ ডাঙৰ পুথি পৰি আছে আৰু তাৰ অৰ্থ বুজি বৰ আনন্দিত হৈছে। ]

অনঙ্গ—আইৰ দৰে শান্ত স্নিগ্ধ
হৈ তুমি প্ৰকৃতি সুন্দৰি
দিছা সুবিমল স্নেহ বাকি,
প্ৰিয়াৰ সৌন্দৰ্য্য লৈ পূৰ্ণ
যৌৱনৰ লাজুকী হাঁহিটি মাৰি।
প্ৰণয় বাতৰি ক’ব খোজাহে সুন্দৰি,
ওৰণিৰে মুখ ঢাকি
বিশ্বৰ কুৰূপ তুমি পুনু বাছি আনি
কিয় কোৱা হাঁহি?
ভ্ৰান্ত ধাৰণা তোৰ সকলো

[ ৮২ ]

মায়াৰ লীলা দুদিনতে
সৰি যোৱা উৎসৱলৈ বুলি গথা
বিচিত্ৰ বৰ্ণৰ ফুলৰ চাকি।
তুমি প্ৰহেলিকাময়ী , বৈচিত্ৰক
বিচিত্ৰৰে ৰাখিছাহে ঢাকি ৷
আপোন নৃত্যতে তুমি আপুনিয়ে
হোৱা বিয়াকুল। আপোনাতে
আপুনি বিভোল ,তুমি বিদ্যাধৰী।
আপোন ৰথৰ তুমি আপুনি সাৰথি,
এহাতেৰে ধৰি বাঘ জৰী
আনহাতে কৰিছা সন্ধান
আপোনাৰ লক্ষ্য ভেদ কৰি!
আপোন হাতেৰে তুমি গঢ়িছা
নিজেই অব্যৰ্থ সন্ধানকাৰী
মহা অগ্নিবাণ! আপোন
বাণেৰে তুমি নিজকেই কৰিছাহে
অব্যৰ্থ সন্ধান।
আপুনি ইঙ্গিত
তুমি কৰিছা নিজেই, নিজে
জ্যোতিৰ্ম্ময়ী হোৱা কৰি জ্যোতিষ্মান।
আপোন কুৰূপ তুমি আপুনি মোহাৰি
নিজে মথি উলিয়াই সৌন্দৰ্য্য নিৰ্য্যাস,
আপোনাৰ শৰীৰতে আপুনিয়ে সানি,
আপুনিয়ে বিতৰিছা আপোন হাতেৰে,

[ ৮৩ ]

আপোনাৰ সৌন্দৰ্যৰ যশ।
আপোন হাতেৰে তুমি ভাঙ্গি আনি
নিজ ফুলনীৰ, সহস্ৰ সহস্ৰ কত
কুসুম কোমল সুৰভিৰে ভৰা .
কত আৰু কতবোৰ পৰিমল ৰেণু,
ফুল মধু আনি তুমি ভৰাই দুকৰ
নিজে শিলাকুটি হৈ ভাস্কৰ্য নিপুণ তুমি
গঢ়িছাহে আপোন হাতেৰে
নন্দন বিজয়ীবীৰ কুসুম কোঁৱৰ।
কবি কল্পনাৰ ইন্দু নিনি পৰকাশী,
অধিশ্বৰী হেৰা অবিনাশী সৌন্দৰ্যৰ
কিনো বিশ্বব্যাপী আবৰণ আচলৰ।
তপস্যাৰ সিন্ধু মথি তুমিহে তাপসী
নিজৰেই উপবন ভাঙ্গি কৰি চুৰ
পিন্ধিছাহে নিজে চৰ্ম্মবাস। বাসনাৰে লিপ্ত কত শত উপবন
কৰি পুণ্য কৰি তপোবন,
তপস্যাৰ মন্ত্ৰ বাকি কৰ্ণকুহৰত
নিজ হাতে কৰিছা স্থাপন,
অপূৰ্ব আতমা শুভ্ৰ নিষ্কাম তাপস।
আজি জনালাহে প্ৰকৃতি বিপুল,
বিশ্বগ্ৰাসী বিৰাট সুন্দৰি
অন্তৰত মোৰ, প্ৰণয়ৰ দীপ্ত হুতাসন।
জলোক দ্বিপতি তাৰ
ভেদি উঠি আৱৰণ দূৰ

[ ৮৪ ]

দিগন্তৰ আন্ধাৰৰ।
জাগি উঠ প্ৰণয়ৰ সুন্দৰি প্ৰতিমা।
তোৰ যোজন বিয়পা যজ্ঞ বেদী অন্তৰত মোৰ
আজি হৃদয় মন্দিৰ মোৰ
আলোকৰে কলিপুৰ, জলিলে
সাত বৰণীয়া অগ্নি শিখা
প্ৰকৃতিৰ প্ৰাণময় প্ৰণয় যজ্ঞৰ।
হোমানল মথি তই যা—অ’ সুন্দৰি!
বিতৰ বিতৰগৈ শুভ্ৰ তোৰ নিৰ্ম্মল পোহৰ
উৎসৱময়ী কৰি নিমাত নিতাল
যত বিৰহীৰ মৌন প্ৰণয়ৰ
কুঞ্জ শত শত,
উজলালে আশাৰে আলোকি
উদাসী মুখ খনি প্ৰেমিকৰ।
কুসুম কোমল যাৰ প্ৰণয়ৰ কুঞ্জ মনোহৰ,
হল কালে কাইটনি বন,
কাঢ়িলে সি মাথো এটি তপত হুমুনিয়া
নিচুকি থাকিলে বহি ভাৰ লৈ ব্যৰ্থ প্ৰণয়ৰ।
তাৰে সি নিকুঞ্জ খনি উৎসবময়ী পুনু কৰ তই
উৎসবময়ী পুনু কৰ।

[ বহুতপৰ তন্ময় হৈ থাকি, তাৰ পাছত শিলৰপৰা
অধীৰ হৈ উঠি আহি ]


দৃষ্টি, দৃষ্টি, দৃষ্টি দিয়া মোক।
স্পৰ্শ স্পৰ্শ স্পৰ্শ দিয়া যোক

[ ৮৫ ]

মোৰ ইন্দ্ৰিয় অন্ধকূপ।
দৃষ্টিৰ প্ৰসাৰ মোক দিয়াহে সুন্দৰি
চাবলৈ অন্তহীন ৰূপ। ই কি।
বিশ্ব বিমোহিনী সৌন্দৰ্য্যতো সৌন্দৰ্য্য অপৰূপ।

 [ অনঙ্গৰ মুখ এক দিব্য আভাত উদ্ভাসিত হৈ পৰে। তাৰ পাছত মাটিত বহি শিলত মুৰ থৈ, থৰ লাগি চাই থাকে। বতাহ বলে। বতাহ গছৰ পাতত লাগি দুৰৰ বাঁহীৰ দৰে অন- বৰত ঠুনুক্‌ঠানাককৈ ভগাছিগা সুৰৰ দৰে শব্দ আহি সেই ঠাইডোখৰ বুৰাই পেলায়হি। সেই ফালে অনঙ্গ নিতাল মাৰে। অলপ অলপ আন্ধাৰ হৈ আহে। এনেতে ৰুণুক, জুনুক, ঠুনুক হাতত পোৰাঁ আলু কচু লৈ আহে। ৰুণুকৰ হাতত এডাল আঁৰিয়া]

ৰুণুক—অ—উ’, উ, ঊ,—মিতা, উ,—উ।

জুনুক—উ,—উ,—উ, মিতা। সেইটো হবলা ( ৰুণুকৰ চকু অনঙ্গৰ ওপৰত পৰে )।

ঠুনুক-এ ৰুণুক এইটো হব পায়। এ জলকা লাগি পৰি আছে উ, উ, মিতা উ।

অনঙ্গ—( উঠি ) কি হ’ল ৰুণুক৷

ৰুণুক—মিতা মিতা তয় ইয়াত নেথাকিবি।

অনঙ্গ—কিয়?

ৰুণুক—ৰজাৰ নগৰৰপৰা বহুতো মানুহ আহি হাতে হাতে আঁৰিয়া লৈ আমাৰ গাঁৱত কিবা বিচাৰি ফুৰিছে। তোক ধৰি নিব।

অনঙ্গ—( হাঁহি ) মোক মোক মোক ৰজাৰ একো প্ৰয়োজন নাই।

ৰুণুক—তেন্তে মইনাক নিবলৈ আহিছে।

অনঙ্গ—কোন মইনা?

ৰুণুক—আজি ভয়ামৰপৰা এজনী ছোৱালী আহিছে নহয়।

অনঙ্গ—( আচৰিত হৈ ) কেনেকুৱা। [ ৮৬ ]

ৰুণুক—তাই কান্দি থাকে। মাজে মাজে হাঁহে। তাইক আমি লুকুৱাই থৈছো । তাইক ৰজাৰ মানুহে পালে হেনো কাটিব।

অনুঙ্গ—(কিছুপৰ ভাবি থাকি) তাই বাৰু কত আছে?

ৰুণুক—নকওঁ।

অনঙ্গ—মোক নকৱনে? বলচোন মই চাওঁগৈ। তাইক ভালকৈ এঠাইত লুকাই নথলে তহঁতৰ হাতৰপৰা ৰজাৰ মানুহে ধৰি লৈ যাব।

কণুক—( ভয় খাই ) তেন্তে আমি তাইক কত থম? কি কৰিম?

অনঙ্গ—মোক বাৰু তাইৰ ওচৰলৈ লৈ বল। মই তাইক আটাই- বোৰ কথা সুধিলেহে কত থলে ভাল হব কব পাৰিম।

ৰুণুক—বল তেনে মিতা আহ বেগাই আহ। সৌবোৰ দেখিছনে ৰজাৰ মানুহবোৰে কেনেকৈ আঁৰিয়া আৰু জোৰ লৈ পিয়া পি দি ফুৰিছে। সৌৱা কিছুমান এই ফালেও আহিছে।

অনঙ্গ—বল।

 [তিনিজনী নাগিনী আৰু অনঙ্গ ওলাই যায় আৰু অলপ পৰৰ পাছতে সেই বাটেদি আঁৰিয়া লৈ লৈ কিছুমান মানুহ যায়হি। এইদৰে কিছুপৰলৈ সেই ঠাই ডোখৰেদি আঁৰিয়া লৈ মানুহ দলে দলে অহা যোৱা কৰি থকা দেখা যায়।]

আঁৰ কাপোৰ
      [ ৮৭ ] 
পঞ্চম অঙ্ক
প্ৰথম দৰ্শন

 [ এটা ওখ টিলাৰ ওপৰত এখন অকলশৰীয়া নগা চাং। ওখ ওখ গছে ঠাই ডোখৰ ছাটি থৈছিল। বহুত দূৰণিৰ নামনিৰ দৃশ্য দেখা গৈছিল। আকাশত জোনটো ওলাই পোহৰ দি আছিল। ঠাই ডোখৰ নিজান নিস্তব্ধ। নগা চাঙ্গৰ পৰা অলপ ওপৰত নামনিৰ দৃশ্য চাই শেৱালি বন- নিত বহি আছিল। ওচৰত কেওঁ নাছিল। শেৱালিয়ে নামনিৰ দৃশ্যৰ ফালে আৰু জোনটোৰ পোহৰ একে থৰে চাই থাকি মনতে হঁহা যেন কৰে আৰু গুণ্ গুণ্, কৈ গায়। ]

গীত

 যাউতিযুগীয়া ধনে মোৰ অ’।
প্ৰাণতে দিলা মোক মৰম কুমলীয়া
মনত সোৱৰণী সুৱদীয়া
বুকত ভালে পোৱা অ’ প্ৰাণৰ ধনে
 যাউতি যুগীয়া ধনে মোৰ অ’।
স্মৃতিৰ ছবিখনি প্ৰণয় ফুটুকীয়া
কল্পনা পুৰাই দিলা মোক অ’
 যাউতি যুগীয়া ধনে মোৰ অ’।
ভাৱত অগণনে হুমুনিয়া
অময়া সৌন্দৰ্য্য জীৱন ওপচোৱা
অবলাক ঠায়ে নোজোৰে অ’
 যাউতিযুগীয়া ধনে মোৰ অ’

[ ৮৮ ]

সুখ বিনন্দীয়া মৰণতে বাকি
চৰগী সপোন টোপনিতে গঢ়ি দিলা মোক অ’
 যাউতি যুগীয়া ধনে মোৰ অ’।
বুজা নুবুজাৰে হাঁহি কান্দোনৰে
জীৱনত পাতিলা মেলা মোৰ অ’
 যাউতি যুগীয়া ধনে মোৰ অ’

[ ৰুণুক নিধাতু খাই লৰি আহে ]

ৰুণুক- দেখিছ দেখিছ বাৰু এতিয়া তয়ো মৰিবি আমাকে মাৰিবি।

শেৱালি—( অতি নিৰ্ব্বিকাৰ ভাবে) কিনো হল?

ৰুণুক—তই এনেকৈ ডাঙৰ ডাঙৰকৈ গীত গাইছিলি কেলেই। শুনিলে তই কত আছ জানিব নহয়।

শেৱালি—জানক দে ৰণুক মই আৰু জীয়াই থাকিব নোখোজো। শুনক শুনি মোক ধৰি নি কাটি পেলাওকগৈ।

ৰুণুক—ইহ কোনে কাটি পেলাবগৈ। এই তই আমাৰ মিতাক চিনি নেপাৱ নহয়। সিও ভয়ামৰে মানুহ। বৰ ভাল মানুহ। তোক চাবলৈ আহিছে—উ মিতা আহ আহ।

[ অনঙ্গ সোমাই আহে। শেৱালিৰ ফালে চাই শেৱালিক চিনিব নোৱাৰি থৰ লাগি চাই থাকে। কিছুপৰৰ পাছত অনঙ্গই চিনি পায় ]

অনঙ্গ—তই শেৱালি নহৱনে?

শেৱালি—( অনঙ্গৰ মাত শুনি ভালকৈ চিনি পাই ) হয় মোৰ ডেকা দেউতা।

[ আঠু লৈ হুক্‌ হুক্‌ কৰে কান্দিবলৈ ধৰে ]

অনঙ্গ—তই ইয়ালৈ কেনেকৈ আহিলি?

শেৱালি—মোৰনো কথা কি কম? ( কান্দে ) [ ৮৯ ] অনঙ্গ—কি হল কথাবোৰ কচোন?

শেৱালি—ৰাজমাও দেউতাই মোক চাওডাঙৰ হাতত কাটিবলৈ পঠি- য়াই দিছিল। ( মনে মনে থাকে )

অনঙ্গ—পিছে।

শেৱালি—পিছে সিহঁতে ইয়াতে এৰি থৈ গল।

অনঙ্গ—অ’ সেইকাৰণে আকৌ তোক ৰজাৰ মানুহে বিচাৰি আহিছে। তোক কিয় এনেকৈ পঠাই দিলে? ( অনঙ্গ কিছুপৰ মনে মনে থাকে ) কিয়? ( শেৱালিয়ে নেমাতে ) কচোন? ( শেৱালিয়ে নেমাতে। )

শেৱালি—আপোনাৰ সতে কুঁৱৰীক পঠাই দিয়া আৰু কুঁৱৰীয়ে বিহ চেলেকি মৰাৰ পাছৰপৰা—( নীৰব হয় )

অনঙ্গ—কি হল।

শেৱালি—কাৰেঙৰ আটাইবোৰ মানুহে মোৰে কোঁৱৰৰে নানা কথা উলিয়ালে তাতে ৰাজমাৱৰ—

অনঙ্গ—( শেৱালিৰ মনৰ ভাব আৰু অভিব্যক্তি ভালকৈ নিৰীক্ষণ কৰি ) কছোন শেৱালি সঁচা কথা, ঈশ্বৰক সাক্ষীকৈ সেইবোৰ সঁচানে?

শেৱালি—( একে উশাহে অনঙ্গৰ চকুৱে চকুৱে চাই ) তেনেই মিছা।

অনঙ্গ—( তাইৰ মুখৰ ভাব আৰু কথাৰ গঢ় দেখি তাইক সম্পূৰ্ণ বিশ্বাস কৰি ) তেন্তে সুন্দৰে একো হকা বধা কৰা নাইনে? তোক এনে কেই পঠোৱা সুন্দৰে নাজানেনে?

শেৱালি—মই কব নোৱাৰো।

অনঙ্গ—অলপ আগতে গীত তয়ে গাইছিলি নে?

শেৱালি—( নেমাতে )

অনঙ্গ—সুন্দৰলৈ তোৰ বৰ মৰম নেকি?

[ শেৱালিয়ে উচুপি উচুপি কান্দিবলৈ ধৰে এনেতে হুৰমুৰ কৰি ]

[ ৯০ ]
 

 হাতত আৰিয়া লৈ কিছুমান চাওডাঙ আহি তাত ওলাই আটাই- বোৰকে বেঢ়ি ধৰে “এইজনী শেৱালি শেৱালি” বুলি চিয়ৰিবলৈ ধৰে। ৰুণুক, জুনুক, ঠুনুকহঁতে ভয়ত চিয়ৰিবলৈ ধৰে। অনঙ্গ কঁকালত টঙালি বান্ধি তৰোৱাল খাপৰপৰা উলিয়াই তৰোৱাল দাঙে]।
(বজ্ৰ গম্ভীৰ মাতেৰে ) তহঁতক কি লাগে।

১ম চাওডাঙ—শেৱালি লিগিৰীক।

অনঙ্গ—সজে সজে উভতি যা।

১ম চাওডাঙ—শেৱালি লিগিৰীক আমি লৈ যাম আমাৰ স্বৰ্গদেৱৰ আদেশ। এনেয়ে নিদিলে আমি বলেৰে নিম।

অনঙ্গ—তেন্তে (বুলি ককালৰ শিঙা এটা বজায় দূৰত কিৰিলি শুনা যায়)

১ম চাওডাঙ—ধৰ ককাইহত তাইক ল।

 [ চাওডাঙ আৰু অনঙ্গৰ ভিতৰত যুঁজ আৰম্ভ হয়। গোটইখন হুৱা- দুৱা লাগে। কিছুমান নগাই যাঠি জোং লৈ তাত যোগ দিয়েহি। এই গোলমালৰ ভিতৰৰপৰা ৰুণুক, জুনুক, ঠুনুক আৰু শেৱালি আঁতৰি দূৰলৈ যায়গৈ। কেবাটাও চাওডাঙ ঘাইল হয়। এনেতে সৰহকৈ কিছুমান চাওডাঙৰ সতে এজন ৰাজবিষয়া, মূৰত পাগমৰা আৰু মুখ খন চকু নাকৰ বাহিৰে আন ঢাকি, হাতত তৰোৱালৰে ওলায়হি ]

ৰাজবিষয়া—কোনে ৰজাৰ মানুহক কৰ্ত্তব্যত বাধা দিছে।

অনঙ্গ—(আগবাঢ়ি) মই দিছো। কৰ্ত্তব্যত নহয় অন্যায়ত বাধা দিছো আৰু শেষলৈকো দিম।

ৰাজবিষয়া—কোন, কোন তুমি।

অনঙ্গ—যেয়ে নহলো। এই ৰাজ্য তোমাৰ ৰজাৰ নহয়। ইয়াৰ প্ৰজাৰ ওপৰত তোমাৰ অধিকাৰ নাই। ভৈয়ামৰ অন্যায় অধৰম পৰ্ব্বতলৈ নুতুলিবা। যৰ মানুহ তলৈ উভতি যোৱাগৈ।

ৰাজবিষয়া—( মুখৰ কাপোৰ গুচা য়) নহয় বন্ধু অনঙ্গৰাম অন্যায় অনা নাই ন্যায় লগত লৈ আহিছো।

অনঙ্গ—(বৰ আচৰিত হৈ) অ’ সুন্দৰ আকৌ কি নব অভিযান; [ ৯১ ] নবসংস্কাৰেৰে অনুপ্ৰাণিত হৈ আজি এই বনৰীয়া জীৱনত ধুম- কেতুৰ দৰে পৰি কিহৰ উপদ্ৰৱৰ সৃষ্টি কৰিবলৈ আহিছা? ইয়াত তো সত্য নাই, শাস্ত্ৰৰ বিধান নাই, ৰীতি নাই, নীতি নাই। ইয়াত কি ভাঙিবলৈ আহিলা? এই নিৰীহ অজলা প্ৰাণীবোৰৰ অস্থিপঞ্জৰ? এই প্ৰকৃতিৰ কোলাত বিমল মুখত উমলি থকা প্ৰাণীবোৰৰ শান্তি!

সুন্দৰ—ক্ষমা কৰিবা বন্ধু! শান্তি ভাঙিবলৈ অহা নাই শান্তি বিচাৰি আহিছো।

অনঙ্গ—কিন্তু শান্তি নেভাঙিলে যে তুমি শান্তি নোপোৱা। বাৰু কেলৈ আহিলা, শেৱালিৰ নিৰ্ব্বাসন ৰহিত কৰিবলৈ, হয়নে?

সুন্দৰ—অকল নিৰ্ব্বাসন ৰহিত কৰিবলৈ অহা নাই।

অনঙ্গ—তেন্তে।

সুন্দৰ—মোৰ কুঁৱৰী কৰিবলৈ।

অনঙ্গ—( ডাঙৰকৈ হাঁহিবলৈ ধৰে গোটেই পৰ্ব্বত জনজনাই যায়। ) হাঃ হাঃ হাঃ হাঃ হাঃ হাঃ তেন্তে লৈ যোৱা লৈ যোৱা শেৱালিক লৈ যোৱা। হাঃ হাঃ হাঃ আহা আহা আজি মোৰ অতিথি হোৱাহি। কাইলৈ শেৱালিক লৈ যাবা। আহা আহা।

সুন্দৰ—ইমান হাঁহি কিয় বন্ধু।

অনঙ্গ—বহুত দিন হাঁহিব পৰা নাই। আজি প্ৰাণ খুলি হাঁহিবলৈ অৱকাশ পাইছো। আহা আহা আহা বন্ধু আজি নিৰ্ব্বাসনৰ আলহী হোৱাহি!

 [ সুন্দৰক বাহুত ধৰি লৈ যায় আৰু আন আন চাওডাঙ আটাই- বোৰ তাৰপৰা ওলাই যায়গৈ। (ৰুণুক, জুনুক, ঠুনুকে বেঢ়ি লৈ শেৱালিক সাৱটি ধৰি এখোজ দোখোজকৈ আঁতৰি থকা

ঠাইৰপৰা আহে। ] [ ৯২ ]
 

ৰুণুক—তেন্তে মইনা তোক কাইলৈ লৈ যাবগৈ। তই কুঁৱৰী হবি গৈ?

শেৱালি—( বিমনা হৈ ) মই কুঁৱৰী নহওঁ তহঁতৰ লগতে থাকিম।

ৰুণুক—কেলৈ কুঁৱৰী নহবি? কুঁৱৰী হবলৈ পালে—ইমান—ৰজাৰ লৰালৈ তোৰ জানো মৰম নাই।

শেৱালি—( হাঁহি ) ওঁ ওঁ ( মূৰ জোকাৰে ) সেই—সেই কাৰণেই বুজিছ ৰুণুক মই কুঁৱৰী নহও।

ৰুণুক—ইহ বৰ আচৰিত কথা দেখোন। মৰম আছে যদি হবহে লাগে।

শেৱালি—ৰজাৰ লৰাই মোক কুঁৱৰী পাতিলে ৰজাৰ ডাঙৰীয়াসকলে কোঁৱৰক ৰজা ভাঙিব। আৰু মৰোৱাই পেলাব পাৰে বুজিছ।

ৰুণুক—(চকু টেলেকাকৈ চাই থাকে ) হয় নেকি?

শেৱালি—ওঁ।

ৰুণুক—তেন্তে তই ইয়াতে থাকিবি। ৰজাৰ ল’ৰাকো কাটিব তোকো কাটিব গলে। নালাগে যাব নালাগে যাব।

শেৱালি—নেযাও বাৰু বল এতিয়া ৰাতি হল।

[ দূৰৰপৰা ৰুণুকৰ মাকে মত শুনা যায়।] [ ৰুণুক উ-উ-উ ]

ৰুণুক— উ-উ-উ।

[ আটাই কেইজনী ওলায় যায়। ]

দ্বিতীয় দৰ্শন

 [ নগা পৰ্বতৰ অনঙ্গ থকা গুহাৰ আগত। দুপৰীয়া। সুন্দৰ কোঁৱৰ গুহাৰ আগৰ শিল এটাত আমন জিমনকৈ বহি আছে। ওচৰতে মাটিত কিছুমান গছৰ পাত পাৰি লৈ অনঙ্গৰাম আৰু সুদৰ্শন। তিনিও জনে ইজনৰ সৈতে সিজনে কথা-বতৰা নপ- তাকৈ নিজৰ নিজৰ ভাবতে বিভোল হৈ আছে ]

সুদৰ্শন—( মূৰ দাঙি) সুন্দৰ, তোমাৰ এই সংকল্প এৰা [ ৯৩ ]
 

সুন্দৰ—সুন্দৰে সংকল্প কৰে, কিন্তু সংকল্প নেৰে।

সুদৰ্শন—কিন্তু ইয়াৰ পৰিণাম বৰ ভয়াবহ। তাক তুমি উপলব্ধি কৰিছানে নাই কব নোৱাৰ। এনেয়ে তোমাৰ আগৰ এটি কামে ডাঙৰীয়াসকলক আৰু ৰাইজক বৰ অসন্তুষ্ট কৰি থৈছে। এই কামে মাত্ৰ সেই উমি উমি জ্বলি থকা জুইকুৰা দপ্‌দপ্‌কৈ জলাইহে দিব।

সুন্দৰ—দিয়ক—দিয়ক। মোৰ ৰাজ্য, মোৰ ৰাজপাট পুৰি ছাৰ খাৰ কৰি দিয়ক। ৰাজ্য, ধন, সিংহাসন যাওক, কেৱল মাত্ৰ মোৰ সংকল্প থাওক।

সুদৰ্শন—নহয় নহয়, তুমি সেই একে কথাকে কলে নহব। দেশৰ মুখলৈ চাই, প্ৰজাৰ মুখলৈ চাই তুমি—

সুন্দৰ—তেন্তে দেশ উচ্ছন্ন যাওক, প্ৰজাৰ সৰ্ব্বনাশ হওক।

অনঙ্গ—( বেজাৰকৈ ) সুন্দৰ, তোমাৰ এনে সংকল্পৰ ফলত আজি তোমাৰ এই বন্ধুৰ ( নিজৰ গালৈ আঙুলিয়াই ) কি অৱস্থা হল দেখিলানে? কাঞ্চনমতীয়ে কেনেকৈ আঁচলৰ গাথিৰ বিহৰে তোমাৰ দণ্ডাদেশ উপেক্ষা কৰি গল?

সুন্দৰ—দেখিলো বন্ধু। আজি তোমাৰ অভিশাপক মই নিজে প্ৰাণ দি জীৱন্ত কৰি তুলিবলৈ ওলাইছো। মই বাঘজৰী ধৰা ৰথৰ চকাৰ তলত জাপ দি মই নিজেই গুৰি হৈ যাবলৈ ওলাইছো। মোৰ সংকল্প মই এৰিব নোৱাৰো।

অনঙ্গ—তোমাৰ সংকল্পৰ সিদ্ধি হওক। মোৰ অভিশাপৰ ঠাইত মই তোক আশীৰ্ব্বাদ দিছো।

সুন্দৰ—( সেইবোৰ কথা তল পেলাই হঠাতে ) অনঙ্গ, সিদিনা তুমি ইমানকৈ কিয় হাঁহিছিলা ? [ ৯৪ ] অনঙ্গ—তুমি হঁহুৱাইছিলা দেখি।

সুন্দৰ—কেনেকৈ?

অনঙ্গ—তাক তুমি ভালকৈ জানা অৱশ্যে।

সুন্দৰ—তেন্তে শেৱালিৰে সৈতে মোৰ অবৈধ প্ৰণয় থকা তুমি বিশ্বাস কৰা?

অনঙ্গ—বন্ধু তাৰ বাবে মই আজি তোমাৰ ওচৰত ক্ষমা বিচাৰিছো। সি মোৰ ভুল ধাৰণা আছিল।

সুন্দৰ—তেন্তে তুমি সেই বিষয়ে নিঃসন্দেহ?

অনঙ্গ—সম্পূৰ্ণ। কিন্তু বন্ধু তোমাৰ এনে সংকল্পই যে আন সক- লোকে তোমালোক বিয়ে এনেবোৰ সন্দেহ আৰু বদ্ধমূল হবলৈহে সুবিধা দিব?

সুন্দৰ—দিয়ক সেই কাৰণেই মই শেৱালিক কাৰেঙৰ কুঁৱৰী কৰিব খুজিছো।

অনঙ্গ—ওঁ বুজিছো। তেন্তে তিৰোতা এতিয়াও তোমাৰ হৃদয়ৰ দুৱাৰদলিৰ বাহিৰতে নে?

সুন্দৰ—( হাঁহি ) তাত অলপো সন্দেহ নাই!

অনঙ্গ—কিন্তু তিৰোতা লৈয়েই দেখোন তোমাৰ জীৱনৰ মেলা পাতিলা?

সুন্দৰ—পাতিলো যদিও তিৰোতাৰপৰা মই আঁতৰত। পদুম পাতৰ পানীৰ দৰে তিৰোতা মোৰ জীৱনলৈ আহিলে গলেও মোক তিয়াব নোৱাৰে বন্ধু।

অনঙ্গ—( কৌতুহলী হাঁহিৰে সন্দেহ প্ৰকাশ কৰি ) অহঙ্কাৰ নকৰিবা।

সুন্দৰ—অহঙ্কাৰ নহয় বন্ধু। ই মাথোন মোৰ জীৱনবুৰঞ্জীৰ তিৰুতাসংশ্লিষ্ট ঘটনাৱলীৰ পৰ্য্যবেক্ষণ আৰু বিশ্লেষণৰ মন্তব্যহে।

[ এনেতে ৰুণুক, জুনুক, ঠুনুক হাতত আলু, কচু আৰু ফুল লৈ সোমাই আহে।]

[ ৯৫ ]

সুন্দৰ—কতা নাগিনী ছোৱালীহঁত তহতৰ সতে শেৱালি নাহিলে দেখোন?

ৰুণুক—ৰজাৰ লৰা, শেৱালি আজি তোৰ লগত যাব নহয় সেই গুণে তাই ভালকৈ মূৰ মেলাইছে, খোপাত ফুল পিন্ধিছে, হাতত ফুল পিন্ধিছে, আৰু গালত ৰঙা ফুলৰ গুৰি সানিছে— তাই আহিব। হোঁ তোলৈ এইবোৰ ৰঙা ৰঙা ফুল দিছে। ( ৰুণুকে সুন্দৰক কিছুমান ফুল দিয়ে সুন্দৰে সেই ফুলবোৰ হাতত লয়। ) ৰজাৰ লৰা, তই এনেকৈ মনমাৰি কেলৈ থাক? ( অনঙ্গক ) মিতা বাৰু ৰজাৰ লৰাৰ কিয় বেজাৰ?

অনঙ্গ—( হাঁহি ) তহতে ৰজাৰ লৰাক নাম গুণ্ গাই নেদেখুৱাৱ দেখি।

ৰুণুক—ইহ্। .

অনঙ্গ—হয় আকৌ।

ৰুণুক— (সুন্দৰক) আমি নাম গালে জানো তোৰ মন ভাল লাগিব?

[সুন্দৰে মূৰ দুপিয়াই আৰু হাতেৰে ৰঙা ফুল এটা লৈ মোহাৰি থাকে ]

ৰুণুক—বাৰু আমি তেনে নাম গাম—নাচিম—দেই জুনুক—দেই ঠুনুক।

জুনুক, ঠুনুক—ওঁ ওঁ নাচিম তো—নাচিম তো।

[ ৰুণুক, জুনুক, টুনুকে গায় আৰু নাচে ]

নাম

পৰ্ব্বততে ফুলিলে ৰঙানোকৈ ফুলে কলি
 ৰেণুৰে বোলালি তই কুমলীয়া হাত।
অ’ ভয়ামৰ সোণামুৱা কিনো কৰ গুণি গাথি
 লেখি লেখি সেউজীয়া পাত।
  বনে মইনা সেউজীয়া,

[ ৯৬ ]

 গছে মইনা সেউজীয়া,
 পাতে মইনা সেউজীয়া পাত,
মইনা চৰাইটিয়ে গছৰ ডালে পাতে পৰি
 তোলকে মাতিছে মিঠা মিঠা মাত।
আমনে জিমনেকৈ
 থাকনো তই কিয় ঐ
  গালতেনো দিয় কিয় হাত?
  হাঁহ অ’ মোৰ মইনা
   হাঁহ অ’ হাঁহ।
ভালেনো পাও চাবলৈ,
 ৰঙা ওঠৰ হাঁহিৰ সতে
  জিকি মিকি দুয়োপাৰি দাঁত।

ৰুণুক—ৰজাৰ লৰা, এতিয়া তোৰ মন ভাল লাগিছেনে?

[ সুন্দৰে হাঁহি মূৰ জোকাৰে ]

তেন্তে তহঁতে এতিয়া একো নাখাৱনে? চাচোন বেলিটো মূৰৰ ওপৰ পালেহি নহয়। এইয়া আমি আলু আনিছো, কচু আনিছো। যা তহঁতে নিজৰাত গা ধুই আহগৈ। আমিও গা ধুই মইনাক লগত লৈ আহিম। তই তেতিয়া বৰ ভাল পাবি নহয় নে?

সুন্দৰ—( উঠি ) বাৰু ৰুণুক তহঁত যা মই যাম।

ৰুণুক—আমি এতিয়াই আহিম দেই।

[ ৰুণুক, জুনুক, ঠুনুক যায়গৈ। বপুৰা সোমাই আহে। ]

বপুৰা—পিছে ঈশ্বৰসকলে জানো গা নিতিয়াই? বন্দীয়ে খাবলৈ সকলো যতাই পিতাই আহিছো নহয়। সুদৰ্শন—বলা সুন্দৰ। [ ৯৭ ] অনঙ্গ—বলা!
 [ আটাই কেউজন উঠি তাৰপৰা ওলায় যায়, আৰু বপুৰাই অলপ ইফাল সিফাল কৰি থাকোতেই এটা গা-ৰখীয়া চাওডাঙ আহে ]

গা-ৰখীয়া চাওডাঙ—পিছে বৰা আজি আমাৰ যোৱা হবনে নহয়?

বপুৰা—নহব কিয়? খাই বৈ, শেৱালি কুঁৱৰীক তহঁতৰ কানত তুলি গায়নে বায়নে, গিজ্‌তাঁও গিজ্‌তাঁও কৈ নগৰ হেন্দোল- দোপ দলদোপ্‌ লগাই পেলাম গৈ নহয়। মই নিজে ঢোল বায় আগে যাম। বুজিছ—( হাতেৰে ঢোলত কোব মৰা যেন কৰি ) ধিনদাও খিত্‌তাঁও, ধিনদাও খিত্‌তাঁও খিতি খিতি তাঁও, তাঁও তাঁও তাঁও তাঁও, খিতাঘিনা খিতিতাঁও ধিন্দাক ধেই। এইদৰে বাপেকে কেনে শুনিলি?

গা-চাওডাঙ—বঢ়িয়া। বোলো আমাৰ লিগিৰী বড়া মুখ বায়ন নে কোন?

বপুৰা—মুখ বায়ন হে, কাষত দুটা মূৰত এটা পিঠিত এটা আগত এটা লৈ যেতিয়া বাই দিম হেঃ। পিছে তাৰ পাছত শেৱালি কুঁৱৰীৰ পাছতে কোন যাব জান?

গা-চাওডাঙ—কোন?

বপুৰা—যিহে এজনী চমক ছায়া।

[ বুলি আনন্দত টকালি পাৰি তিনি দেও মাৰে ]

গা-চাওডাঙ—তেৰাজনী পিছে কোন বা?

বপুৰা—এই বপুৰাৰ ভাগৰ জনী।

গা-চাওডাঙ—পিছে বৰাৰ আগৰজনী?

বপুৰা—আগৰ জনীক—হেঃ তাইক কাচি কাচি তেল খাৰণি দি দলনিত পোনা মেলিমগৈ। তাই বেটিয়ে নাজানে এই [ ৯৮ ] বপুৰা বৰাই লাগ বুলিলে কেইজনী অপেচৰী পাব পাৰে। মেনকাক আনিবলৈ বপুৰাৰ এটি চকুৰ টিপ্‌, উৰ্ব্বশীক এটা সুহুৰি আৰু তিলোত্তমাক এটি টিলিকিৰ হে ‘বশ্যক’। হে তাই বেটিয়ে মোক বেয়া দেখিছে—হে মই টঙ্‌ কৰি আছো, ওৰণি তলেদি দুৱাৰপৰীয়াৰ মাজু পুতেকলৈ মিচিকি হাঁহিটো মাৰি পঠোৱা। বেটি হেঃ তাইক। “তিৰি মিৰি ভাটৌ কোৱা এই চাৰি জাতিৰ আসৈ নোপোৱা।” এই কথা কেফাকি যি বাপেকৰ পুতেকে সৰজিলে সিটো তাৰ বাপেকৰ পুতেকেই আৰু ককাকৰো নাতিয়েক। সি পণ্ডিত নহৈ মুৰুখ আছিল যদিও বৰ গিয়ানি মুৰুখ পুৰুষ প্ৰবৰ।

গা-চাওডাঙ—পিছে এতিয়ানো কোনজনা অপেচৰী আপোনাৰ দেহাত ওলোমা বাদুলি দি লন্তিছে?

বপুৰা—এতিয়াও পিছে মই, ইন্দ্ৰৰ ভাগৰ কেজনীলৈ চকু দিয়া নাই। দিমনো কেলৈ! ভাল মানুহৰ ভাল কথা। পিছে এই বোলেনে কিন্তুত প্ৰকাৰে এজনী নাগেশ্বৰীক হে মোৰ গাটো মেৰপাক খুৱাই ধৰিবলৈহে সুবিধা কৰি দিছো। এনে কোমল নিমজ নাগপাশ জনী ঐ ( বৰ কোমল ভাব দেখুৱাই ) গাটো তাই চুই দিলে ( নিজৰ গাতে আলফুলকৈ হাতফুৰাই ) বৰ ভাল লাগে নহয়।
[গাত সেইদৰে হাত ফুৰাই থাকোতেই সুন্দৰ তিতা কাপোৰেৰে আহি তাত থিয় হয়হি। সুন্দৰক দেখি বপুৰা উচপ্‌ খাই উঠে।]
এহ্‌ গাত কটা চোৰাত পাত লাগিল হবলা। এহ্‌ এহ্‌—

[বুলি বেগেৰে ওলায় যায়। চাওডাঙটোও সেৱা কৰি ওলায় যায়। সুন্দৰে হাতৰ গামোছা খন মূৰত দি, মূৰৰ পানী টুকি [ ৯৯ ] এখোজ দুখোজকৈ গুহাৰ মুখৰ ফালে যাওতে দুৰত কিৰিলি পাৰি হঁহাৰ শব্দ শুনি থমক খাই ৰৈ উভটি চাই, আকৌ এখোজ দুখোজকৈ গৈ গুহাত সোমায় গৈ। এনেতে দূৰত চিয়ৰি ৰুণুক জুনুক ঠুনুকে কন্দা শুনা যায় আৰু লগতে “মইনা উটি গল ঔ— মইনা উটি গল"—বুলি চিয়ৰা শুনা গল। সুন্দৰ গুহাৰ ভিতৰ পৰা তিতা কাপোৰেৰেই ভয়ঙ্কৰ উদ্বিগ্ন হৈ-“কোন? কোন কোন উটি গুল? কোন উটি গল”? ওলায় চাৰিওফালে চাই যি ফালৰ শব্দ অহা যেন শুনিছিল সেই ফালে (বাওঁফালে) বেগেৰে যাব খোজাতেই ৰুণক, জুনুক, ঠুনুক নিধাতু খাই, তিতা কাপোৰেৰেই কান্দি হায়ৈ বিয়ৈ কৰি তাত ওলাইহি আৰু “দেৱে লৈ গল অ’ দেৱে লৈ গল” বুলি কান্দিবলৈ ধৰে, সুন্দৰে সিহঁত অহা ফাললৈ “কত? কত? কোন ফালে”?—বুলি যাবলৈ ধৰোতে আটাই কেউজনীয়ে আঠুকাঢ়ি ভৰিত সাৱট মাৰি ধৰি “তই নাযাবি অ ৰজাৰ লৰা—তোকে দেৱে লৈ যাব—তই নাযাবি” বুলি বাধা দিয়ে। কিন্তু সুন্দৰে সিহঁতক হাতেৰে বলেৰে আঁতৰাই নিধাতু খই লৰি ওলায় যায়। ৰুণুক, জুমুক ঠুনুক থিয় হৈ সুন্দৰ যোৱা ফালে মহা আতঙ্কেৰে চাই কান্দিবলৈ ধৰে। এনেতে সুদৰ্শন আৰু অনঙ্গৰাম তিতা কাপোৰেৰে তালৈ সো- ফালেদি সোমাই সুন্দৰ যোৱা ফালে লৰি ওলাই যায়গৈ। তাৰ পাছতে সুদৰ্শন আৰু অনঙ্গৰামে ডাঙি মূৰ্চ্চিত সুন্দৰক তালৈ লৈ আহে। সুন্দৰৰ তেনে অৱস্থা দেখি ৰুণুক জুমুক ঠুনুকে হুৰাও- ৰাওকৈ কান্দিবলৈ ধৰে। সুদৰ্শনে হাতেৰে হাক দিয়াত সিহঁতে মুখত কাপোৰৰে সোপা দি উচুপিবলৈ ধৰে; আৰু ওচৰলৈ আহি সুন্দৰলৈ বিয়াকুল হৈ চাবলৈ ধৰে। অনঙ্গই সুন্দৰৰ মূৰ কোলাত লৈ পানী থপিয়াই শুশ্ৰূষা কৰিবলৈ ধৰে। সকলোৰে মুখত ভীষণ উদ্বিগ্নতা। কিছুপৰ শুশ্ৰূষাৰ পাছত সুন্দৰে লাহে লাহে চেতন পায় আৰু মূৰ দাঙিবলৈ চেষ্টা কৰে, কিন্তু সুদৰ্শনে উঠিবলৈ নিদিয়ে। অলপ পানী মুখত দিয়ে]

সুন্দৰ— পালানে? শেৱালিক পালানে?
 [কোনেও উত্তৰ নিদিয়ে। সুন্দৰ উঠিবলৈ মূৰ ডাঙি কিলাকুটিত ভৰ দি]
তেন্তে পোৱা নাই, নাই। তেন্তে শেৱালি সচায়ে উটি গল? উটি গল? নিজৰাত উটি গল। চাকনৈয়াৰ বুকুত [ ১০০ ] মাৰ গল। বন্ধু, বন্ধু, সুদৰ্শন! অনঙ্গ! শেৱালি কলৈ গল??

[আটাইবোৰ বিমৰ্ষ আৰু নিমাত]

বুজা নাছিলো বন্ধু—বুজা নাছিলো। বুজালি—শেৱালি মোক বুজালি। জীৱনৰে বুজালি, মৰণৰে বুজালি, মোৰ জীৱন যজ্ঞত তোৰ জীৱন আহুতি দিলি। তিৰুতাৰ অন্তৰৰ-গুপুত সৌন্দৰ্যৰ নিৰ্জন খনি পোহৰাই—জ্বলি থকা তিৰুতাৰ হীৰাতো শুভ্ৰ ভাল পোৱাৰ সম্ভেদ—মোক কৈ গলি। ত্যাগৰ মুকুটৰে উজলি শেৱালি গোসানী মোৰ জীৱন সুদাকৈ, কাৰ আহ্বানত, সৃষ্টিৰ ইন্দ্ৰজাল ভেদি— কোন ব্ৰহ্মাণ্ডলৈ উফৰি গলি? বিশ্ব জগতৰ সকলো তিৰোতাৰ গালতে কি গৌৰবৰ সেন্দুৰ সানি গলি! মোৰ কাৰণে অ’ মোৰ কাৰণে তই হাঁহি মুখে চাকনৈয়াক চুমা খালি! বন্ধু এৰি দিয়া মোক এৰি দিয়া। শেৱালিক মই বিচাৰি যাওঁ। পৰ্ব্বতৰ গায় গায়, নিজৰাৰ পাৰে পাৰে—বিচাৰি যাওঁ—শেৱালিক মই বিচাৰি যাওঁ।

[ উঠিব থোজে কিন্তু সুদৰ্শনে আৰু অনঙ্গই ধৰি ৰাখে ]

( বৰ উত্তেজিত হৈ ) কি চাই আছা? কি চাই আছা? বন্ধু কি চাই আছা?? শেৱালিক আনি নিদিয়া কিয়? শেৱালিক বিচাৰি নোযোৱা কিয়? পৰ্ব্বতৰ নিজৰাৰ পানী সিচি, নিজৰা শুকুৱাই শেৱালিক চাকনৈয়াৰ বুকু ফালি মোক আনি নিদিয়া কিয়? ( সংযম হেৰুৱাই ) আনি দিয়া, আনি দিয়া, আনি দিয়া শেৱালিক মোক আনি দিয়া নিদিয়া কিয়?? [ লাহে লাহে মূৰ্চ্ছা যোৱাৰ দৰে হৈ আহে ] উটি গল। উটি গল!! শেৱালি মোৰ উটি গল!! কোন [ ১০১ ] পানীৰ তলত ফটিক কোঠালিলৈ উটি গলি গৈ? আহ্‌ আহ্‌ উভটি আহ—তামোলৰ বটাটিলৈ ফুলৰ কুকিটি লৈ মোৰ পুথিৰ পাতবোৰ সামৰি থবলৈ, মোৰ সোণৰ পালেঙলৈ টোপনিক মাতি আনিবলৈ— আহ্‌ উভটি আহ্‌। আহ্‌—আহ্‌ অ' শেৱালি আহ্‌। মোৰ সতে কথা পাতহি। গুণ গুণকৈ নাম গাহি। আহ্‌ আহ্‌ কথা নাপাতহি কিয়?— কথা পাতা—হাঁ—হাঁ
 [ উঠি বহি হাত আগবঢ়াই দি সপোনৰ দৰে ]
অ' শেৱালি তই উভটি নাহ কিয়? কথা নাপাত কিয়?? নাহাঁহহি কিয়?? কথা ক— অ' সোণৰে শেৱালি কথা ক, অ' প্ৰাণৰে শেৱালি কথা—কথা—কথা—ক!!!

[ সুন্দৰ ঢলি পৰি যায় ]




[ ১০২ ]

সমাপতি


[কাৰেঙ। ৰাতি। মুকলি কোঠালি এটাত
বৰ পিৰাত সুন্দৰ আমনজিমনকৈ বহি
থাকে। ওচৰতে অনঙ্গ আৰু সুদৰ্শনো
বহে। সুদৰ্শনে গীত গায়]

গীত

অ’ সোঁৱৰণি !
 সমিধান দিয়া শাঁত কৰি প্ৰাণৰ অগনি ।
নিৰ্ব্বাক অতীতৰ,
 গোপন কুঞ্জ এৰি,
 আহা মৌসনা সোঁৱৰণি ।
উৰুৱাই মনৰ মাজলৈ
সোৱৰণীৰে পাখি ।
পাহৰণী পদুমৰ মন্ত্ৰদূত,
 পাহি মেলি মেলি
 অ' সোঁৱৰণী


আঁৰ কাপোৰ


Flag of India.svg এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০১৯ চনত ১ জানুৱাৰী ১৯৫৯ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব।)