পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/৭৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৭০
কাৰেঙৰ লিগিৰী

 পৰৰ পাছত শেৱালি তালৈ আহি চাৰিওফালে আকুল হৈ চাবলৈ ধৰে। ৰিহাৰ আঁচলেৰে সোপা কৰি মুখত দি কান্দে আৰু সোপাটো মুখেৰে কামুৰিবলৈ ধৰে। তাৰ পাছত এবাৰ ইফালে-সিফালে লৰি গৈ কাকো নেদেখি আতুৰত পৰাৰ দৰে নিধাতু খাই কান্দি কান্দি চিঞৰি চিঞৰি “চাওডাঙ ককাইহঁত” বুলি চাৰিওফালে পাগলীৰ দৰে লৰি ফুৰিবলৈ ধৰে। ( এবাৰ লৰি ৰঙ্গমঞ্চৰপৰা ওলাই যায়গৈ। ) দূৰত কান্দোন আৰু চাওডাঙক মতা শুনা যায়। এইদৰে মাজে মাজে শেৱালিৰ কান্দোন আৰু চিঞৰ শুনা যায়। দুই মিনিটমান পাছত শেৱালি আকৌ ৰঙ্গমঞ্চত সোমাই বাউলীৰ দৰে “মোক ক’ত এৰি থৈ গলাগৈ”বুলি ভয়ত উচপ খোৱাৰ দৰে হৈ কান্দিবলৈ ধৰে। পাছত উদ্ধাৰৰ একো আশা নেদেখি মাটিত ধাঁচ কৰে পৰি কান্দি থাকে। তাৰ পাছত উঠি বহি হঠাৎ শান্ত হয়; যেন কিবা এটা শক্তিয়ে তাইক গহীন কৰি পেলালেহি। ]

শেৱালি—ইয়াকে বোলে কপালৰ লিখন। ক’ৰ শেৱালি ক’ত আছিলো, ক’লৈ আহিলো। ( কান্দে , কান্দোন এৰি অলপ পৰ মৌন হৈ থাকে ) ভাবিনো হ’ব কি নেভাবিলেনো ( কিছুপৰ মনে মনে জলকা লাগি থৰ হয়, তাৰ পাছত ৰাগি লগা মানুহৰ দৰে ) আই অ’ কোঁৱৰৰ মুখখন মাজে মাজে মনত পৰি বুকুখন কেনেকৈ চিৰিংকৈ গৈছে। কোঁৱৰলৈ মোৰ ইমান মৰম কিয়? তুমি নুবুজা নহয় মোৰ তোমালৈ কিমান মৰম মোৰ বুকুৱে নধৰে, মোৰ মনেও ভাবি ভাবি শেষ কৰিবলৈ ভাগৰে। কিমান মৰম! সূৰযৰ পোহৰবোৰ যেনেকৈ পৃথিৱীলৈ বিয়াকুল হৈ আহি আই বসুমতিক সাবটি ধৰি আছে—মোৰো মৰমবোৰ তোমালৈ সেইদৰে গৈ তোমাক আগুৰি আছেগৈ। তোমাৰ সোণবৰণীয়া মুখত মোৰ মৰমবোৰ জিল-মিলাই আছে।