পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/৯৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৯৫
কাৰেঙৰ লিগিৰী

এখোজ দুখোজকৈ গুহাৰ মুখৰ ফালে যাওতে দুৰত কিৰিলি পাৰি হঁহাৰ শব্দ শুনি থমক খাই ৰৈ উভটি চাই, আকৌ এখোজ দুখোজকৈ গৈ গুহাত সোমায় গৈ। এনেতে দূৰত চিয়ৰি ৰুণুক জুনুক ঠুনুকে কন্দা শুনা যায় আৰু লগতে “মইনা উটি গল ঔ— মইনা উটি গল"—বুলি চিয়ৰা শুনা গল। সুন্দৰ গুহাৰ ভিতৰ পৰা তিতা কাপোৰেৰেই ভয়ঙ্কৰ উদ্বিগ্ন হৈ-“কোন? কোন কোন উটি গুল? কোন উটি গল”? ওলায় চাৰিওফালে চাই যি ফালৰ শব্দ অহা যেন শুনিছিল সেই ফালে (বাওঁফালে) বেগেৰে যাব খোজাতেই ৰুণক, জুনুক, ঠুনুক নিধাতু খাই, তিতা কাপোৰেৰেই কান্দি হায়ৈ বিয়ৈ কৰি তাত ওলাইহি আৰু “দেৱে লৈ গল অ’ দেৱে লৈ গল” বুলি কান্দিবলৈ ধৰে, সুন্দৰে সিহঁত অহা ফাললৈ “কত? কত? কোন ফালে”?—বুলি যাবলৈ ধৰোতে আটাই কেউজনীয়ে আঠুকাঢ়ি ভৰিত সাৱট মাৰি ধৰি “তই নাযাবি অ ৰজাৰ লৰা—তোকে দেৱে লৈ যাব—তই নাযাবি” বুলি বাধা দিয়ে। কিন্তু সুন্দৰে সিহঁতক হাতেৰে বলেৰে আঁতৰাই নিধাতু খই লৰি ওলায় যায়। ৰুণুক, জুমুক ঠুনুক থিয় হৈ সুন্দৰ যোৱা ফালে মহা আতঙ্কেৰে চাই কান্দিবলৈ ধৰে। এনেতে সুদৰ্শন আৰু অনঙ্গৰাম তিতা কাপোৰেৰে তালৈ সো- ফালেদি সোমাই সুন্দৰ যোৱা ফালে লৰি ওলাই যায়গৈ। তাৰ পাছতে সুদৰ্শন আৰু অনঙ্গৰামে ডাঙি মূৰ্চ্চিত সুন্দৰক তালৈ লৈ আহে। সুন্দৰৰ তেনে অৱস্থা দেখি ৰুণুক জুমুক ঠুনুকে হুৰাও- ৰাওকৈ কান্দিবলৈ ধৰে। সুদৰ্শনে হাতেৰে হাক দিয়াত সিহঁতে মুখত কাপোৰৰে সোপা দি উচুপিবলৈ ধৰে; আৰু ওচৰলৈ আহি সুন্দৰলৈ বিয়াকুল হৈ চাবলৈ ধৰে। অনঙ্গই সুন্দৰৰ মূৰ কোলাত লৈ পানী থপিয়াই শুশ্ৰূষা কৰিবলৈ ধৰে। সকলোৰে মুখত ভীষণ উদ্বিগ্নতা। কিছুপৰ শুশ্ৰূষাৰ পাছত সুন্দৰে লাহে লাহে চেতন পায় আৰু মূৰ দাঙিবলৈ চেষ্টা কৰে, কিন্তু সুদৰ্শনে উঠিবলৈ নিদিয়ে। অলপ পানী মুখত দিয়ে]

সুন্দৰ— পালানে? শেৱালিক পালানে?
 [কোনেও উত্তৰ নিদিয়ে। সুন্দৰ উঠিবলৈ মূৰ ডাঙি কিলাকুটিত ভৰ দি]
তেন্তে পোৱা নাই, নাই। তেন্তে শেৱালি সচায়ে উটি গল? উটি গল? নিজৰাত উটি গল। চাকনৈয়াৰ বুকুত