পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/৫০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৪৬
কাৰেঙৰ লিগিৰী

সুন্দৰ— (অনঙ্গ) অনঙ্গৰাম, ছিঃ অবৈধ প্ৰণয় মোৰ? কি অলীক কল্পনা। কি নিজৰ অন্যাস কাৰ্যৰ হীন প্ৰতিষেধক বাক্যৰ প্ৰয়োগ। মোৰ অবৈধ প্ৰণয়? (তললৈ মূৰকৈ বেজাৰত) উস্! ইয়াতকৈ আৰু বন্ধুৱে কি ডাঙৰ আঘাত দিব পাৰে? তোমাৰ মানসিক কাপুৰুষালি ঢাকিবলৈ কি মিছাৰ সৃষ্টি কৰিলা!

অনঙ্গ— (ভয়ংকৰ উত্তেজিত হৈ) মিছা? মিছা?? মিছা??? অতি সত্য , ই অতি সত্য! সুন্দৰ!

সুন্দৰ— (এটা অনুকম্পাৰ হাঁহিৰে) সত্যনিষ্ঠ ভূতপূৰ্ব বন্ধুবৰ! শুনা তোমাৰ ৰজাৰ আদেশ। এই কাঞ্চনমতী আজি এই মুহূৰ্তৰপৰা তোমাৰ! (কাঞ্চন আৰু অনঙ্গ বিষমকৈ উচপ্ খোৱা যেন হয়) মই ৰজাই তোমাক সেই অধিকাৰ দান কৰিলো। আজি বিদায়ৰ পৰত তোমাৰ ভূতপূৰ্ব্ব বন্ধুৰ শেষ দান গ্ৰহণ কৰা। আৰু তোমাৰ শত্ৰুৰ, ৰাজ-শত্ৰুৰ, তোমাৰ কাপুৰুষতাই জন্ম দিয়া শত্ৰুৰ দণ্ড গ্ৰহণ কৰা। মই—তোমাক অনঙ্গৰাম বৰগোহাঁইক আৰু কাঞ্চনমতীক মোৰ ৰাজ্যৰপৰা নিৰ্বাসন দিলো। (কাঞ্চন থক্ থক্ কৰে কঁপি মাটিত পৰি যায়। অনঙ্গ ধীৰ-স্থিৰ ) চাওদাঙহঁত, মোৰ ৰাজ্যৰ সীমা বাহিৰ কৰি এই মানুহহালক এৰি থৈ আহগৈ।

[চাওদাঙবোৰে সেৱা কৰি মাটিত মূৰ লগায়]

পুৰণি জীৱন পাহৰি গৈ ন জীৱন দেশত আৰম্ভ কৰাগৈ। বিদায়।

[সুন্দৰ গহীন হৈ ওলাই যাবলৈ খোজ দিয়ে]

অনঙ্গ— সুন্দৰ, সুন্দৰ! বন্ধু হৈ বন্ধুক নুবুজিলা। পণ্ডিত হৈ যুক্তি নুশুনিলা। হৃদয়ৱান হৈ আনৰ কলিজাৰ তেজেৰে ফাকু খেলিলা—মনত ৰাখিবা সুন্দৰ কোঁৱৰ! তুমিও সাৰি