পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/৫২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


তৃতীয় অংক
প্ৰথম দৰ্শন

 [সুন্দৰৰ শোৱনি কোঠা। (প্ৰথম অংক প্ৰথম দৰ্শনৰ দৰে, কিছুমান বস্তু থোৱাত মাথো সাল-সলনি) সন্ধিয়া লাগি আন্ধাৰ হোৱাৰ কিছু সময় পাছত। শেৱালি আৰু ৰেৱতীক কোঠাত পালেঙ সজোৱা ইত্যাদি বন কৰি থকা দেখা যায়। দুয়োজনীৰে মুখত গোমোঠা ভাব। শেৱালিক বৰ ক্ষীণ আৰু উদ্বিগ্ন দেখা গৈছিল। উপবাসত থকা ক্ষীণ মুখত এটা তপঃক্লিষ্ট জেউতি মুখত উঠাৰ দৰে তাইৰ মুখত এটি জেউতি বিৰিঙিছিল। তাইৰ খোজ-কাটলত, চাৱনি-হাব ভাবত অন্তৰৰ ঘোৰ অশান্তি আৰু চাটি ফুটি প্ৰকাশ পাইছিল। শেৱালি এবাৰ বন কৰি থাকোতে এখন দাপোণৰ সন্মুখীন হয়। দাপোণত মুখ দেখি নজনা ভাবে আউল-বাউল চুলিবোৰ অলপ ভাল কৰি ল’বলৈ প্ৰয়াস পায়—তাকে দেখি ৰেৱতীয়ে।]

ৰেৱতী— (কঠোৰ কৰ্কশ মাতেৰে) হৈছে হৈছে, এতিয়া চুলি মেলাব নেলাগে, পালেহি—

শেৱালি— পাওকহি—তই—

ৰেৱতী— ছিঃ কটা লাজো নালাগে। মোৰ এনেবোৰ কথা ওলোৱা হ’লে মই দাপোণ চাই মূৰ মেলাও ছাৰি বৰ পুখুৰীত জাঁপ দি মৰিলোহেঁতেন।

শেৱালি— মৰিবৰ মন আছে তই মৰগৈ। মই মিছা কথাতে কেলৈ মৰিমগৈ! তইয়ে মোৰ কথা ফুফু-ফাফা কৰি এইদৰে উলিয়ালি। তই কম নহৱ। মন আছিল তোৰ—পিছে কোঁৱৰে মোক অলপ মৰম কৰে দেখি তই খিয়ালত—

ৰেৱতী— (খঙত পকি-জকি) তেনে কথা নকবি—মই—মই কৈছোনে? গোটেই ৰাইজেই কৈছে। ৰাজমাওৰ চকু নাই? কাৰেঙেৰ ইমানবোৰ মানুহৰ চকু নাই? আও মোৰ বিধি—ইমানবোৰ