পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/৭৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৭৫
কাৰেঙৰ লিগিৰী
 

মাথোন মনৰ অসংলগ্ন অৱস্থা আৰু ভালকৈহে ফুটাই তাক বলিয়া বুলি প্ৰতীয়মান কৰায়। সি এইদৰে নাচি থাকোতেই অনঙ্গৰাম অতি ধীৰ আৰু দাৰ্শনিকৰ খোজেৰে সোমাই অলপ দূৰত থৰ হৈ থিয় দি তাক চাবলৈ ধৰে। অনঙ্গৰামৰ চুলিবোৰ অতি ৰুক্ষ। বহুত দিন তেলটেঙ্গা নঘঁহাত তাৰ বৰণ ৰঙচুৱা। গাত যদি আগৰ পাটৰ চোলা চুৰিয়া , সি এতিয়া জীৰ্ণ আৰু মলিন। অনঙ্গৰামৰ মুখৰ বৰণ শেঁতা আৰু গালত কিছু ডাঢ়িও গজিছিল। চকুত কিন্তু এটা উদাৰ দৃষ্টি। মুখত এটা মুক্ত সন্যাসীৰ দৰে নিৰ্ব্বিকাৰ ভাব আৰু আনন্দৰ হাঁহি লাগি আছিল। অনঙ্গ লাহে লাহে তাত পৰি থকা শিল এটাত বহে। নগা লৰাটোৰ এবাৰ হঠাৎ অনঙ্গৰ ওপৰত চকু পৰিলত নিমিষতে নাচ বন্ধ কৰি কাঠৰ পুতলাৰ দৰে অনঙ্গৰ ফালে চকু টেলেকাকৈ চাই থাকে। ]

অনঙ্গ—নাচ।

নগালৰা—নাচিলে মূৰ ঘূৰাই।

অনঙ্গ—তেন্তে কিয় নাচিছিলি?

নগালৰা—( অট্টহাস্য কৰি ) কিয়? কিয় নানাচিম? গছে নাচে পাতে নাচে নৈয়ে নাচে ময়ো নাচিম। তই মোৰ “চাৰাপেনক” দেখিছিলি?

অনঙ্গ—চাৰাপেন কোন?

নগালৰা—মোৰ বুকুৰ সোণ, তাইক আজি মই বহুদিন বিচাৰিছ তাই নাই কৰবালৈ গল তাই মোৰ নাচ চাবলৈ বৰ ভাল পাইছিল। মই নচা দেখিলে তাই বহুত দূৰৰ পৰা লৰি আহিছিলে।

অনঙ্গ—তাই কিমান দিন হল হেৰাল?

নগালৰা—দুবাৰ জাৰ হল, দুবাৰ বৰষুণ হল। সেই জুৰিটো দুবাৰ শুকালে দুবাৰে ফেনেফোটোকাৰে ফুলে। ৰঙা ফুলবোৰে দুবাৰ ফুলিলে মোৰ চাৰাপেন নাচ চাবলৈ নাহিলে।