সমললৈ যাওক

পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কাৰেঙৰ লিগিৰী


কোন সেই কেজনী তাত? [ভিতৰৰপৰা “আমি ৰাজমাও দেউতা” ]

ৰাজমাও—অ’ শেৱালি ৰেৱতী! এইফালে আহহঁক!

 [ শেৱালি ৰেৱতী লৰাঢপৰাকৈ সোমাই আহে। শেৱালিয়ে এজোৰ কলপতীয়া গাত বগা ফুলীয়া ৰিহা-মেখেলা পিন্ধে, বয়স প্ৰায় সোতৰ ওঠৰমান। দেখিবলৈ বৰ ধুনীয়া আৰু বগা। মুখত এটা কোমল কৰুণ ভাব। ওখ, পাতল গঢ়ৰ আৰু লাহী কঁকালৰ। খোজত গাম্ভীৰ্য্য। ৰেৱতীৰ গাত ৰঙা ফুলাম ৰিহা-মেখেলা। বৰ ওখ নহয়। স্বভাৱতে লচপচী। শাওবৰণীয়া সুন্দৰী। চকুত এটা আক্ৰোহৰ আৰু বিৰক্তিৰ ভাব বৰ্ত্তমান, বয়স ২০ মান হব।] তহঁতৰ গাত কি লাগিছে। হাঁহি খিকিন্দালিত কাৰেঙ উৰাব ধৰিছ। কিনো কৰিছিলি তাত?

ৰেৱতী—( অলপ পৰ ৰৈ) মূৰ মেলাইছিলো ৰাজমাও দেউতা।

ৰাজমাও—( বিদ্ৰুপেৰে) মূৰ মেলাইছিলে মোৰ অপেচৰীহঁতে। ঘৰৰ বন- বাৰী এৰি আইদেউহঁতে দাপোণ চাই সেঁওতা ফালিছিলে। ধুন মাৰি, ধুন মাৰি, গা দেখাই গা দেখাই মোৰ লৰাটোক বলিয়া কৰিলে। (শেৱালি ৰেৱতীক তলমূৰ কৰি থকা দেখি) এতিয়া অপেচৰী আইটীহঁত—নখে মাটি লেখি থাকিব নালাগে। হাতে হাতে বন ধৰিব পায়। পুথি-পাঁজিবোৰ সিচতিকৈ কেনেকৈ থৈ গৈছে-সজাই থওঁক।

[তাৰ পাছত খঙেৰে নিজে গৈ পুথি কিছুমান থাক কৰি ]

তাৰ মূৰত কিবা যখিনী শাকিনীয়েহে বাহ লৈছে। শাস্ত্ৰ—শাস্ত্ৰ পঢ়িছে। শাস্ত্ৰ পঢ়ি অশাস্ত্ৰীয় মতৰ বৰভেটি বান্ধিছে।

 [ৰাজমাও বেগেৰে বাঁওফালেদি ওলায় যায়গৈ। শেৱালি আৰু ৰেৱতীয়ে ৰাজমাওৰ ফালে চাই থাকে। ৰাজমাও ওলাই গলত ৰেৱতীয়ে মুখখন বেকেটা কৰি গাটোৰে বিৰাগসুচক ভঙ্গি কৰি উচাট মাৰি যোৱাদি গৈ পালেঙত সিচৰতি হৈ থকা পুথিবোৰ গোটাবলৈ লাগি শেৱালিৰ ফালে ডিঙি বেকা কৰি চায়। শেৱালিয়ে তলমূৰকৈ ৰিহাৰ আঁচলটো চিকুটা-চিকুটিকৈ থকা দেখি]