পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/৩৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৩৫
কাৰেঙৰ লিগিৰী

সুদৰ্শন—পিছে ঘটনাটো হৈছে কি?

বপুৰা—ধেমালিনো কৰে কিয় মোৰ প্ৰভু।

সুদৰ্শন—তই আহোঁতে কোঁৱৰ কত?

[ এই বুলি সুদৰ্শনে মূৰত পাগ মাৰিবলৈ ধৰে আৰু বপুৰাই বলকি যায়। ]

বপুৰা—এই অলপ আগতে কোঁৱৰে দেখোন কুঁৱৰীৰ সতে কিবা বাক-বিতণ্ডা কৰি এবাৰ কাৰঙেৰ পৰা ওলাই পোনছাটেই বুঢ়াগোহাঁইৰ টোললৈ আহি অনঙ্গ ডেকা দেউতাক জগাই আগবাৰীৰ ফুলনিলৈ মাতি আনি কিবা নানা বাক-বিতণ্ডা আৰম্ভ কৰিলে। কোঁৱৰে দেখোন কুঁৱৰীৰ কথা ঘনাই ঘনাই কোৱা শুনিলো, পিছে এতিয়া দুয়োৰে কথা কোৱা চৰি গৈছেগৈ। মই কথাৰ গঢ় ভাল দেখা নাই। [ সুদৰ্শনৰ ওচৰলৈ আহি ] দেউতা ঈশ্বৰ, অনঙ্গ ডেকা দেউতাৰ কুঁৱৰীৰ সতে কিবা খেচেৰ মেচেৰখন আছিল হব পায। ৰাম ৰাম শ্ৰী হৰি। ব্ৰহ্মা, বিষ্ণু মহেশ্বৰ, হৰ পাৰ্বতী, কামাখ্যা গোসাঁনী গণেশ গোবিন্দ হৰি হৰি। বোলে—

ধুন মৰা ধুনীয়া
                       তুলি মাৰে খোপা
                  এই হেন পুৰুষৰ
                       কল তলত জোপা—

হ’লে বাৰু কেনেকৈ হয়?

 [ সুদৰ্শনৰ পাগ মৰা হয় আৰু গাত কাপোৰ লৈ ওলাবলৈ ধৰোতে ঘপহ কৰে দুৱাৰখন দুফাল কৰি সুন্দৰ আৰু অনঙ্গ সোমাই আহে। বপুৰাই একে ছাটেই জিভা কামুৰি দুৱাৰেদি পত্ৰং দিয়ে। সুদৰ্শনে তৎক্ষণাৎ অতি কিবা ঐশ্বৰিক গাম্ভীৰ্যতাৰে থিয় হৈ সাংঘাতিক তীক্ষ্ণ দৃষ্টিৰে দুয়োলৈকে চাবলৈ ধৰে। সুন্দৰ আৰু অনঙ্গয়ও পলক নেপেলোৱাকৈ সুদৰ্শনলৈ চাই থাকে। ]