পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/৬৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


সুন্দৰ— (বপুৰা আৰু ৰেৱতীক) কলৈ গ’ল? [ৰেৱতী আৰু বপুৰাই নামাতে] ক—লৈ গল, নক—ৱ কিয়? (বুলি বপুৰাক বাউসীত ধৰি জয়ঘণ্টা লৰাই জোঁকাৰি) কিয়? কি—কি—কিয়—অ।

বপুৰা— (লটি-ঘটি হৈ) হে মোৰ ঈশ্বৰ মই মই নাজানো।

[সুদৰ্শন উঠি সুন্দৰক ধৰে]

সুন্দৰ— জান জান জান! এই কাৰেঙৰ আটাইবোৰেই জানে? আ—টাইবোৰেই (পগলাৰ দৰে) এই কোন—কোন—মাত—মাত—আটাইবোৰ মানুহকে মাত (বপুৰা লৰ মাৰি ওলাই য়ায় সুন্দৰৰ চিঞৰ শুনি, মানুহ তিৰোতা লিগিৰা-লিগিৰী আহি তাত ওলাই ত্ৰাসত উদ্বিগ্ন হৈ ৰৈ থাকে। সুন্দৰে আটাইবোৰলৈ চাই) শেৱালি কলৈ গ’ল?

[আটাইবোৰে একেলগে “আমি ক’ব নোৱাৰো”]

(প্ৰত্যেকটো আখৰত জোৰ দি) পা—ৰি—ব—লা—গি—ব। নহ’লে মই তহঁতক কঠোৰ শাস্তি বিহিম—মই অসুন্দৰ হ’ম—এনে অমানুষিক—অসুন্দৰ হ’ম—মই—বপুৰা! বপুৰা! চাওডাং বৰুৱাক মাত—তুৰন্তে এতিয়াই।

[সুন্দৰ খঙত থৰ থৰ কৰে কঁপি থাকে। সুদৰ্শন কিংকৰ্তব্যবিমূঢ়।]

ৰাজমাও—(সুন্দৰক) তোৰ-মূৰত কি সোমাইছে। জগতত নকৰা কাম কৰিলি। নিজৰ বিয়া কৰোৱা তিৰোতাক আনৰ হাতত গতাই দিলি। ৰাজ-বংশৰ মুখত আলান্ধু সানিলি, নিজৰ মান মৰ্য্যাদা সকলোৰে মূৰ খালি, বুঢ়াগোঁহাইৰ বুকুত শেল দিলি। ৰাজঘৰ ৰাইজৰ হাঁহিয়াতৰ পাত্ৰ কৰিলি। সমাজৰ ৰীতি, ধৰ্ম্মাধৰ্ম্ম সকলো জলাঞ্জলি দিলি। এতিয়াও তোৰ লাজ নহ’ল। তই নিলাজ পাপিষ্ঠ। এতিয়া আকৌ লিগিৰীজনীৰ কাৰণে বলিয়া হৈছে?