পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/১৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১0
কাৰেঙৰ লিগিৰী

অ’ তাই বেটী কম নহয়। ( অলপ হঁহা যেন কৰি ) আন্দাজটো পিছে হওঁতে হয় দেইবা।

শেৱালি—( আচৰিত হৈ) কি হওতে হয়?

বপুৰা—[ নিজৰ অনুমানতে বিশ্বাস থাপি ] হোঁ হোঁ হো হো ৰাজমাৱে কথাটো টং কৰিছে। আটায়ে কৰিছে, পিছে তইহে “ৰিটং” কৰিছ।

শেৱালি—কি কয় অ’ এইটোৱে। ঠাৰে চিয়াৰে কোৱা কথাবোৰ মই নুবুজো ’পাই।

বপুৰা—( নিজৰ অনুমানত সন্দেহ কৰি) তোকনো ৰেৱতীয়ে কি কৈছিল?

শেৱালি—জোৰাই দিছিল।

বপুৰা—(বৰ ৰং পাই) হে হে দিবতো নিদিব কিয়? তোকে মোকে সকলোৱে ভাল যোৰ হব বুলি দেখিছে দেখিহে আকৌ।

শেৱালি—কটা লাজো নালাগে। তোৰে সতে—তোৰে হবলা?

বপুৰা—কাৰ সতে নো!

শেৱালি—( তললৈ মূৰকৈ) কোঁৱৰৰ সতেহে! ( সৰুকৈ) মি....ছাকয়ে।

বপুৰা—( অতি বিৰক্তিৰে) ক-টা ( শেৱালিৰ ভাব-ভঙ্গীলৈ সন্দেহেৰে লক্ষ্য কৰি অলপ দূৰলৈ আঁতৰি যায়—আৰু গহীন হৈ) বাৰু তাইক মই ইয়াৰ পৰতিফল দিম। বাৰু তই এতিয়া তোৰ বনত ধৰ ( বিচাৰকৰ গাম্ভীৰ্য্যৰে) বাৰু, মই ইয়াৰ শোধ কৰিম।

 [ এই বুলি বপুৰা অসন্তোষ মনেৰে , কিন্তু গহীন ভাৱে সোঁ দুৱাৰলৈ যায় আৰু উভতি উভতি শেৱালিলৈ চায়। একো উভতি কথা পাতিবলৈ শেৱালিয়ে সুবিধা দিয়া নেদেখি ওলাই গৈ দুৱাৰখন ধুম কৰে জপায় যায়, শেৱালিয়ে তাত কিছুপৰ নিমাত হৈ গুণা-গথাকৈ