পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/৩২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২৮
কাৰেঙৰ লিগিৰী

আহুদি কৰিলোঁ। সেইহে হেনো কোঁৱৰে ন ঘৈণীৰ সতে আজি এমাহেও কথা এটাকে পতা নাই। এনেকৈ কৰিলে কেনেকৈ থাকিবি—মই সেউজী—ক’ৰবাত পানীত পৰি—

[কান্দিবলৈ ধৰে]

সেউজী— (খং ভাব দেখুৱাই) এঃ তাই ক’লেই হ’বনে? তাইহে তেনেকুৱা যাৰে তাৰে সতে ছল পালেই চুপতি। কওক বাৰু, কওক দে তাই! বাৰু, কোঁৱৰেনো কিয় কুঁৱৰীক নামাতে নোবোলে?

শেৱালি— জানো মোৰ আই—মই কেনেকৈ কম।

সেউজী— এৰা আই-দিনে ৰাতিয়ে দেখোন নছোৱালীজনীৰে সৈতে বাক-বিতণ্ডা কৰি ধুমখুলি বাই থাকে। আনে নছোৱালী বিয়া কৰাই আনি গাতে পমি যাব খোজে , আমাৰ এখেত আকৌ ভুলে-চুকে এখোজ কাষ চাপিলেও তিনি খোজ পাছলৈহে যায়। শেৱালি বাই, কোঁৱৰ আৰু আগৰ কোঁৱৰ নহয়। বিয়া কৰোৱাৰপাৰ দেখোন কিবা হ’ল। মনটো সদায় মাৰি থাকে, দেখিলে মোৰ হ’লে বেয়া লাগে বাই।

শেৱালি— লাগেতো কেনে পূৰ্ণিমাৰ জোন যেন হাঁহি থকা মুখখন কেনে হ’ল দেখা নাই। আগেয়ে দিনটোত কেইসাজনো নসলাব, কেইবাৰনো দাপোণ চাই মূৰ নেমেলাব। তাকে ৰেৱতীবাইৰ আগত কৈ দুখ কৰিলে কয় আকৌ বোলে মোৰ হেনো কোঁৱৰলৈ ধাউতি।

[শেৱালি কিছুপৰ নিতাল মাৰি থাকে]

সেউজী— পিছে এটা কথা দেই শেৱালি বাই। এটা কথা হ’লে