পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/১৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১১
কাৰেঙৰ লিগিৰী

থাকি লাহে লাহে পালেঙৰ ওচৰলৈ গৈ পুথিবোৰ সজাই দিহা লগাই থবলৈ ধৰে। মাজে মাজে কিবা ভাবি-গুণি ৰ লাগি ৰৈ থাকে। লাহে লাহে তাই আপোন-বিভোৰ হৈ আহে। আগতকৈ খৰ-ধৰকৈ অহা যোৱা কৰে। তাইক অলপ উত্ৰাৱল যেন দেখা যায়। হঠাৎ এবাৰ খৰকৈ গৈ দাপোণৰ ওচৰত ৰয় গৈ। মূৰৰ চুলি ভালকৈ লয়। আকৌ পালেঙ সজোৱাত লাগে। কিবা মুখৰ ভিতৰতে গুণগুণাবলৈ ধৰে। লাহে লাহে তাই কিবা সুখ-সপোনত পাগলী হোৱাৰ দৰে তাই কোঠাটোত ঘূৰি ফুৰি মাজে মাজে দাপোণ চাই, আপোন-পাহৰা হৈ নাম গাই মতলীয়া হৈ থাকে। ]

  নাম
সোণৰে পালেঙত অ’ মনেতৰা
  সোণৰে পালেঙত অ’ মনেতৰা।
ধুনীয়া কোঁৱৰৰ ঘুমটি নাহিলে
  কপাহৰে দলিচা পৰা মনেতৰা
   সোণৰে..........
চাতোনৰ দলিচা পাৰি দিম শুবলৈ অ’ মনেতৰা
বগলীৰ পাখিৰে গাৰু দিম শুবলৈ অ’ মনেতৰা
ওপৰে তৰি দিম ম’ৰাৰে পাখিৰে
  চান্দোৱা তৰাফুল বছা মনেতৰা
   সোণৰে............
পদুমৰ পাহিৰে গুঠি দিম বিচনী
  বা দিম সুৰভি ভৰা মনেতৰা
কাষতে লিগিৰী বহিনো নামে গাম
কোনোবা বিতোপন দেশৰে সাধু কম
  নিশাটো কাষতে বহি মনেতৰা
টোপনি টোপনি অ’ মনেতৰা
  আহিব টোপনি অ’ মনেতৰা।