সমললৈ যাওক

পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৪
কাৰেঙৰ লিগিৰী

বপুৰা বৰাই লাগ বুলিলে কেইজনী অপেচৰী পাব পাৰে। মেনকাক আনিবলৈ বপুৰাৰ এটি চকুৰ টিপ্‌, উৰ্ব্বশীক এটা সুহুৰি আৰু তিলোত্তমাক এটি টিলিকিৰ হে ‘বশ্যক’। হে তাই বেটিয়ে মোক বেয়া দেখিছে—হে মই টঙ্‌ কৰি আছো, ওৰণি তলেদি দুৱাৰপৰীয়াৰ মাজু পুতেকলৈ মিচিকি হাঁহিটো মাৰি পঠোৱা। বেটি হেঃ তাইক। “তিৰি মিৰি ভাটৌ কোৱা এই চাৰি জাতিৰ আসৈ নোপোৱা।” এই কথা কেফাকি যি বাপেকৰ পুতেকে সৰজিলে সিটো তাৰ বাপেকৰ পুতেকেই আৰু ককাকৰো নাতিয়েক। সি পণ্ডিত নহৈ মুৰুখ আছিল যদিও বৰ গিয়ানি মুৰুখ পুৰুষ প্ৰবৰ।

গা-চাওডাঙ—পিছে এতিয়ানো কোনজনা অপেচৰী আপোনাৰ দেহাত ওলোমা বাদুলি দি লন্তিছে?

বপুৰা—এতিয়াও পিছে মই, ইন্দ্ৰৰ ভাগৰ কেজনীলৈ চকু দিয়া নাই। দিমনো কেলৈ! ভাল মানুহৰ ভাল কথা। পিছে এই বোলেনে কিন্তুত প্ৰকাৰে এজনী নাগেশ্বৰীক হে মোৰ গাটো মেৰপাক খুৱাই ধৰিবলৈহে সুবিধা কৰি দিছো। এনে কোমল নিমজ নাগপাশ জনী ঐ ( বৰ কোমল ভাব দেখুৱাই ) গাটো তাই চুই দিলে ( নিজৰ গাতে আলফুলকৈ হাতফুৰাই ) বৰ ভাল লাগে নহয়।
[গাত সেইদৰে হাত ফুৰাই থাকোতেই সুন্দৰ তিতা কাপোৰেৰে আহি তাত থিয় হয়হি। সুন্দৰক দেখি বপুৰা উচপ্‌ খাই উঠে।]
এহ্‌ গাত কটা চোৰাত পাত লাগিল হবলা। এহ্‌ এহ্‌—

[বুলি বেগেৰে ওলায় যায়। চাওডাঙটোও সেৱা কৰি ওলায় যায়। সুন্দৰে হাতৰ গামোছা খন মূৰত দি, মূৰৰ পানী টুকি