পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/৬২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৫৮
কাৰেঙৰ লিগিৰী
দ্বিতীয় দৰ্শন

 [ কাৰেঙৰ লিগিৰিটোলৰ এটা কোঠা। আন্ধাৰ। সাজ-সজ্জা বা বেৰা একো আন্ধাৰত দেখা নগৈছিল। ওচৰৰ আনটো কোঠাৰ দুৱাৰেদি চাকিৰ অলপ অলপ পোহৰত মাত্ৰ মানুহ বা আন বস্তুৰ চকা মকাকৈহে আকৃতি-প্ৰকৃতি চিনা গৈছিল। তাত কেইজনীমান লিগিৰী সুদা মাটিতে শুই থকা দেখা গৈছিল। এনেতে এজনী লিগিৰি এন্ধাৰে মুন্ধাৰে আহি আন এজনী লিগিৰিক জগোৱা দেখা যায় আৰু ফুচফুচকৈ কথা পতা যেন দেখা যায়। তাৰ পিছত এজনী শোৱাৰ পৰা উঠা যেন দেখা যায়; উঠি দুইজনী ৰং মনেৰে কিছু আগ ভাগলৈ আহে। শেৱালি আৰু সেউজী। শেৱালিৰ বাহুত ধৰি সেউজী ]

সেউজী—( অলপ সৰু মাতেৰে ) শেৱালি তই ভয় নকৰিবি। তোক ৰাজমাৱে কিবা ভিতৰুৱা কথা শুধিবলৈহে মাতিছে।

শেৱালি—( বৰ ভয় খোৱা যেন হৈ ) সেউজী মোৰ ভয় লাগিছে। ৰাজমাও দেউতাই এইদৰে এনে নিশা কোন কাহানিও মাতি পঠোৱা নাই।

সেউজী—নাই নাই— এইবোৰ নানান্‌ কথা ওলাইছে নহয—সেই বিষয়ে হ’ব পায়।

শেৱালি—নহয় নহয়, মোৰ বৰ ভয় লাগিছে, ৰাজমাৱে মোক কিবা কৰিব।

সেউজী—নাই—নাই—মইয়ো যাম লগতে।

শেৱালি—আহ সেউজী মোক—নেৰিবি—অ’ সেউজী, আজি কেইদিনমানৰ পৰা মোৰ সোঁ চকু সোঁবাহু বৰকৈ লৰি আছে। বৰ ভয় লাগিছে।

[ কন্দাৰ দৰে শেৱালিয়ে কুঁকুৱাই ]

সেউজী—কেলৈ মিছাকৈয়ে ভয় কৰিছ? আহ-একো নকৰে আহ।

 [ সেউজীয়ে বাহুত ধৰি শেৱালিক লৈ যায়; শেৱালি যাওঁ নেযাওঁকৈ বৰ অনিচ্ছাৰে অথচ বাধ্যত পৰি যোৱাৰ দৰে যায়। আনটো কোঠাত থকা চাকিটো সিহঁতে লৈ যোৱাগৈ বাবে এতিয়া এই কোঠাটো সমূলি আন্ধাৰ হৈ পৰে। ]