পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
কাৰেঙৰ লিগিৰী

অনঙ্গৰাম— (গহীনকৈ সৰু মাতেৰে ) কাঞ্চন—তুমি—[ কাঞ্চনমতীয়ে উচপ খাই উঠে—যঁতৰৰ পৰা হাত এৰাই—বৰ সন্ত্ৰষ্ট হৈ অনঙ্গৰ ফালে হতভিম্ব হৈ চাই থাকে ] মোক লগ পাব নোখোজা। কিন্তু মোৰ লগ পোৱাৰ আৱশ্যক হৈছে। এনেকৈ অহাৰ বাবে ক্ষমা কৰিবা।

কাঞ্চনমতী— (কঁপা মাতেৰে) আপুনি কি কৰিব খুজিছে? এনেকৈ— এনে সময়ত? মানুহে মোক ব্যভিচাৰিণী বুলিব।

অনঙ্গৰাম— (শিলকঠুৱা হৈ) মানুহে একো মিছা কথা নকব।

কাঞ্চনমতী— তাৰ অৰ্থ?

অনঙ্গ— ফটফটীয়া।

কাঞ্চনমতী— আপোনাৰ মনতো।

অনঙ্গ—নিঃসন্দেহে।

কাঞ্চনমতী— ব্যভিচাৰিণীৰে সতে আপোনাৰ প্ৰয়োজন বা কি?

অনঙ্গ— আছে।

কাঞ্চনমতী— কি?

অনঙ্গ— তাকে তোমাক হ’বলৈ নিদিয়া।

কাঞ্চনমতী— সিতো অতি সহজ।

অনঙ্গ— অতি সহজ?

কাঞ্চনমতী— এৰা আপুনিয়েই বুলিছে—আপুনি নহয় বুলিলেই নহ’লো।

অনঙ্গ— বাক্যৰ চাতুৰি নেখেলিবা। তাৰ সময় নহয়। তোমাক মই বুজি পালো। কাঞ্চনমতী, তুমি মোৰ ইমান আন্তৰিক চেনেহ এইদৰে তলসৰা শুকান পাত গচকাদি গচকি নাযাবা বুলি ভাবিছিলো। তুমি মোৰ সকলো সপোন ভাঙিলা।

কাঞ্চনমতী— (ৰূঢ় ভাৱে) কাৰো সপোন কোনেও ভাঙিব নোৱাৰে। সপোন নফলিয়াইহে।