পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩0
কাৰেঙৰ লিগিৰী

সুন্দৰ— কুঁৱৰী, মোৰ এয়েই প্ৰথম আৰু শেষ কথা। তুমি মোৰ জীৱনৰ পৰা আঁতৰি যাব লাগিব।

কাঞ্চনমতী— (বৰ তীব্ৰতাৰে) মোৰ এইদৰে জীৱন-মৰণ লৈ ল’ৰা-ধেমালি কৰা আপোনাৰ উচিত হোৱা নাই। এটা ভুল কৰিলে—কি তাতোকৈ এটা ডাঙৰ ভুলেৰে আপুনি সেই ভুল শুধৰাবলৈ গৈছে। আপুনি ইমান দুৰ্ব্বল বুলি মই ভাবিব নোৱাৰো।

সুন্দৰ— (ডাঙৰকৈ হাঁহি) মোৰ ই দুৰ্বলতা নে সবলতা সি এটা মীমাংসা কৰিবলগীয়া প্ৰশ্ন। বাৰু, মোৰ এটা প্ৰশ্নৰ উত্তৰ দিয়া—

কাঞ্চনমতী— কি?

সুন্দৰ— সত্যক আঁকোৱালি ধৰা দু্ৰ্ব্বলতানে?

কাঞ্চনমতী— কেতিয়াও নহয়।

সুন্দৰ— বিবাহ আৰু ভালপোৱাৰ পাৰ্থক্য কি?

কাঞ্চনমতী— বিবাহৰ দ্বাৰাই শাৰীৰিক সম্বন্ধ ঘটে আৰু মানসিক সম্বন্ধ হ’বই লাগিব বুলি সমাজে ধৰি লয়, নিৰ্দেশ কৰে ভাল পোৱা মানসিক সম্বন্ধ, শাৰীৰিক সম্বন্ধ তাৰ উদ্দেশ্য নহ’বও পাৰে।

সুন্দৰ— তেন্তে সি দুটা বস্তু নহয়নে।

কাঞ্চনমতী— দেখাতেই।

সুন্দৰ— বঢ়িয়া কথা। তেন্তে তুমি মন এঠাইত থৈ শাৰীৰিক এঠাইত থাকিবলৈ একো আপত্তি নকৰা।

কাঞ্চনমতী— তাত বিচিত্ৰতা কি? আপুনি শাৰীৰিকে এই কোঠাটোত সোমাই থাকি মনটো হিমালয়ত থাকিবও পাৰে।