পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০
কাৰেঙৰ লিগিৰী

সুদৰ্শন—কি বুলি নো ভাবে অ’ তোক?

বপুৰা— হে হৰি! কি বুলি ভাবিব নো? গুটি ধানৰ ভঁড়ালটো বুলি।

[সুন্দৰ আৰু সুদৰ্শনে হাঁহে]

সুদৰ্শন—বাৰু বপুৰা , তোৰ তিৰোতাজনী তেনে হ’ল বুলিয়েই আটাইবোৰ তেনে হ’ব বুলি কিয় ভাবিছ?

বপুৰা—এটা ভাত পিটিকি চালেই বুজি নহয়, গোটেই চৰুটো সিজিছে নে নাই।

সুদৰ্শন—বাৰু, তই তিৰোতাবোৰক ভাতৰ লগত নিৰিজাই এপাছি সুমথিৰা টেঙাৰ সতেনো নিৰিজাৱ কিয়? তাৰে এটা গেলা পালে গোটেই পাছিটো জানো গেলা পাবি?

বপুৰা—(কিছুপৰ ৰৈ) হওতে হয় কথাটো। এৰা—মোৰেই কিবা পোকে খোৱা ভাইগ’। সেই গেলা সুমথিৰাটোতহে আকৌ হাতত পৰিলগৈ। মোৰ কপালখনো কপাল নহয়, বিধতাৰ চোতাল হে হ’বলা। তাত বিধতাই ওলাওঁতে এগচক সোমাওঁতে এগচক মাৰি দুবৰিবোৰতো খাস্তাং কৰিলেই তাৰ উপৰিও বোকা তুলিলে। দুখীয়াৰ কপাল চোতাল হ’লে এয়েই হয়, ধনীৰ কপাল বিধতাৰ চোতাল হ’লে আকৌ বিধতাই তাত মৰণা মাৰি ভালকৈ গুটি ধান পেলাইহে যায়।

সুন্দৰ—বপুৰা তই দেখোন এইবোৰ বৰ ভাল কথা কৈছ একা। ক’তনো শিকিলি?

বপুৰা—মোৰ ঈশ্বৰ! সৰুতে পঢ়াশালিত পঢ়িবলৈ নহ’ল। ক টোৰ চুককেইটা তাৰে— উৱাদিহ নাপাওঁ। পিছে এতিয়া বুঢ়া কালত আমাৰ শ্ৰীমতীয়ে যিখন পঢ়াশালি পাতিছেহি তাত শিকোৱা কথাৰ ভৰত বপুৰাৰ ৰাজহাড় ভেমেছা। আৰু