সমললৈ যাওক

পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
কাৰেঙৰ লিগিৰী

বপুৰা— কি কথা আছে মোৰ ঈশ্বৰ থিতাতে মই ঘাটত নাও খেৰা কৰাম।

সুন্দৰ— (অধৈয্য হৈ) বেলি নকৰিবি যা! যা। এখন্তেক নৰবি।

বপুৰা— নৰও মোৰ ঈশ্বৰ—(বুলি একে উশাহতে লৰ মাৰি আকৌ গুলিটো অহাদি আহি) পিছে পাচলি কুটিবলৈ শেৱালিকো—

সুন্দৰ— (খঙেৰে ) নালাগে—নালাগে—তই—মই যিটো কৈছো তাক কৰগৈ।

(পাছলৈ নাচাই বপুৰাই নিধাতু খাই লৰি ওলাই যায় —সুন্দৰে বপুৰাক যোৱাগৈ দেখি লাহে লাহে সোঁফালে ওলাই যায়গৈ।)


চতুৰ্থ দৰ্শন

 (কাজিৰঙা অৰণ্য। লুইতৰ পাৰ। এজোপা লুইতৰ গড়াত থকা বৰ ডাঙৰ পাকেৰি গছৰ তল। লুইতৰ সিপাৰে দূৰত ৰিণিকি ৰিণিকি দৰঙ্গীয়া পৰ্বতবোৰ দেখা গৈছিল। বাৰিষাৰ লুইতৰ হোহোৱনি কাণত পৰিছে। ঠাইডোখৰ ভয়লগা গহীন। গছৰ তলৰ মুকলি ডোখৰৰ বাহিৰে দুয়োফালে কাঁইট-জেঙেৰে ভৰা অটব্য হাবি। পাকৰি গছজোপাৰ তলতে এটা গছৰ মূঢ়াত অনঙ্গ বহি আছে। হাতত এডাল নগা যাঠি। বাহুত ধেনু আৰু পিঠিত কাঁড় থকা টোন। কঁকালত এখন দীঘল তৰোৱাল। অনঙ্গ কেবাদিনো জ্বৰত ভোগা মানুহৰ দৰে বিবৰ্ণ আৰু ৰুক্ষ। এটা অতি কঠোৰ ভাব লৈ লুইতৰফালে চাই আছে। অনঙ্গ কঠোৰতা আৰু নিৰৱতাই গোটেই ঠাইডোখৰ আৰু গহীন কৰি পেলাইছে। সোঁফালৰপৰা সুন্দৰ কোঁৱৰ লগত কাঞ্চন কুঁৱৰীক লৈ দৃঢ় খোজেৰে সোমাই আহি অনঙ্গক ভৰিৰপৰা মূৰলৈকে তীব্ৰ আৰু কঠোৰ ভাবেৰে চাই থিয় হৈ ৰয়। শেহত বপুৰা, পিঠিত নান বস্তুৰ বোজা এটা—সোঁহাতত এডাল যাঠি। ভৰিত ফানটি—বৰ গহীন। হাবভাবত একো পাতলামি নাই।)