পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/৪৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৩৯
কাৰেঙৰ লিগিৰী

সুন্দৰ— (বপুৰাক) বপুৰা, (সোঁহাতে আঙুলিয়াই) এইফালে দলিছা পাৰি কুঁৱৰীক বহুৱা।
 ( বপুৰাই গাৰ বোজা নমাই থৈ,হাতৰ যাঠিডাল মাটিত খোচা মাৰি থিয়কৈ আৰু টোপোলাৰ পৰা দলিছা উলিয়াই পাৰি দিয়ে-ইতিমধ্যে সুন্দৰে অনঙ্গৰ আগত অহা-যোৱা কৰি থাকে। )

বপুৰা— কুঁৱৰী দেউতা গা থওকহি।
 (কাঞ্চন কুঁৱৰীয়ে লাহে লাহে গৈ তাত বহে আৰু ওৰণিখনি একতীয়া কৈ লৈ লুইতৰ ফালে চাই ৰ’ লাগি লৈ থাকে। —অনঙ্গই ইমান পৰে ৰ’ লাগি ৰৈ থাকি সুন্দৰক বিশেষ উৎসুকতা আৰু দৃঢ়তাৰে—)

অনঙ্গ—তাৰ পাছত বন্ধু তোমাৰ এনে আচৰিত ব্যৱহাৰ আৰু এইদৰে অভাৱনীয়ভাৱে কাজিৰঙাৰ অটব্য অৰণ্যলৈ মাতি অনাৰ উদ্দেশ্য?

সুন্দৰ—উদ্দেশ্য মহৎ। ( বপুৰাক ) তই এতিয়া ইয়াৰ পৰা যাব পাৰ।

[বপুৰা ওলাই যায় ]

অনঙ্গ—অৱশ্যে মহৎ হ’বই লাগিব। তেন্তে মহৎ উদ্দেশ্যৰ ব্যাখ্যা হোক।

সুন্দৰ— হ’ব। ব্যাখ্যান হ’বলৈ বিশেষ একো নাই। কালি নিশা হোৱা কথাৰ শেষ মীমাংসা কৰিবলৈ মই তোমাক ইয়ালৈ মাতি আনিছো। ( অনঙ্গৰ চকুৱে চকুৱে চায় )

অনঙ্গ— (ঘপহ কৰে থিয় হৈ বিস্ময়ত ) কি? কি কৈছা?

সুন্দৰ— (শান্ত আৰু কঠোৰবাবে) যি কৈছো তাকে দোহাৰিছো।
(কাঞ্চন কুঁৱৰীয়ে এতিয়া দুয়োলৈকে চাই কিবা এটা ত্ৰাসত অভিভূত হোৱা যেন কৰে )

অনঙ্গ— সেই মীমাংসাৰ ঠাই তুমি এই কাজিৰঙাৰ অৰণ্যত—

সুন্দৰ— এই কথাক মীমাংসাৰ ইয়ে অতি উপযুক্ত স্থান। বিশেষকৈ