পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/৬৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


সুন্দৰ— বৰ ভাল হৈছো। শেৱালি ক’লৈ গ’ল? শেৱালিক তুমি কি কৰিলা?

ৰাজমাও-মই শেৱালিক মাৰিলো বা কাটিলো যিয়েই কৰিলো।

সুন্দৰ— যিয়েই কৰিলোঁ বুলিলে নচলিব আই মাতৃ।

ৰাজমাও—চলিব লাগিব। মোৰ কথা তই শুনিব লাগিব।

সুন্দৰ— নুশুনু নুশুনু ন—চ—লো। শেৱালিক যদি লুকুৱাই থৈছা উলিয়াই দিয়া। খেদাই দিছা যদি ওভোতাই আনা। নিৰ্বাসিত কৰিছা যদি সেই আজ্ঞা ৰদ কৰা। অঙ্গক্ষত কৰিছা অঙ্গ দি আনা। প্ৰাণে মাৰিছা যদি—তুমি—তুমি তাইৰ প্ৰাণ দি সঞ্জীৱিত কৰি মোৰ ওচৰলৈ আনি দিয়া।

ৰাজমাও— নহ’লে তই কি কৰিবি?

সুন্দৰ— মই কি কৰিম? তোমাৰ যি কণ মান-মৰ্য্যাদা গৌৰৱ আছে তাকো মই—ভৰিৰে গচকি নাইকিয়া কৰিম। তোমাৰ সাতাম পুৰুষীয়া ৰীতি নীতি—ভাঙি চূৰমাৰ কৰিম। (চাওডাং বৰুৱা আহি আঁঠু লৈ ৰয়হি) চাওডাং বৰুৱা! শেৱালি বোলা লিগিৰীজনী হেৰাইছে। তোমাৰ সকলো ৰখীয়া-পৰীয়া তাইক বিচৰোৱা কামত লগাব লাগে। আৰু এই নগৰৰ প্ৰত্যেক ঘৰে ঘৰে হাবি-বননি চলথ কৰিব লাগে। কাৰেঙৰ এই আটাইবোৰকে নি শেৱালিক কি কৰিলে ক’ত থলে সুধি যেনে তেনে সিহঁতৰ মুখৰ পৰা কথা উলিয়াব লাগে। মই আটাইবোৰে জানো—গোটেই কাৰেঙৰ ইয়াত যোগ আছে।

ৰাজমাও— (দৃঢ়তাৰে) সুন্দৰ, তই কাৰেঙৰ ভিতৰলৈ শেৱালিক সুমাব নোৱাৰ।