পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/১০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৯৭

পানীৰ তলত ফটিক কোঠালিলৈ উটি গলি গৈ? আহ্‌ আহ্‌ উভটি আহ—তামোলৰ বটাটিলৈ ফুলৰ কুকিটি লৈ মোৰ পুথিৰ পাতবোৰ সামৰি থবলৈ, মোৰ সোণৰ পালেঙলৈ টোপনিক মাতি আনিবলৈ— আহ্‌ উভটি আহ্‌। আহ্‌—আহ্‌ অ' শেৱালি আহ্‌। মোৰ সতে কথা পাতহি। গুণ গুণকৈ নাম গাহি। আহ্‌ আহ্‌ কথা নাপাতহি কিয়?— কথা পাতা—হাঁ—হাঁ
 [ উঠি বহি হাত আগবঢ়াই দি সপোনৰ দৰে ]
অ' শেৱালি তই উভটি নাহ কিয়? কথা নাপাত কিয়?? নাহাঁহহি কিয়?? কথা ক— অ' সোণৰে শেৱালি কথা ক, অ' প্ৰাণৰে শেৱালি কথা—কথা—কথা—ক!!!

[ সুন্দৰ ঢলি পৰি যায় ]