পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/২৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২৪
কাৰেঙৰ লিগিৰী

সুন্দৰ— (ভিতৰত) মাতৃৰ মতেই মত। পুত্ৰৰ তেনে মাতিবলৈ একো নাই। [সুন্দৰ আহি সোমায়হি সুদৰ্শনলৈ নাচাই ৰেৱতীক] কি হল? তোৰ মোৰে সতে কিবা তৰ্কবাদ আছেনেকি নালাগে নালাগে—যা যা মোৰ বিয়া পাতিব! ৰজাৰপৰা প্ৰজালৈকে, ডাঙৰীয়াৰ পৰা পাইকলৈকে সকলোৱে কেৱল বিয়া-বিয়া-বিয়া।

[ৰেৱতী ওলাই যায়]

সুদৰ্শন— (বৰ গহীন হৈ) মোৰ বিবেচনা মতে সুন্দৰ তুমি বিয়া কৰোৱা। জন্ম, মৃত্যু আৰু বিবাহ-ই বিধাতাৰ নিবন্ধন।

সুন্দৰ— তুমিও—তুমিও—(এইবুলি সুন্দৰ হতাশ হোৱাৰ দৰে আহি বৰপীৰাত বহে) তেন্তে বন্ধু বুজিলো বিধাতাৰ শিলৰ ৰেখা মই আঙুলিৰে মচিব খুজিছো। (বহুপৰ ৰৈ থাকি) সুদৰ্শন—তুমিও—তাকে কোৱা।

সুদৰ্শন— এৰা বন্ধু—মই কওঁ তুমি বিবাহত সন্মতি দিয়া।

সুন্দৰ— হৃদয়ৰ দেৱতাৰ বেদীৰ ওচৰতে তোমাৰ ঠাই—তুমিও জানা। নাজানানে বন্ধু— ৰুদ্ধ মোৰ প্ৰাণৰ দুৱাৰ, তিৰোতাৰ প্ৰৱেশৰ তাত নাই অধিকাৰ?

সুদৰ্শন— (আৰু গহীন হৈ) অধিকাৰ দান কৰা।

সুন্দৰ— অসমৰ্থ।

সুদৰ্শন— নিজৰ সত নাযাই আনে কৰক।

সুন্দৰ— মই জানি, চকুৰ আগতে দেখি, হাত সাবটি—

সুদৰ্শন— সময় বিশেষে অৱশ্যে।

সুন্দৰ— বন্ধু—তোমাৰ মতৰ বিচিত্ৰতা আছে বুলি মই স্বীকাৰ নকৰি নোৱাৰো। তুমি তেন্তে জানিও ভুল কৰিবলৈ কোৱা। ইচ্ছাকৃত ভুল!