পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/৩৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৩২
কাৰেঙৰ লিগিৰী

কাঞ্চনমতী—তাৰ সতে আপোনাৰ সম্বন্ধ কি? মাতৃৰ অনুৰোধত আপুনি মাত্ৰ শৰীৰটো বিবাহ কোঠালৈ পঠাই—আন পক্ষৰ মনকো তাত বিচৰাটো যুক্তিযুক্ত কথা হৈছেনে?

[সুন্দৰ হতবিম্ব হৈ বহুপৰ টলকা মাৰি থাকে]

সুন্দৰ— (একে উশাহতে) সি মোৰ ভুল। শুধৰাব—

কাঞ্চনমতী— সকলো ভুল শুধৰাব নোৱাৰি।

সুন্দৰ— কিয়?

কাঞ্চনমতী— কিছুমান ভুল শুধৰালে অপকাৰ হয়। কিন্তু কিছুমান ভুল শুধৰাবলৈ গলে ধ্বংস হয়। বৰঘৰৰ খুঁটাবোৰ ভুলকৈ পুতি ঘৰটো সজাৰ পাছত খুঁটাবোৰ শুদ্ধকৈ খুৱাবলৈ গলে গোটেই ঘৰটোকেই ভাঙিব লাগিব।

সুন্দৰ— (বৰ উত্তেজিত হৈ) ভুল যি সি ভুলেই। ঘৰ ভাগক বা সংসাৰ ভাগক তাক শুধৰাবই লাগিব।

কাঞ্চনমতী— সেই বুলি আপোনাৰ ঘৰৰ ভিতৰত শিকলিৰে মানুহ বান্ধি থৈ ঘৰৰ খুঁটা শুধৰাবলৈ গৈ ঘৰ ভাঙি মানুহ মাৰিবৰ কিবা অধিকাৰ আছে জানো?

সুন্দৰ— ওলাই গলেই হ’ল।

কাঞ্চনমতী— শিকলিৰে বন্ধা সেই শিকলি চিৰকাললৈ খুলিবৰ শক্তি নাই। সেই অশৰীৰৰী শিকলিৰ বান্ধ এবাৰ খোৱা মানুহে নমৰালৈকে এৰাই যাব নোৱাৰে।

সুন্দৰ—মৰিলে তেন্তে!

কাঞ্চনমতী— (কিবা এটা ভাবত হাঁহি—সুন্দৰলৈ বাৎসল্য ভাব দেখুৱাই ) আপোনাৰ ভুল শুদ্ধ হ’ব আৰু।

[সুন্দৰে লাজ পোৱাদি পায়—কিন্তু একো নামাতে-তাৰ পাছত নুবুজা কিবা অঁকৰাৰ দৰে]