মোৰ ইন্দ্ৰিয় অন্ধকূপ।
দৃষ্টিৰ প্ৰসাৰ মোক দিয়াহে সুন্দৰি
চাবলৈ অন্তহীন ৰূপ। ই কি।
বিশ্ব বিমোহিনী সৌন্দৰ্য্যতো সৌন্দৰ্য্য অপৰূপ।
[ অনঙ্গৰ মুখ এক দিব্য আভাত উদ্ভাসিত হৈ পৰে। তাৰ পাছত মাটিত বহি শিলত মুৰ থৈ, থৰ লাগি চাই থাকে। বতাহ বলে। বতাহ গছৰ পাতত লাগি দুৰৰ বাঁহীৰ দৰে অন- বৰত ঠুনুক্ঠানাককৈ ভগাছিগা সুৰৰ দৰে শব্দ আহি সেই ঠাইডোখৰ বুৰাই পেলায়হি। সেই ফালে অনঙ্গ নিতাল মাৰে। অলপ অলপ আন্ধাৰ হৈ আহে। এনেতে ৰুণুক, জুনুক, ঠুনুক হাতত পোৰাঁ আলু কচু লৈ আহে। ৰুণুকৰ হাতত এডাল আঁৰিয়া]
ৰুণুক—অ—উ’, উ, ঊ,—মিতা, উ,—উ।
জুনুক—উ,—উ,—উ, মিতা। সেইটো হবলা ( ৰুণুকৰ চকু অনঙ্গৰ ওপৰত পৰে )।
ঠুনুক-এ ৰুণুক এইটো হব পায়। এ জলকা লাগি পৰি আছে উ, উ, মিতা উ।
অনঙ্গ—( উঠি ) কি হ’ল ৰুণুক৷
ৰুণুক—মিতা মিতা তয় ইয়াত নেথাকিবি।
অনঙ্গ—কিয়?
ৰুণুক—ৰজাৰ নগৰৰপৰা বহুতো মানুহ আহি হাতে হাতে আঁৰিয়া লৈ আমাৰ গাঁৱত কিবা বিচাৰি ফুৰিছে। তোক ধৰি নিব।
অনঙ্গ—( হাঁহি ) মোক মোক মোক ৰজাৰ একো প্ৰয়োজন নাই।
ৰুণুক—তেন্তে মইনাক নিবলৈ আহিছে।
অনঙ্গ—কোন মইনা?
ৰুণুক—আজি ভয়ামৰপৰা এজনী ছোৱালী আহিছে নহয়।
অনঙ্গ—( আচৰিত হৈ ) কেনেকুৱা।