| সুদৰ্শন—
|
ইচ্ছাকৃত ভুলতো আনন্দ আছে। তুমি উচ্চাৰণ কৰা “ইচ্ছাকৃত ভুল” শব্দটোৰ ঠাইত মই “ত্যাগ” শব্দটো বহুৱালে কোনেও মোক ভুল ধৰিব নোৱাৰিব। তোমাৰ বৈৰাগ্য পন্থা মাতৃৰ সন্তুষ্টিৰ কাৰণে ত্যাগ কৰা।
|
[বহুপৰ সুন্দৰ নমতাকৈ থাকি হঠাৎ চঞ্চল হৈ]
|
|
তেন্তে সেয়ে হোক—সেয়ে হোক। ত্যাগৰ ৰথত উঠি স্বাৰ্থই দ্বিগ্বিজয় কৰোক।
|
| শেৱালি—
|
সাউদৰ পুতেক ককাইদেউক ৰাজমাও দেউতাই বিচাৰিছে।
|
| সুদৰ্শন—
|
বাৰু—(সুন্দৰৰ ফালে চাই) তেন্তে, সুন্দৰ—
|
| সুন্দৰ—
|
তেন্তে আৰু কি বান্ধ। মোক কি সুধিছা। যোৱা বান্ধ সুদৰ্শন—যোৱা যি ইচ্ছা তাকে কৰা—আয়ে যি ইচ্ছা তাকে কৰক। দেশ—দস্তুৰ কাৰো মতৰ কাৰণে—কোনো যুক্তি-তৰ্কৰ কাৰণে কাৰো আপত্তি-বিপত্তিৰ কাৰণে অপেক্ষা নকৰে। আইৰ সন্তুষ্টি হওক, প্ৰজাৰ সন্তুষ্টি হওক।
|
[সুদৰ্শন তললৈ মূৰ কৰি থাকে, সোঁফালৰ পৰা অনঙ্গ সোমাই আহি]
| সুন্দৰ—
|
তুমি আৰু মোক একো ক’ব নালাগে-আৰু আৱশ্যক নাই।
|
| সুন্দৰ—
|
তুমিও তাকেইহে কবা। তোমালোকে বন্ধু হৈ মোক নুবুজিলা। মোৰ মনৰ ৰাজ্যত মই ইমান অকলশৰীয়া—তুমি শুনি সুখী হবা—সুদৰ্শনে আইৰ ওচৰলৈ মোৰ বিবাহৰ মত লৈ গৈছে।
|
| অনঙ্গ—
|
(বৰ বিচলিত হৈ) তুমি মত দিলা সুন্দৰ তেন্তে সঁচাকৈ।
|
| সুন্দৰ—
|
(বৰ কৰ্কশভাৱে) মত লৈ গৈছে।
|