পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/৬৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৬২
কাৰেঙৰ লিগিৰী

সুদৰ্শন—তুমিও নো ইমান অঁকৰা হৈছা কিয়! ৰাজমাও দেউতাই তাইক আহিবলৈ হাক দিছে যেতিয়া আন লিগিৰিয়ে আল-পৈচান ধৰক।

সুন্দৰ—কেলৈ তাইক মোৰ ওচৰলৈ আহিবলৈ নিদিব? মিছা ধাৰণা এটা কেলৈ মূৰত সুমাই থব?

সুদৰ্শন-কিন্তু তুমি এনে অঁকৰা হলে মানুহে ক’বলৈ আৰু—

সুন্দৰ— কওক—কওক। সেয়ে বুলি যদি ভাবিছে—তেন্তে—মই—মই—

সুদৰ্শন—এই বলিয়ালিখন নকৰিবা।

সুন্দৰ—কিহে তুমিও সেই। বলিয়ালিকে কৰিম। সমাজে এনেকৈ মিছা গোজ পুতি ধৰি থাকিব। বপুৰা—যা শেৱালিক মাতি আনগৈ।

বপুৰা—কেলৈ নামাতিম মোৰ স্বৰ্গদেৱ—তাইক মই এতিয়াই তামোল-পানৰ বটাৰে—

[এই বুলি বপুৰা গৰ্বৰে তাৰপৰা উঠি যায়]

সুদৰ্শন—সুন্দৰ তুমি কিছুমান আলগতিয়াল কথাৰ ওপৰত ইমান কিয় বল কৰা মই নুবুজো।

সুন্দৰ—অতি লাগতিয়াল। [বুলি আৰু একো নকৈ খংমুৱা হৈ মনে মনে থাকে। দুয়ো এইদৰে কিছুপৰ থকাৰ পাছত সুন্দৰ অধৈৰ্য্য হৈ—] বপুৰা! বপুৰা! (কাৰো মাত নাহে ) ৰেৱতী! শেৱালি! (কাৰো মাত নাহে।) কোন আছে? কোন আছে? [ সুন্দৰ থিয় হৈ ] বপুৰা! বপুৰা! [ বপুৰা লৰি সোমায়হি ] ক’তা শেৱালি ক’তা?

বপুৰা—জানো কোঁৱৰ, বিচাৰিছো দেখোন! ৰেৱতীয়ে লিগিৰী-টোলত চাবলৈ গৈছে।

সুন্দৰ—অথনিৰেপৰা ইমানপৰ কিয় হৈছে? ৰেৱতী! ৰেৱতী!