পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/১৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
কাৰেঙৰ লিগিৰী

নাম এটা গালে বুলিয়েই তই তেনে কথা ভবা ভাল হোৱা নাই। সাৱধান—মোৰ আগত যি তই এনে কথা ক’লি আৰু কাৰো আগত ন’কবি, বুজিছ?

বপুৰা— ইস্ ইস্ কেলেই আনক কম। মোৰ মনৰ খুকুৰি আপোনাক নোকোৱাকৈও বেয়া নহয়। মোৰ মনেৰে এইটো হলে ঠিক আপুনি যিয়েই বোলক লাগে। কোঁৱৰে সেই কাৰণেহে বিয়া নকৰায়। মই ঠিক জানিলো। তাইক কাৰেঙত থলে কোঁৱৰৰ বিয়াখন হাতীকণীৰ ভিতৰত। অজগৰে হৰিণাক মেৰিওৱাদি তাই কোঁৱৰক মেৰিয়াই চেপি চেপি জোল পিব লাগিছে। তাৰ দৰব আছে সাউদৰ পুতেক দেউতা—তাৰ দৰব আছে। (জ্ঞানী ভাবেৰে মূৰ দুপিয়াই)

সুদৰ্শন— কি দৰব?

বপুৰা— আছে আছে। সেই দৰবপালি দিলে কোঁৱৰৰ বিকাৰো যাব আৰু নবোৱাৰী আহি একেচাটেই কাৰেঙৰ বৰ ভেটি গচকিব।

সুদৰ্শন— কচোন বাৰু কি?

বপুৰা— আছে আছে।

সুদৰ্শন— কচোন?

বপুৰা— (কিছুপৰ কেৰো-ঘেঁহোকৈ থাকি) হেঃ সাউদৰ পুতেক দেউতা, হেঃ এই বপুৰাৰ লগত তাইৰ ৰাহি-যোৰা আমাৰ তিনি পুৰুষ আগৰেপৰা মিলি আছে—হে হৰি—হে হৰি—

[ বপুৰাই উদ্বিগ্ন হৈ সুদৰ্শনৰ মুখলৈ চাই থাকে ]

সুদৰ্শন— (হাঁহি) বাৰু বুজিছো বপুৰা, এতিয়া ৰাতি হ’ল যা। কিন্তু তোৰ এইবোৰ সন্দেহ তেনেয়ে অমূলক। মোৰ কথা মনত ৰাখিবি। এইবোৰৰ বিষয়ে দুনাই কথা পতা শুনিলে কিন্তু তোৰ বেয়া হ’ব।