সমললৈ যাওক

পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
কাৰেঙৰ লিগিৰী

সুন্দৰ— ওঁ তেন্তে মোৰতো মাতিবলৈ একো নাই। তেন্তে মোকনো আৰু কিয় সুধিব-পুছিব লাগিছে?

ৰাজমাও— তই অঁকৰামতীয়া হৈছ দেখিহে আকৌ তোৰে সৈতে যুঁজ-বাগৰ কৰি আছো।

সুন্দৰ— সুধিছাই যদি আৰু মোৰ মতৰ ওপৰতেই যদি মোৰ বিয়া নিৰ্ভৰ কৰিছে তেন্তে আইতা, বিয়া ভাঙিবলৈ এতিয়াও বহু সময় আছে। এতিয়াও ৰাইজক, প্ৰজাক আৰু ডাঙৰীয়াসকলক আনভাগে বুজাই দিয়াগৈ।

 [“সুন্দৰ” এই বুলি ৰাজমাও তাৰপৰা উঠি উচাট মাৰি গুচি যায়গৈ আৰু বাওঁ দুৱাৰেদি ওলাই যায়। “আইদেউতা” বুলি সুন্দৰ পাছে পাছে যায়। সুদৰ্শন সোঁফালৰ দুৱাৰেদি সোমাই আহে।]

সুদৰ্শন— (কোঠাটোত চাই) ক’তা সুন্দৰ নাই দেখোন?

 [সুদৰ্শনে ইফাল সিফাল কৰোতেই ভিতৰৰ পৰা ৰেৱতী ভোৰভোৰাই আহি তাত ওলায়হি “কি শনি সোমাল অ’ কাৰেঙত দিনে-ৰাতিয়ে দেখোন বাক্-বিতণ্ডা নুগুচা হ’ল” সুদৰ্শনক দেখি থমকি ৰয়।]

ৰেৱতী— এ সাউদৰ পুতেক ককাইদেউ—হে, মোৰ দেউতাটি। সৌ কোঁৱৰক আইতাদেউতাৰ ওচৰৰপৰা লৈ আহোকগৈ। বলকনিৰ প্ৰতাপত এতিয়া আইচু দেউতাৰ যিকেইডাল কেঁচা চুলি আছে তাকো পকাবলৈ।

সুদৰ্শন— কিনো কৰিছে?

ৰেৱতী— আজি দিনটো কাৰেঙত কেঁৱে ভাত-পানী খাব পৰা নাই,— আইচু দেউতাৰ অৱস্থা দেখি। জানো কি শনি সোমাইছে কোঁৱৰৰ। বিয়াখননো পাতিলে কি হয়। আইচু দেউতাই আজি তিনি-চাৰি সাজ নাখাই-নবই কান্দিকাটি—[এনেতে সুন্দৰৰ মাত শুনা গ’ল]