অনঙ্গ—বলা!
[ আটাই কেউজন উঠি তাৰপৰা ওলায় যায়, আৰু বপুৰাই
অলপ ইফাল সিফাল কৰি থাকোতেই এটা গা-ৰখীয়া চাওডাঙ
আহে ]
গা-ৰখীয়া চাওডাঙ—পিছে বৰা আজি আমাৰ যোৱা হবনে নহয়?
বপুৰা—নহব কিয়? খাই বৈ, শেৱালি কুঁৱৰীক তহঁতৰ কানত তুলি গায়নে বায়নে, গিজ্তাঁও গিজ্তাঁও কৈ নগৰ হেন্দোল- দোপ দলদোপ্ লগাই পেলাম গৈ নহয়। মই নিজে ঢোল বায় আগে যাম। বুজিছ—( হাতেৰে ঢোলত কোব মৰা যেন কৰি ) ধিনদাও খিত্তাঁও, ধিনদাও খিত্তাঁও খিতি খিতি তাঁও, তাঁও তাঁও তাঁও তাঁও, খিতাঘিনা খিতিতাঁও ধিন্দাক ধেই। এইদৰে বাপেকে কেনে শুনিলি?
গা-চাওডাঙ—বঢ়িয়া। বোলো আমাৰ লিগিৰী বড়া মুখ বায়ন নে কোন?
বপুৰা—মুখ বায়ন হে, কাষত দুটা মূৰত এটা পিঠিত এটা আগত এটা লৈ যেতিয়া বাই দিম হেঃ। পিছে তাৰ পাছত শেৱালি কুঁৱৰীৰ পাছতে কোন যাব জান?
গা-চাওডাঙ—কোন?
বপুৰা—যিহে এজনী চমক ছায়া।
[ বুলি আনন্দত টকালি পাৰি তিনি দেও মাৰে ]
গা-চাওডাঙ—তেৰাজনী পিছে কোন বা?
বপুৰা—এই বপুৰাৰ ভাগৰ জনী।
গা-চাওডাঙ—পিছে বৰাৰ আগৰজনী?
বপুৰা—আগৰ জনীক—হেঃ তাইক কাচি কাচি তেল খাৰণি দি দলনিত পোনা মেলিমগৈ। তাই বেটিয়ে নাজানে এই