| চন্তৰী—
|
শেহনিশা বপুৰা! (আচৰিত হৈ)
|
| বপুৰা—
|
(মাটিতে বহি হুল উলিয়াই) মোৰ কি জগৰ। ৰাতি জনীক নো মই কেনেকৈ চাঙৰ তলত বান্ধি থওঁ। হবতো শেহনিশা-সন্ধিয়া লাগোতে জালোৱা মানুহ যদি বালিচ'ৰাত নাও লগাদি কোটোহা বাঁহৰ জোঙত লাগি থাকেহি।
|
| চন্তৰী—
|
পিছে বপুৰা এনেহেন সময়ত তোক লিগিৰী টোলৰ পাছবাৰীত দেখিবলৈ ভাল হোৱা নাই।
|
| বপুৰা—
|
(আচৰিত হৈ) কি কি লিগিৰী টোলৰ পাছবাৰী—?
|
| চন্তৰী—
|
নজনা ভাওনো কিয় ধৰ?
|
| চন্তৰী—
|
আৰু তই কিন্তু সজে সজে—
|
[এনেতে বিজুলী বেগেৰে সুন্দৰ তাতে ওলাইহি। চন্তৰী টোৱে সেৱা জনাই দূৰত থিয় হয়। বপুৰা থৰমৰ খাই ৰয়। সুন্দৰৰ ইঙ্গিতত চন্তৰী সেৱা জনাই গুচি যায়। বপুৰাই থেৰো-ঘেহোঁকৈ।]
| বপুৰা—
|
আজি তিনিদিনে শুকান খৰিৰ দুখত—দিনত সময়ো নাপাওঁ—কোঁৱৰৰ আলপৈচান ধৰোতে।
|
| সুন্দৰ—
|
(চকু গাঁথি থোপা কৰি) কথা নাসাজিবি, মই তোক সুদৰ্শনৰ তাত দেখিছিলো—
|
| বপুৰা—
|
এঃ দেখিছিলেই যদি—এনেয়ে মিছা মাতিলো পিছে—
|
| সুন্দৰ—
|
(গোমোঠা হৈ বাধাদি) থ এতিয়া মোৰ কথা শুন। এতিয়াই যা। মোৰ হাইতাল বোলোৱা নৈফুৰা নাওখন-নাৱৰীয়া সতে সাজু কৰগৈ। মই আজি এতিয়াই কুঁৱৰীৰ সৈতে বালিভাত খাবলৈ যাম।
|