পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/১১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
কাৰেঙৰ লিগিৰী

ৰেৱতী—বোলো শেৱালি ভনীটিৰ গাত বৰকৈ বাজিলে নেকি?

(আনফালে মুখ ঘূৰাই ) বাজিবতো।

শেৱালি—(অভিমানেৰে) তোৰ নালাগিব পাৰে। মইতো তোৰ দৰে মানুহৰ মন ভুলাবলৈ গোন্ধতেল ঘঁহি নুফুৰো নহয়।

ৰেৱতী—উ—এতিয়া মোৰ গাতহে খোপটো লাগিলগৈ? মইয়ে চাওঁ নে আন কোনোবাই, বুজোতাই বুজি কৈ গ’ল নহয়। উলুৰ লগতে মই মাজতে বগৰী পুৰিলো।

[ শেৱালি কিছুপৰ মাতিব নোৱাৰা হৈ থাকে ]

(ওঁঠত এটা দুষ্টালিৰ হাঁহিৰে) ভনীটি, বোলোঁ মাত-বোল হৰিল দেখোন? কথা গৈ গাজত লাগিল গৈ হ’বলা।

শেৱালি—তোৰহে ভিতৰি ভিতৰি তেনে মন হব পায়। মোৰ কথা কোৱাৰ ছলেৰে নিজৰ মন উবুৰিয়াই দিছ।

ৰেৱতী—উ—আমি এতিয়া কুঁৱৰীজনী হবলৈহে আশাপালি আছো। (হাঁহি) এৰা এৰা এইবাৰ কুঁৱৰী হৈ বহি শেৱালি সতিনীক চুলিত ধৰি বনবাস দিম। মোৰ গোসাই ঐ-ডেকাবুঢ়াটোলৈ তোৰ মন খালে বুলি আটাইৰে মন খাবনে? আমি কোঁৱৰ দৰা বিচাৰি ফুৰা নাই নহয়।

কাঁহীত নাখাওঁ   বাটিত নাখাওঁ
নাখাওঁ সঁফুৰাত গুৱা
মনৰ জোখাই   নাপাওঁ মানে
দেহাকো নকৰোঁ চুৱা

শেৱালি—তই মুখ ৰাখি কথা কোৱা ভাল বুজিছ।

ৰেৱতী—অ’ তোৰ বুকুত হবলা বেজাৰে খুন্দামাৰি ধৰিলেগৈ। পিছে নেচেল, যিয়েই আলচাঁ মিছা। কুঁৱৰী হ’বলৈ নোপোৱা