পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
কাৰেঙৰ লিগিৰী


সুন্দৰ—আইতা, তুমি মোৰ মূৰটো ঘোলা নকৰা মানে নেৰা নেকি? দিন নাই ৰাতি নাই সেই একেটা কথা। তোমাৰ আৰু ভাবিবলৈ কৰিবলৈ একো নোহোৱা হল নেকি?

[ বৰ বিৰক্তিৰে ৰাজমাওৰ ওচৰৰপৰা আঁতৰি গৈ বৰপীৰাত বহি পুথিবোৰ লৰাই চৰাই খংমুৱা হৈ বহি থাকে।]

ৰাজমাও—[ খং উঠে যদিও নিজকে চম্ভালি কোমল মাতেৰে ]। তইনো কেনেকৈ জানিলি মই সেই একে কথাকে—

সুন্দৰ—জানিবলৈ আৰু ভাবিব লাগিছেনে? সেই একেটি কথাৰ বাহিৰে তোমাৰ আৰু কি কথা থাকিব পাৰে? তোমাৰ আজি এই কেবছৰে চিন্তা সেইটিয়েই। কামৰ ভিতৰত মোক সেই একেটি কথাকে দিনটোত দহবাৰ শুনাই চৌধবাৰ আমনি কৰিবা।

ৰাজমাও—আজি বা আন কথাকে—

সুন্দৰ—আজি তেন্তে ভূতৰ ওপৰতে দানহ। (ৰাজমাওলৈ চাই) কিনো আকৌ ন বতৰা?

ৰাজমাও—স্বৰ্গদেৱ ঈশ্বৰ বুঢ়া হৈছে। ৰাজ্যভাৰ তোমাক দি ধৰ্ম্ম কাৰ্য্য সাধিবৰ মন।

সুন্দৰ—পিতৃৰ বোজা পুত্ৰই বব। তাতনো সুধিবৰ কি আছে?

[ ৰাজমাও কিছুপৰ মনে মনে থাকি যাব খোজে--পিছে কওঁ নকও কৈ ]

ৰাজমাও—পিছে ৰজা হৈ বহিবলৈ গলে—

সুন্দৰ—বিবাহ কৰিব লাগিব তাকে কোৱা, তাকে কোৱা।

 [ডাঙৰকৈ হাঁহে। ৰাজমাও অপ্ৰস্তুত হয়। সুদৰ্শন আৰু অনঙ্গৰাম সোমাই আহে। দুয়ো সুন্দৰৰ বয়সীয়া। সুদৰ্শন গৌৰ বৰণৰ মুখ ঘূৰণীয়া। অনঙ্গৰাম শাও বৰণীয়া আৰু দীঘলীয়া মুখৰ আৰু কুন্দত কটা গঢ়ৰ। অনঙ্গই এবাৰ সুন্দৰৰ ফালে আৰু এবাৰ ৰাজমাওৰ ফালে তীব্ৰ ভাবে চাই, তেওঁলোকৰ ভিতৰত হোৱা কথাৰ আভাস পাবলৈ যেন চেষ্টা কৰে।]