নবসংস্কাৰেৰে অনুপ্ৰাণিত হৈ আজি এই বনৰীয়া জীৱনত ধুম- কেতুৰ দৰে পৰি কিহৰ উপদ্ৰৱৰ সৃষ্টি কৰিবলৈ আহিছা? ইয়াত তো সত্য নাই, শাস্ত্ৰৰ বিধান নাই, ৰীতি নাই, নীতি নাই। ইয়াত কি ভাঙিবলৈ আহিলা? এই নিৰীহ অজলা প্ৰাণীবোৰৰ অস্থিপঞ্জৰ? এই প্ৰকৃতিৰ কোলাত বিমল মুখত উমলি থকা প্ৰাণীবোৰৰ শান্তি!
সুন্দৰ—ক্ষমা কৰিবা বন্ধু! শান্তি ভাঙিবলৈ অহা নাই শান্তি বিচাৰি আহিছো।
অনঙ্গ—কিন্তু শান্তি নেভাঙিলে যে তুমি শান্তি নোপোৱা। বাৰু কেলৈ আহিলা, শেৱালিৰ নিৰ্ব্বাসন ৰহিত কৰিবলৈ, হয়নে?
সুন্দৰ—অকল নিৰ্ব্বাসন ৰহিত কৰিবলৈ অহা নাই।
অনঙ্গ—তেন্তে।
সুন্দৰ—মোৰ কুঁৱৰী কৰিবলৈ।
অনঙ্গ—( ডাঙৰকৈ হাঁহিবলৈ ধৰে গোটেই পৰ্ব্বত জনজনাই যায়। ) হাঃ হাঃ হাঃ হাঃ হাঃ হাঃ তেন্তে লৈ যোৱা লৈ যোৱা শেৱালিক লৈ যোৱা। হাঃ হাঃ হাঃ আহা আহা আজি মোৰ অতিথি হোৱাহি। কাইলৈ শেৱালিক লৈ যাবা। আহা আহা।
সুন্দৰ—ইমান হাঁহি কিয় বন্ধু।
অনঙ্গ—বহুত দিন হাঁহিব পৰা নাই। আজি প্ৰাণ খুলি হাঁহিবলৈ অৱকাশ পাইছো। আহা আহা আহা বন্ধু আজি নিৰ্ব্বাসনৰ আলহী হোৱাহি!
[ সুন্দৰক বাহুত ধৰি লৈ যায় আৰু আন আন চাওডাঙ আটাই- বোৰ তাৰপৰা ওলাই যায়গৈ। (ৰুণুক, জুনুক, ঠুনুকে বেঢ়ি লৈ শেৱালিক সাৱটি ধৰি এখোজ দোখোজকৈ আঁতৰি থকা ঠাইৰপৰা আহে। ]