সমললৈ যাওক

পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫0
কাৰেঙৰ লিগিৰী

ৰেৱতী—আইদেউতা, মই কোঁৱৰে বিয়া কৰাওঁ নকৰাওঁকৈ থকাতেই কৈছিলো নহয়—বোলো, শাস্ত্ৰ ভাগৱত পঢ়াৰ বাবে নহয় কথা ক’ৰবাতহে।

ৰাজমাও—এৰা, এৰা, মই—হে হৰি ( দীঘল হুমুনিয়াহ পেলাই )

( সুন্দৰ আৰু সুদৰ্শন সোমাই আহে )

ৰাজমাও—( সুন্দৰক দেখিয়েই খঙত বেজাৰত জৰ্জৰিত হোৱা হেন হয় আৰু থোকাথুকিকৈ ) তই—তই—কি—কি হ’ব খুজিছ? বলিয়া হলিনে পগলা হলিগৈ? কি হলি এই আজি তিনি দিন জ্বৰীয়া গাৰে কলৈ ওলাই গৈছিলি—তই—তই— সুন্দৰ—আইদেউতা—তুমি কি বকিছা?

ৰাজমাও—বকিছো! মই বকিছো? মই বলিয়া হৈছো। তই মোক খালি। তই মোক বলিয়া কৰিলি। ক’ত দেখিছা, ক’ত শুনিছা —লিগিৰি এজনীৰ সতে বলিয়া হৈ—

সুন্দৰ—তুমি এইবোৰ কি কৈছা?

ৰাজমাও—সঁচা কৈছো। গোটেই ৰাইজৰ মানুহে কি কৈছে-কাৰেঙৰ কোঠাই কোঠাই কিহৰ মেল? উস্? আগতে এনে ফেটী সাপ পুহিছিলো বুলি জনা হ’লে—হে ঈশ্বৰ

সুন্দৰ—( হাঁহি সেইবোৰ কথা উৰাই দিব খুজি ) সেইবোৰ কথাত তুমি বিশ্বাস নকৰিবা আই। ৰজাৰ কোঁৱৰে লিগিৰীক তিমান ওখ শাৰীলৈ নোতোলে।

ৰাজমাও—হাঁহিছ নিলাজ তই। তোৰ মান-অপমানৰ জ্ঞান নাই। তই সেইবোৰৰ বহু তললৈ গলি। ইমান দিন মোক ভুৱা দিলি—ভুৱা দিলি—