কাঞ্চনমতী— আপোনাৰ পাটীৰ তিৰোতা নোহোৱাকৈ জানো আপোনাক মই ভাল পাব নোৱাৰো?
[অনঙ্গই কাঞ্চনৰফালে থৰ লাগি চাই হতাশৰ হুমুনিয়াহ পেলায়। কাঞ্চনৰ আওপকীয়া কথাৰ গঢ়ত বিৰক্ত হৈ পাছলৈ খোজ দি গৈ দুৱাৰমুখত ৰয়গৈ।]
অনঙ্গ— (ভাবত গদ্ গদ্ হৈ) কাঞ্চন—সমাজৰ নিয়ম তেন্তে কেতিয়াও লঙ্ঘন নকৰিবা।
[এই বুলি অনঙ্গ সাউৎকৰে দুৱাৰ মেলি বিজুলী যোৱাদি গুচি যায়। কাঞ্চন বহাৰপৰা উঠি দুৱাৰত ৰৈ, দুৱাৰ অলপ মেলি বহুপৰ বাহিৰলৈ চাই থাকে। তাৰ পাছত দুৱাৰ জপাই মুখত হাত দি হুক্ হুক্ কৰে কান্দিবলৈ ধৰে। বুকুত হাত দি কান্দি কান্দি মাটিত লেপেটা কাঢি বহে আৰু কান্দি কান্দি মাটিত উবুৰি খাই পৰে]
ৰাজ আলিবাট। দুপৰীয়া। টোমে টোমে গাখীৰ ,গুৰ , কোমল চাউল লৈ যোৰে যোৰে মানুহ যাব লাগিছে। কল, কুঁহিয়াৰ আৰু নানা বয়-বস্তু, হোৰা হোৰে কঢ়িয়াই নি থকা দেখা গৈছে। জাকে জাকে পাইকবোৰে কলগছ, বাহ ইত্যাদি নানা বস্তু লৈ আহিছে , গৈছে। তাৰ মাজে মাজে বৰা হাজৰিকা, বিষয়া এজন দুজন আহিছে গৈছে। এখন দোলাত এজন ডাঙৰীয়া আৰোৱানৰ আঁৰ হৈ সেই বাটেদি যায়।
[কাৰেঙৰ সুন্দৰৰ কোঠা (প্ৰথম দৰ্শনৰ) ৰাতি। সুন্দৰ চালপীৰাত বহি আছে। ৰাজমাৱে ওচৰতে চকুপানী মচি বহি আছে। ]
সুন্দৰ— আইতা, তুমি এনে অবুজ হ’লে কেনেকৈ হ’ব? সামান্য কথাৰ হকে তুমি এইদৰে নাখাই-নবই থাকিব লাগিছে কিয়?