পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/৩০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২৬
কাৰেঙৰ লিগিৰী

অনঙ্গ— তেন্তে তোমাৰ মত নোহোৱাকৈ বলেৰে তেওঁ ক’বলৈ গৈছেনেকি? তেন্তে?

সুন্দৰ— একো নাই—সন্তুষ্টি সকলোৰে সন্তুষ্টি হওক, কেৱল মোৰ হৃদয়ত ঠাই দিব নোৱাৰা এটা বস্তু লৈ গোটেই জীৱন জ্বলি পুৰি মৰো।

অনঙ্গ— নহয় নহয়—সুদৰ্শনে এইটো মহা ভুল কৰিছে। সঁচাকৈয়ে যদি তোমাৰ মত নাই তেন্তে কিয়? কিয়? ৰবা বাৰু মই যাওঁ। ( বুলি—অনঙ্গ বেগেৰে যাব খোজোতেই বাওঁফালৰ দুৱাৰেদি সুন্দৰে যাবলৈ হাক দি ৰখাই )

সুন্দৰ— বান্ধ, হ’ব মোৰ বিয়া হ’ব। বন্ধু, জন্ম, মৃত্যু আৰু বিবাহ বোলে অনিবাৰ্য্য—সি বোলে হ’বই। বন্ধু, হ’বলগীয়া তেন্তে হৈ যাওক—সংসাৰ তাৰ আপোন ইচ্ছা বুলি যাওঁক। সংসাৰৰ ৰীতি, সমাজৰ নিয়ম বোপা-ককাৰ সহজ, গুৰুজনৰ আজ্ঞা , আইৰ হেঁপাহ, প্ৰজাৰ আগ্ৰহ সকলো ৰওক—মাথো মই সকলোৰে গচকত মষিমূৰ হৈ যাওঁ। প্ৰাণৰ অগনিত মনৰ শান্তি , জীৱন ভস্ম হৈ ছাই হৈ-ধূলি হৈ উৰি যাওক—কেৱল আগ্ৰহ থাওক—হেঁপাহ থাওক, সমাজৰ নীতি , সমাজৰ ৰীতি থাওক আৰু মোৰ বাহিৰে গোটেই সংসাৰ সন্তুষ্টি হওক।