পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/৫৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৫২
কাৰেঙৰ লিগিৰী

সুন্দৰ—ভুৱা একো দিয়া নাই। তোমাৰ মগজুত বহু আবৰ্জনাই ঠাই পাইছে তাক উলিয়াবৰ ব্যৱস্থা কৰাগৈ যোৱা।

ৰাজমাও—( খঙত টিকিছি-বিকিছি হৈ ) আৱৰ্জনা মোৰ মূৰত নে তোৰ মূৰত। তই যিবোৰ কাম কৰিলি—

( সুন্দৰে বাধা দি )

সুন্দৰ—সেইবোৰ কথা তুমি নুবুজা। সমাজে বেয়া বুলিছে দেখি তোমাৰ মূৰ ঘূৰাইছে। যোৱা, মোক আমনি নকৰিবা। মই এনে অশান্তিত থাকিব নোৱাৰো—মই কাৰেঙ এৰি ক’ৰবালৈ গুচি যাম।

 [ ৰাজমাও খঙত কঁপি-কঁপি কিবা ক’ব খোজোতেই বাহিৰত কোনোবা তিৰোতাৰ হৃদয়বিদাৰক কান্দোন শুনা যায় আৰু “ৰাজমাও দেউতা, কোঁৱৰ, মোৰ জীয়াৰীৰ কি হ’ল অ’ কোঁৱৰ” বুলি কন্দা সুৰে মতা শুনা যায়। ]

ৰাজমাও—এস্! এস্ সেইজনী বুঢ়ী গোহাঁয়নী বলিয়া বতিয়া হৈ ওলাইছেহি। হে প্ৰভু! কি কৰিলা-কি মেলিলা!

 [ ৰাজমাও ওলাই যাব খোজোতেই কান্দি বাউলি হৈ কল্যান কুঁৱৰীৰ মাক বুঢ়ী গোহাঁয়নী তালৈ হিয়ালি-জিয়ালিকৈ সোমাই আহে। সুন্দৰলৈ চাই “অ’ মোৰ জীয়াৰীক ক’ত মাৰিলাগৈ” বুলি কান্দি মাটিত ধাঁচকৈ লুটি খায় পৰেহি। আটাইবোৰ ব্যতিব্যস্ত হৈ পৰে। ৰাজমাৱে লৰালৰিকৈ ওচৰলৈ গৈ মূৰটো দাঙি ধৰে। ৰেৱতী, সেউজী আটাইবোৰ লিগিৰী তাত ওলায়হি। কোনোৱে বিচে, কোনোৱে পানী আনে। সুন্দৰে সেই ফালেই তললৈ মূৰকৈ থিয় হৈ থাকে। বুঢ়ী গোহাঁয়নীয়ে উঠি বহি আকৌ হুৰাও-ৰাওকৈ কান্দিবলৈ ধৰে। সুন্দৰৰ ফালে চাই চাই—“অ’ মোৰ জীয়াৰীক কি কৰিলা—ক’ত মাৰিলাগৈ—অ’ মোৰ কাঞ্চন তোক ক’ত হেৰুৱালো মই”—কান্দি কান্দি ঢাল খাই পৰি যায়—ৰাজমাও লিগিৰিহঁতে দাঙি লাহে লাহে খোজ কঢ়াই লৈ যায়। অলপ পৰ পাছত বাহিৰত কন্দাৰ শব্দ শুনা যায়—তাৰ পাছত সকলো নিতাল হয়। সুন্দৰে আহি পালেঙত বহে, আৰু মূৰে-কপালে হাত দি কিবা ভাবিবলৈ ধৰে। তাৰ পাছত সুন্দৰে ঘোৰ অশান্তি পাই, ছাটি-ফুটি কৰি পালেঙৰ পৰা উঠি ইফালে-সিফাল কৰি