পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/৪৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৪২
কাৰেঙৰ লিগিৰী

সুন্দৰ— (অবিশ্বাসৰ হাঁহি মাৰি) ভুল, বন্ধু তোমাৰ ভুল।

অনঙ্গ— কেনেকৈ?

সুন্দৰ— সি কেতিয়াও হব নোৱাৰে। কাঞ্চনমতীয়ে তোমাক কেতিয়াও পাহৰিব নোৱাৰে—আৰু ময়ো পাহৰিব নোৱাৰো যে কাঞ্চনমতীয়ে তোমাক ভালপায়। তাৰ উপৰি যেতিয়া নাঙঠা সত্য আমাৰ আগত ওলালহি তাক আৰু ঢাকি ৰাখি, সি নাই বুলি নজনা ভাও জুৰি চলিব নোৱাৰো।

অনঙ্গ— নচলি কি কৰিবা এতিয়া তোমালোক বিবাহিত—তোমালোকে যেনে তেনে সেইদৰে থাকিবই লাগিব।

সুন্দৰ— নহয়, তাক মই কৰিব নোৱাৰো—নজনাকৈ—ভুল অনঙ্গ—বুজিছো। পিছে তোমাৰ ইচ্ছা কি—বা কি প্ৰকাৰে তুমি ভুল সংশোধন কৰিব খুজিছা-আৰু খুজিলেও পাৰিবানো কেনেকৈ?

সুন্দৰ— তোমাৰ কাঞ্চন কুঁৱৰীক মই তোমাক গতাই দিব খোজো—আমাৰ বিবাহ সম্বন্ধ চিঙিব খোজো।

[কাঞ্চনে চকুকেটা ডাঙৰকৈ মেলি সুন্দৰৰ ফালে চায়। অনঙ্গ কিছুপৰ মাতিব বুলিব নোৱাৰি হৈ থাকি]

অনঙ্গ— অসম্ভৱ কথা নক’বা।

সুন্দৰ— নহয়, একো অসম্ভৱ নহয়।

অনঙ্গ— এনেকুৱা এটা নোহোৱা-নোপোজা ঘটনা হলে সমাজত আমি থাকিম কেনেকৈ?

সুন্দৰ— আগেয়ে যেনেকৈ আছিল। নাইবা সমাজ নোহোৱাকৈ থাকিবা।

অনঙ্গ— সুন্দৰ! সমাজ তোমাক নালাগিব পাৰে, কিন্তু মোক লাগে। পুৱাৰে পৰা গধূলিলৈকে, জন্মৰপৰা মৃত্যুলৈকে আমাৰ সমাজৰ