পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


কাৰেঙৰ লিগিৰী
প্ৰথম অঙ্ক
প্ৰথম দৰ্শন

 [কাৰেঙ—সুন্দৰ কোঁৱৰৰ শোৱনি কোঠা। কোঠাৰ সোঁ মাজতে পাছৰ বেৰৰ দাঁতিলৈ পথালিকৈ এখন সিংহৰ মূৰ আৰু আগ ভৰিৰ ওপৰত থিয় হোৱা ঠগৰ খুৰা লগোৱা সোণখটোৱা চালপীৰা। পাছ ফালৰ বেৰত তিনিখন ডাঙৰ ডাঙৰ ৰূপৰ দাপোণ। পালেঙৰ ওপৰত বৰ ডাঙৰ সোণৰ বৰজাপি এটা তৰি থোৱা আছিল। কোঠাটোৰ বাওঁ- ফালে তিনিগছি শলিতাৰ বন্তি এটা ওপৰৰপৰা ওলমাই থোৱা আছিল। চালপীৰাৰ আগত সোঁফালে অলপ আঁতৰত এখন বৰপীৰা। তাৰ শকত শকত খুৰাবোৰত সোণ-ৰূপৰ ফুলকটা আৰু ওপৰত এখন ডাঠ দলিচা পৰা। তাত এদম হাতেলিখা পুথি। চালপীৰাৰ বাওঁফালে হাতেৰে ঢুকি পোৱাত চালপীৰাৰ সমান ওখ এখন বৰ বহল সোণৰ শৰাই। তাতো বহু পুথি। কোঠাটোৰ সোঁ আৰু বাওঁফালৰ বেৰত দুখন দুৱাৰ। দুৱাৰৰ ওপৰভাগ কলডিলৰ গঢ়ৰ, ৰূপৰ আৰু ফুল কটা, কোঠাৰ ভিতৰলৈ মেল খায়। এতিয়া দুয়োখন জপোৱা আছে। আঁৰ কাপোৰ তুলিলত সুন্দৰ কোঁৱৰক চালপীৰাৰপৰা ভৰি ওলোমাই গাৰুত আঁউজি কপালৰ গাঁঠি থোপাকৈ ওলমি থকা চাকিটোৰ ফালে থিৰ চকুৰে চাই, গালত হাত দি, কিলাকুটিৰে গাৰুত ভৰ দি বৰ চিন্তাকৈ থকা দেখা গ'ল। সুন্দৰ যদিও বয়সত ২৮ বছৰীয়া, কিন্তু মুখৰ ভাব কিছু বয়সীয়াৰ দৰে। দীঘলীয়া মুখেৰে দেখিবলৈ ধুনীয়া। গাৰ বৰণ গৌৰ। নিপোটল যদিও শকত নহয। সুন্দৰে সেইদৰে অলপ সময় থাকি ওচৰতে থকা শৰাইৰপৰা পুথিৰ পাত এটা আনি চকু ফুৰাবলৈ ধৰোতেই সোঁফালৰ দুৱাৰত কোনোবাই খুন্দিয়ায়। সুন্দৰে সাৰ নিদিয়ে। আকৌ খুন্দিয়াই আৰু মাতে “সুন্দৰ অ' সুন্দৰ, দুৱাৰ মেলচোন।" সুন্দৰ, দুৱাৰ মেচোন” এইবাৰ সুন্দৰে অলপ চক খায় আৰু দুৱাৰৰ ফালে চকু ঘূৰায়। খুন্দিওৱা বাঢ়ে আৰু আগতকৈ ডাঙৰকৈ “দুৱাৰ মেলচোন" কৰে। সুন্দৰে বৰ বিৰক্তিৰে উঠি গৈ দুৱাৰৰ ডাঙ খুলি দি তিনি খোজ পাছলৈ আহি, তীব্ৰভাৱে দুৱাৰৰ ফালে চাই থাকে। দুৱাৰ মুকলি হয়। ৰাজমাও সোমাই আহে। বয়স প্ৰায় ৫০ অৰ ওপৰ। চুলি আধাপকা। বাৰ্ধক্যৰ ছাঁ পৰিছে যদিও খোজে-কাটলে আদবয়সীয়াৰ দৰেহে। ৰাজমাৱে কিবা এটা কব খোজোতেই সুন্দৰে কয়।]