পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/২৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২২
কাৰেঙৰ লিগিৰী

ৰাজমাও— মৰিম, মৰিম মই নাখাই-নবই মৰিম! মোৰ পেটৰ পোৱালি হৈ তই মোক এনে লাজত পেলাব খুজিছ। আজি বাদে কাইলৈ জোৰণ পিন্ধাব লাগিব—তই এতিয়াও বিনা কাৰণত—

সুন্দৰ— কাৰণৰ কথা নক’বা। কাৰণৰ কথা তুমি কেতিয়াবা বুজিবলৈ চেষ্টা কৰিছানে?

ৰাজমাও— কি কাৰণটোনো আছে। কিছুমান অজাতৰীয়া শাস্ত্ৰ গোটাই লৈ বিৰাগী হ’ব খুজিছ।

সুন্দৰ— আইতা—

ৰাজমাও— বুজিছ সুন্দৰ, দহ মাহ গৰ্ভধৰা জননীৰ আশাত এনেকৈ কুঠাৰ মৰা ভাল নহয়। তই বংশটোৰ নাম নুমাব খুজিছ। তই মোৰ একেটা ল’ৰা। তই বিয়া নকৰালে বংশটো কেনেকৈ ৰক্ষা পৰিব? মাকক এনেকৈ কষ্ট দিয়া মহাপাপ। মোক তই মানুহৰ আগত মুখ উলিয়াব নোৱৰা কৰিব খুজিছনে? বিয়াৰ সকলো দিহা-পোহা হ’ল। বস্তু-বেহানি গোটাই-পিটাই বিয়াৰ দিন-বাৰ ঠিক-ঠিকনা কৰি ৰাইজ মতা হ'ল। এতিয়া সেইবোৰ ভেকোভাওনাহে হ’ব আৰু।

সুন্দৰ— মোৰ মত নোহোৱাকৈ তুমি—

ৰাজমাও— তোৰ মতটো কেলেই? মাইকী-বাপেকিয়ে নিজৰ কৰ্ত্তব্য কৰিবই। তোক আমিতো গড়খাৱৈত পেলাবলৈ পাঙপতা নাই নহয়। যিটো দেশ-দস্তুৰ, ভগৱন্তই বান্ধি দিয়া বিধান, তাক আমি পালিবলৈ আগবাঢ়িছোঁ মাথোন। ক’ত দেখিছা, ক’ত শুনিছা মাক-বাপেকিয়ে বিয়া দিব খোজাত লৰাই এনেদৰে বিধি-পথালি দিছে বুলি।