সমললৈ যাওক

পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
কাৰেঙৰ লিগিৰী

সোঁফালৰ দুৱাৰখন লাহেকৈ মুকলি কৰি আদ-বয়সীয়া তিৰোতা এজনী সোমাই আহে। তাই কোঠাটোৰ চাৰিওফালে চাই চোৰৰ দৰে আহি কাঞ্চনমতীৰ কিছু ওচৰ পায়হি। কাঞ্চনমতীয়ে মূৰ দাঙি চাই আকৌ মহুৱা ফুৰোৱাত মনযোগ দিয়ে। মানুহজনীয়ে আহি কুঁৱৰীৰ বাওফালে অলপ দূৰত মাটিত লেপেটা কাঢি বহেহি। কাঞ্চনমতীয়ে মূৰ দাঙি প্ৰশ্নসূচক দৃষ্টিৰে মানুহজনীৰ ফালে চায়। তাই কিবা এটা ক’ব খুজি কোঠাটোৰ চালে-বেৰে এবাৰ টকু ফুৰাই হোহোকা মাৰি কাঞ্চনৰ ওচৰ চাপি আহি সৰুকৈ।]

মানুহজনী— আইদেউ, অনঙ্গ বোপা দেউতাই আপোনাক এবাৰ নিৰলে লগ পাব খোজে।

কাঞ্চনমতী— (বৰ আচৰিত হৈ) কিয়? কিয়? ইমান নিশা?

মানুহজনী— জানো বোলে বৰ জৰুলি কথা আছে।

কাঞ্চনমতী— বাই—(বুলি অলপ পৰ তলকা মাৰি থাকে ) বাই, মই এনে নিশা লগ দিব নোৱাৰো বুলি কোৱাগৈ।

মানুহজনী— পাবই লাগে বুলি কৈছে আকৌ।

কাঞ্চনমতী— নহয় যোৱা (দীঘলকৈ হুমুনিয়াহ পেলাই) লগ পালেনো হ’ব কি? নহয় বাই , যোৱা কোৱাগৈ বোলে লগ নাপায়। ভাইগে সাজি দিয়া ঘৰটোৰ বৰ খুঁটা মানুহে লৰাবলৈ টান। সি কষ্ট বঢায়, খুঁটা উভাল নাখায়।

মানুহজনী—পিছে আইদেউ, তেখেতে মনত বৰ বেজাৰ পাব নহয়।

কাঞ্চনমতী— মুনিহ মানুহ বেজাৰ সহিব পাৰিব লাগে।

[ মানুহজনীয়ে কাঞ্চনমতীক অলৰ-অচৰ দেখি আৰু আমনি নকৰি যাবলৈ থিয় হয় ]

মানুহজনী— লগ তেনে দিব নোৱাৰিব আৰু?

 [কাঞ্চনে অসন্মতিসূচক মূৰ জোকাৰি মহুৰা ফুৰাবলৈ ধৰে। মহুৰাটোলৈ একেথৰে চাই, যন্ত্ৰই চোলৱাদি যঁতৰ চলায়। কাঞ্চনমতীয়ে তন্ময় হৈ মহুৰা ফুৰাই থাকোতেই অনঙ্গৰাম বৰ উদ্বিগ্ন হৈ নিঃশব্দে দুৱাৰখন লাহে লাহে মেলি হাতত সাৰে ভৰিত সাৰে সোমাই আহি থিয় হয়। তেওঁক উত্তেজিত দেখা গৈছিল।]