পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/২২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৮
কাৰেঙৰ লিগিৰী

অনঙ্গৰাম— [অন্তৰে অন্তৰে জ্বলি উঠে আৰু কিছু একো ক’ব নোৱাৰি ঘামি-যামি একাকাৰ হয় ] তুমি মিছলীয়া—মিছলীয়া।

কাঞ্চনমতী— মই একো মিছা কোৱা নাই-আগলৈকো নকওঁ।

অনঙ্গৰাম— নোকোৱা? নোকোৱা? মোক ভাল পাওঁ বুলি কোৱা নাছিলা?

কাঞ্চনমতী— (অতি ধীৰভাৱে) কৈছিলো আৰু সঁচা কথাই কৈছিলো।

অনঙ্গৰাম— যদি সঁচাই তেন্তে খন্তেকতে সি কেনেকৈ নাইকিয়া হ’ল।

কাঞ্চনমতী— (অলপো বিচলিত নহৈ) আছে।

অনঙ্গৰাম— (উত্তৰত আচৰিত হৈ) আছে?? আছে??? এতিয়াও! কোন মুখেৰে কৈছা। তোমাৰ কথাত এতিয়াও মোক পতিয়ন যাবলৈ তুমি আশা কৰানে? তিৰোতাই, সঁচাকৈয়ে মুনিহবোৰক ভুৱা দিব পাৰে বুলি বিশ্বাস কৰে হবলা।

কাঞ্চনমতী— নিদিয়ে আৰু নকৰেও।

অনঙ্গৰাম— (উত্তেজিত হৈ কেইখোজমান আগবাঢ়ি) নাই নাই আৰু নকবা। মই আৰু সৰু লৰাটিৰ দৰে তোমাৰ কথা কাণ পাতি শুনি বিভোল হোৱা দিন গ’ল। তোমাৰ চেনেহত মোৰ আশা নাই , কিন্তু শেষ কথা কেইটামান ক’বলৈ আহিলো মাথোন। বাৰু যদি তুমি মোক ভাল পোৱা তেন্তে মোক বিয়া নকৰোৱা কিয়?

কাঞ্চনমতী— আমাৰ দেশৰ ছোৱালীয়ে যাকে ইচ্ছা অৱশ্যে তাকে ভাল পাব পাৰে , কিন্তু যাকে ইচ্ছা তাকে বিয়া কৰাব নোৱাৰে। চৰুক সুধি চাউল নবহায়।

অনঙ্গৰাম— ইচ্ছা কৰিলেও নোৱাৰেনে?

কাঞ্চনমতী— বিয়াৰ বিষয়ে আমি ছোৱালীয়ে আই-বোপাইৰ ইচ্ছাৰ ভিতৰেদিহে ইচ্ছা কৰিব পাৰো। নিজৰ ইচ্ছাৰে বিয়া কৰিবলৈ