পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/১২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
কাৰেঙৰ লিগিৰী

পৰ্ব্বতত কাছকণী, সাগৰত জুই, তাক নিবিচাৰি থাকিবা শুই। কোঁৱৰে তোক অলপ মৰম কৰে দেখি হবলা বৰকৈ মুখ মেলিছ? অস্‌ অস্‌ আশাধাৰী জীৱ ঐ!

শেৱালি—অ’ সেইহে হবলা তোৰ চকু চৰহিছে!

ৰেৱতী—এৰা এৰা হয়তো। সেই ফেৰিৰ তুমিয়েই গৰাকী হোৱা। আমাৰ ভাত নোযোৱা হোৱা নাই। লাজো নালাগে কটা। ভালেটোহে ৰাজমাৱে গেজেৰ কৰে সেইষাৰ মাৰি গল।

শেৱালি—থাক থাক তেনে তয়ে ইয়াতে।

 [এই বুলি শেৱালিয়ে কন্দনামুৱা হৈ বাঁওফালেদি ওলাই যাবলৈ দুৱাৰমুখ পাওঁতেই ভিতৰৰপৰা বপুৰা আহি আগভেটি ধৰেহি। শেৱালিয়ে তাৰ পৰা আঁতৰলৈ আহি তললৈ চাই চকু মোহাৰে। বপুৰা আহি একো কথা-বতৰা নকৈ শেৱালিৰ ভৰিৰপৰা মূৰলৈকে চাই-তললৈ মূৰকৈ জুমি চকু পানী চায়। বপুৰা বয়সত যদিও মানুহটো বুঢ়া অঁহীয়া , তেনেই চুটি চাপৰ আৰু গাঠলু। মুখত বৰ ডাঢ়ি-গোফ গজা নাই। পাহ কটা চুলি। শাওবৰণীয়া। মুখখন দেখিলেই হাঁহি উঠা। নোম-টেঙৰ। আঠুমূৰীয়া চুৰিয়া আৰু কলা হাতখঁৰা গা চোলা পিন্ধা , কাণত কেৰু , ডিঙিত সৰু মাদলী। )

বপুৰা—বোলো মেঘৰ গাজনি নেমাৰোতেই দেখোন হোৰহোৰকৈ বৰষুণ?

শেৱালি— যা মোৰে সৈতে চুপতি নকৰিবি।

বপুৰা—( ধেমেলীয়া ভাবে আচৰিত হৈ ) ঔ আই টোঁৱাবকে নোৱাৰি দেখোন।

[ ৰেৱতীৰ ওচৰত গৈ ফুচফুচাই কিবা সোধে। ]

ৰেৱতী—(ভেকাহি মৰাৰ দৰে) কি ডালনো মই কবলৈ যাম। মোৰ কিহে পাইছে। যি কব লাগে সেয়ে কৈছে।

বপুৰা—কোনে কোনে? কি কলে?

ৰেৱতী—( আনফালে মুখ ঘূৰাই, পালেঙৰ কাপোৰ টনা-আজোৰা