পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
কাৰেঙৰ লিগিৰী


কৰিবলৈ কয়? (বৰ অধৈৰ্য হৈ) মোৰ বাপ! আজি তিনি বছৰে মাৰক তিল তিল কৈ পুৰিছ। আৰু নো কিমান দিন মোক এনে কষ্ট দিবি? তৰ্কেৰে ৰাজ্য নচলে, বুঢ়া বাপেৰ সন্তুষ্ট নহয়। জনম দিয়া মাৰৰ পেটৰ পোৰণি নুগুচে।

[ অনঙ্গ উঠি ৰাজমাওৰ ওচৰলৈ আহি। ]

অনঙ্গ—ৰাজমাও দেউতা, অধৈৰ্য্য হবৰ একো কাৰণ নেদেখো। অপেক্ষা কৰোক মাও। সুন্দৰৰ মতি-গতিৰো সালসলনি হবৰ সময় আছে। বিবাহৰ বয়সো উকলি যোৱা নাই। ইজনী কন্যাত অমত হবও পাৰে। আন কন্যা চাইচিতি সুন্দৰৰ মত সুধিলেও হব মাও। খৰ-খেদানো কিয়? শান্ত হওক।

সুন্দৰ—(ৰাজমাওক) তুমিও মোৰ যেনে মাও, মইয়ে তোমাৰ তেনে সন্তান। তুমিও নেৰা মইয়ো নেৰো। তুমি আৰু মোক আমনি নকৰিবা। মোক বিবাহৰ কাৰণে এনেকৈ আমনি কৰিলে এই কাৰেঙ ৰাজ্য এৰি দি গুচি যাম। বিয়া সুন্দৰে নকৰায়।

অনঙ্গ—বান্ধ তুমি দিনে দিনে লৰা হৈহে আহিছা—বলা ইয়াৰপৰা, আহ।

 [ এই বুলি বাহুত পৰি সুন্দৰক সোঁফালৰ দুৱাৰেদি লৈ যায়। সুদৰ্শনো পাছে পাছে যাবলৈ। ৰাজমাৱে তাত কিছুপৰ থিয় নি থাকি দীঘলকৈ হুমুনিয়াহ পেলায়। ঘূৰিপকি কোঠাটোৰ চাৰিও- ফালে চাবলৈ ধৰে। বৰশৰাইখনৰ ওচৰলৈ গৈ পুথি-পাঁজিবোৰ লুটিয়াই- পুটিয়াই চাই পুথিবোৰৰ ওপৰত বৰ বিৰক্তিৰ ভাব প্ৰকাশ কৰে।]

ৰাজমাও—এই পুথি-পাঁজিবোৰেই ইয়াৰ কোমল মতি অবাটে নিন। এইবোৰে ইয়াৰ মূৰটো ঘোলা কৰিলে।

[বাঁওফালে ছোৱালীৰ হাঁহি-খিকিন্দালি। ৰাজমাওে সেইফালে ঘূৰি খঙেৰে]