বপুৰা— হৰি হৰি—তেনে কথা কয়নে গছৰ মূঢ়া এটাৰ আগতো নকও নহয়। হৰি হৰি।
সুদৰ্শন— এৰা নক’বি।
[ ওলাই যায় গৈ ]
বপুৰা— (বহুপৰ গুণি-গাথি থাকি বেজাৰমুৱা হৈ লাহে লাহে যায় গৈ)
ইয়াকে বোলে—
ভেলেকা বহুৱা থাকিল চায়
থোলোকা বাপুৱে সুপুৰ সুপুৰ খায়।
[আগ নিশা। বুঢ়াগোহাঁইৰ টোল। বুঢ়াগোহাঁইৰ একেজনী জীয়েক কাঞ্চনমতী আইদেউৰ তাঁত-সূতা বোৱা পাছফালৰ ঘৰ এটাৰ এটা খোঁটালি। কোঠাটোৰ সোঁফালে এখন জাপ-দুৱাৰ। মাজৰ বেৰৰ সোঁ মাজেদি দীঘে-পথালিয়ে দুহাত জালিকটা। তাৰ ওপৰত হেঙুল-হাইতাল বোলোৱা দাঙি থোৱা জাপ। কোঠাটোৰ বাঁও চুকত বেৰৰ দাঁতিত দলিচা এখন পাৰি কাঞ্চনমতীয়ে যঁতৰ এটাত মহুৰা ফুৰাই আছে। বয়স ওঠৰ-ঊনৈশ। ভকভকীয়া বগা আৰু দেখিবলৈ অতিকৈ শুৱনি। গাত গোসাঁনীৰ গাম্ভীৰ্য। চকু পদুমৰ পাহি যেন। তেওঁৰ গাত পদ্মিনী তিৰোতাৰ সকলো লক্ষণ বৰ্তমান। তেওঁৰ ওচৰতে বেৰত কিছুমান মুগাসূতা আৰু কপাহৰ সূতাৰ উঘা আঁউজাই থোৱা আছে। চেৰেকী-লেটাই ইত্যাদি কিছুমানো তাত দেখা গৈছে। এটাৰ৭পৰ গছাত তিনি গছি শলিতা লগোৱা আছে। ওচৰতে হেঙুল-হাইতাল বোলোৱা ঠগিত এখন পুথি। আগত তামোল-পাণৰ বঁটা। খোঁটালিৰ ওপৰত এখন বগা তৰাফুলিয়া ৰঙা চান্দোৱা তৰা আছে। খোঁটালিৰ বেৰবোৰ পৰ্বতীয়া ঢেঁকীয়াৰ, পিতলৰ চকচকীয়া কামিৰে বন্ধা। বেৰৰ মুঠাবোৰ হাইতালেৰে বোলোৱা আৰু চিত্ৰ-বিচিত্ৰ কৰা। কাঞ্চনমতীয়ে তললৈ মূৰ কৰি একান্ত মনেৰে মহুৰা ফুৰাই আছে।