পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
কাৰেঙৰ লিগিৰী

আলোড়ন হ’বই আৰু মানুহে গুৰি বিচাৰি স্বাভাৱিকতে ফুৰিবই। দুদিনৰ পাছত আকৌ পাহৰি পেলাব—লেঠা ছিগিব।

সুন্দৰ— হুঁ (সুন্দৰে যদিও দেখাতে সেই বিষয়ে নমতা হয় তথাপি মনৰ ভিতৰত সেইবোৰ কথা যে পাগুলিবলৈ আৰম্ভ কৰিছে তাক মুখৰ ভাৱত বেছ বুজিব পৰা হয়)

সুদৰ্শন— বন্ধু, এতিয়া নিশাও হ’লহি—তুমি শুবলৈ দিহা কৰা। ময়ো যাওঁ। কাইলৈ পুৱা আকৌ বাৰু কথা পাতিমহি।

(এই বুলি সুদৰ্শন উঠে)

সুন্দৰ— নহয় বন্ধু , অলপ বহা, মোৰ মনটো কেনেবা কেনেবা লাগিছে। এটা গীত গোৱা, তাৰ পাছত যাবা।

সুদৰ্শন— হয়নেকি বাৰু তেন্তে। কোন আছে? সেউজি টোকাৰীখন লৈ আহছোন।
 [সেউজিয়ে অলপ পাছতে টোকাৰীখন দি আহে, সুদৰ্শনে লৈ গায়]

গীত

মোৰে জীৱনৰে সখা কৃষ্ণ তই
মোৰে জীৱনৰে সখা কৃষ্ণ।
মোৰে জীৱনৰে সখা কৃষ্ণ তই
 বজাৱ কিসুৰে বেণু।
কপালতে তোৰ কোনে আঁকি দিলে ইন্দ্ৰধনু?
পুৱতি নিয়ৰে, সানে চৰণতে
 শুকুলা মুকুতাৰ ৰেণু
অ’ তোৰ শ্যামল গাতে কোনে
 চন্দন পিন্ধালে
অ’ তোৰ ফুল কুমলীয়া তনু