পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৭
কাৰেঙৰ লিগিৰী

তাতে চাৰাপেন থাকিব। য’তে নাচো তাতে চাৰাপেনে দেখিব! হিঃহিঃহিঃ! বাৰু, মই ফুলবোৰক চুমা খালে চাৰাপেনৰ গালত সেই চুমা লাগিবনে?

অনঙ্গ—লাগিবতো।

নগালৰা—কেনে ভাল হল! বাৰু হালধীয়া চৰাইক মিঠাগুটি খুৱালে চাৰাপেনে সোৱাদ পাবনে?

অনঙ্গ—পাবতো, কেলেই নেপাব?

নগালৰা—হিঃহিঃহিঃ তেন্তে মই হালধীয়া চৰাইক মিঠা গুটি খুৱাওঁগৈ , ফুলক চুমা খাওঁগৈ। (জপিয়াই ওলাই যায় )

 [ অনঙ্গই দীঘলকৈ উশাহ লয়। অনঙ্গই বহুত পৰ বিভোল হৈ থাকি লাহে লাহে আহি এটা শিলৰ ওপৰত বহে। চাৰিওফালে চাবলৈ ধৰে। অনঙ্গ বৰ বিয়াকুল হৈ আহিবলৈ ধৰিলে। অনঙ্গৰ মুখত এটা দিব্য কোমলতা ফুটি উঠিল। চকুত এটা বৰ সহজ জ্ঞানী ভাব ওলাই পৰিল। অনঙ্গ তন্ময়। অনঙ্গই চাৰিওফালৰ দৃশ্যবোৰ বৰ মৰমেৰে চাবলৈ ধৰিলে, তেওঁ এনেকৈ চাবলৈ ধৰিলে যেনিবা আগত এখনি বৰ ডাঙৰ পুথি পৰি আছে আৰু তাৰ অৰ্থ বুজি বৰ আনন্দিত হৈছে। ]

অনঙ্গ—আইৰ দৰে শান্ত স্নিগ্ধ
হৈ তুমি প্ৰকৃতি সুন্দৰি
দিছা সুবিমল স্নেহ বাকি,
প্ৰিয়াৰ সৌন্দৰ্য্য লৈ পূৰ্ণ
যৌৱনৰ লাজুকী হাঁহিটি মাৰি।
প্ৰণয় বাতৰি ক’ব খোজাহে সুন্দৰি,
ওৰণিৰে মুখ ঢাকি
বিশ্বৰ কুৰূপ তুমি পুনু বাছি আনি
কিয় কোৱা হাঁহি?
ভ্ৰান্ত ধাৰণা তোৰ সকলো