পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৬
কাৰেঙৰ লিগিৰী

মাৰ গল। বন্ধু, বন্ধু, সুদৰ্শন! অনঙ্গ! শেৱালি কলৈ গল??

[আটাইবোৰ বিমৰ্ষ আৰু নিমাত]

বুজা নাছিলো বন্ধু—বুজা নাছিলো। বুজালি—শেৱালি মোক বুজালি। জীৱনৰে বুজালি, মৰণৰে বুজালি, মোৰ জীৱন যজ্ঞত তোৰ জীৱন আহুতি দিলি। তিৰুতাৰ অন্তৰৰ-গুপুত সৌন্দৰ্যৰ নিৰ্জন খনি পোহৰাই—জ্বলি থকা তিৰুতাৰ হীৰাতো শুভ্ৰ ভাল পোৱাৰ সম্ভেদ—মোক কৈ গলি। ত্যাগৰ মুকুটৰে উজলি শেৱালি গোসানী মোৰ জীৱন সুদাকৈ, কাৰ আহ্বানত, সৃষ্টিৰ ইন্দ্ৰজাল ভেদি— কোন ব্ৰহ্মাণ্ডলৈ উফৰি গলি? বিশ্ব জগতৰ সকলো তিৰোতাৰ গালতে কি গৌৰবৰ সেন্দুৰ সানি গলি! মোৰ কাৰণে অ’ মোৰ কাৰণে তই হাঁহি মুখে চাকনৈয়াক চুমা খালি! বন্ধু এৰি দিয়া মোক এৰি দিয়া। শেৱালিক মই বিচাৰি যাওঁ। পৰ্ব্বতৰ গায় গায়, নিজৰাৰ পাৰে পাৰে—বিচাৰি যাওঁ—শেৱালিক মই বিচাৰি যাওঁ।

[ উঠিব থোজে কিন্তু সুদৰ্শনে আৰু অনঙ্গই ধৰি ৰাখে ]

( বৰ উত্তেজিত হৈ ) কি চাই আছা? কি চাই আছা? বন্ধু কি চাই আছা?? শেৱালিক আনি নিদিয়া কিয়? শেৱালিক বিচাৰি নোযোৱা কিয়? পৰ্ব্বতৰ নিজৰাৰ পানী সিচি, নিজৰা শুকুৱাই শেৱালিক চাকনৈয়াৰ বুকু ফালি মোক আনি নিদিয়া কিয়? ( সংযম হেৰুৱাই ) আনি দিয়া, আনি দিয়া, আনি দিয়া শেৱালিক মোক আনি দিয়া নিদিয়া কিয়?? [ লাহে লাহে মূৰ্চ্ছা যোৱাৰ দৰে হৈ আহে ] উটি গল। উটি গল!! শেৱালি মোৰ উটি গল!! কোন